Showing posts with label Assamese Reviews. Show all posts
Showing posts with label Assamese Reviews. Show all posts

Obsession, আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াঃ : Bikash Dutta

 Obsession, আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াঃ

"an idea or thought that continually preoccupies or intrudes on a person's mind." গুগল কৰোঁতে Obsession শব্দটোৰ অৰ্থটো এইধৰণে দেখিলোঁ‌। হয়তো বহুবাৰ এই শব্দটো বাস্তৱ জীৱনত নিজেও ব্যৱহাৰ কৰিছো। আচলতে কোনোধৰণৰ বস্তুৰ প্ৰতি থকা এক আসক্তি, বা এক অৰ্থত অতিমাত্ৰা আসক্তি বা নিচাকেই Obsession বুলি ক'ব পাৰি। Obsession য়ে এজন মানুহৰ মানসিক স্বাস্থ্যৰ লগতে শাৰীৰিক স্বাস্থ্যটো প্ৰভাৱ পেলাই।
Psychological Thriller বিষয়ক চিনেমা সময়ে সময়ে বহুতে নিৰ্মাণ কৰিছে। কিছুসংখ্যক পৰিচালকে এই বিষয়বস্তুটোৰ ওপৰত নিৰ্মাণ কৰা ছবিসমূহক চিত্ৰানাট্যৰ জৰিয়তে এখন ভৌতিক চলচ্চিত্ৰলৈও ৰূপান্তৰিত কৰিছে। যদি বলিউদত চাওঁ‌ তেন্তে প্ৰথমেই মোৰ ২০১২ চনৰ ৰিমা কাগতীৰ পৰিচালনা আৰু আমিৰ খান, ৰাণী মুখাৰ্জী, কৰিণা কাপুৰ অভিনীত Talaash ছবিখনৰ কথা মনলৈ আহে। এটা সাধাৰণ হত্যাৰ উৎস বিচাৰি নিজকে গভীৰৰ পৰা গভীৰলৈ লৈ যায় এগৰাকী আৰক্ষী বিষয়াই, আৰু তাৰ পিছত নিজৰ মৃত সন্তানৰ স্মৃতিৰে জৰ্জৰিত হৈ এগৰাকী বেশ্যাৰ লগত চিনাকী হয়। লাহে লাহে সেই বেশ্যাৰ সৈতে তেওঁৰ এক আৱেগিক সম্পৰ্ক গঢ়ি উঠে আৰু শেষত দৰ্শকে আৱিষ্কাৰ কৰে যে সেই বেশ্যাজনী প্ৰকৃততে এটা অশৰীৰী আত্মাহে! এতিয়া Talaash ৰ কাহিনী চিত্ৰনাট্যত অকণমান আসোঁৱাহ নথকা নহয় কিন্তু পৰিচালক ৰিমা কাগতীয়ে ছবিখনত এটা পৰিৱেশ গঢ় দিছে যিয়ে সেই Mystery Thriller ৰ Genre টোক ধুনীয়াকৈ Justify কৰে। তেতিয়া দৰ্শক হিচাপে আমি কওঁ, "অ' এনেধৰণৰ লোক কথাসমূহ আমাৰ গাঁ‌ৱে ভূঞে আকি শুনিব পায়েই থাকো।" আৰু সেই সময়ত আমি কওঁ‌, "অ' ছবিখন ভাল হৈছে।" এইক্ষেত্ৰত মই Talaash ৰ কথা কোৱাৰ এটা কাৰণ হ'ল ছবিখন এখন Mainstream Movie, আৰু ক'বলৈ গ'লে ছবিখন চাব পাৰি বিনাদ্বিধাই।
আচলতে যিবোৰ ছবিৰ কাহিনীক আমি নিজৰ জীৱনৰ সৈতে মিলাই চাব পাৰোঁ‌, Relate কৰিব পাৰো, সেই ছবিবোৰেই আমাৰ প্ৰিয়। একেদৰে ছবিজগতত এনেকুৱা বহুকেইজন বিখ্যাত ছবি নিৰ্মাতা আছে যিসকলে দৰ্শকক সেই অনন্য সোৱাদ দিব পাৰে যাৰ বাবে দৰ্শকে তেওঁলোকৰ ছবিসমূহ নোচোৱাকৈ নাথাকে। এইক্ষেত্ৰত প্ৰথমতেই নাম ক'ব লাগিব ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰ আৰু জাহ্নু বৰুৱা ছাৰৰ। বহুকেইখন কালজয়ী ছবি তেখেতে নিৰ্মাণ কৰিছে যদিও শইকীয়া ছাৰৰ ছবিসমূহৰ ভিতৰত মোৰ অন্যতম প্ৰিয় ছবি হ'ল "অনিৰ্বাণ"। এগৰাকী ষোড়শী যুৱতীয়ে অসমীয়া সমাজ ব্যৱস্থাত কিদৰে নিজৰ দেহৰ বৰণ, সৌন্দৰ্য আদিৰ বাবে নিজৰ বান্ধৱীৰ বিপক্ষে এক জেদী মনোভাৱ গঢ়ি তোলে, কিদৰে প্ৰেমৰ প্ৰতি আসক্ত হয় ইত্যাদিক ৮০ ৰ দশকতেই ৰূপালী পৰ্দাত দাঙি ধৰিছিল শইকীয়া ছাৰে, আৰু এইখিনিক আমি নিজৰ সৈতে ৰিজাই চালে বহুতো সাদৃশ্য দেখিবলৈ পাওঁ‌। একেদৰে শইকীয়া ছাৰে "আৱৰ্তন"ত ভ্ৰাম্যমাণ থিয়েটাৰৰ ভিতৰচ'ৰাক দেখুৱাইছে। আকৌ জাহ্নু বৰুৱা ছাৰৰ "হালধীয়া চৰাইয়ে বাওধান খাই", "ফিৰিঙতি", "কণিকাৰ ৰামধেনু", "সাগৰলৈ বহুদূৰ" আদি, এই আটাইবোৰ বাস্তৱধৰ্মী ছবি যাৰ দ্বাৰা আমি আমাৰ চাৰিওফালৰ পৰিৱেশৰ সৈতে সাদৃশ্য প্ৰত্যক্ষ কৰোঁ‌। সেইবাবে এই ছবিসমূহ আমাৰ মনৰ পৰা কেতিয়াও আঁ‌তৰি নাযায়।
যোৱাতো দশকত অসমীয়া ছবিজগতত আমি এক নতুন ধৰণৰ ট্ৰেণ্ড দেখিব পাইছো। অৱশ্যে এক মিশ্ৰিত অনুভৱ বুলিও ক'ব পাৰি। বিগ বাজেটৰ ছবিৰ লগতে কাৰিকৰী ক্ষেত্ৰতো ছবি জগতৰ উত্তৰণ আমি দেখিবলৈ পাইছো। Freelencer দিশত কাম কৰি থকা বহুতো প্ৰতিভাশালী কলা-কুশলীসকল (গায়ক, অভিনেতা, অভিনেত্ৰী, পৰিচালক, চিত্ৰনাট্যকাৰ, গল্পকাৰ, গীতিকাৰ সকল) য়ে বিভিন্ন দিশত নিজৰ নিজৰ প্ৰতিভাসমূহ দাঙি ধৰিছে। কিন্তু ইয়াৰ ভিতৰত যিয়ে মোক বাৰুকৈয়ে প্ৰভাৱিত কৰিলে সেইজন হ'ল ভাস্কৰ হাজৰিকা দা।
২০১৪ ৰ "কথানদী" প্ৰথমবাৰ চাওঁ‌তে মোৰ বিশেষ এক ভাৱ অহা নাছিল। অ', ছবিখন ভাল লাগিল আৰু চিত্ৰগ্ৰহণ, সম্পাদনা ভাল বুলিয়েই ভাৱি ভাল লগা বুলি কৈ থ'লো। আচলতে ৰসৰাজৰ লোক কথা মূলক গল্পসমূহ কিতাপৰ পাতত পঢ়ি আমি সৰুতে বৰ ভাল পাইছিলো। সেয়েহে ৰূপালী পৰ্দাত দেখিবলৈ পাই আৰু ভাল লাগিল। কিন্তু শৈশৱৰ মধুৰ স্মৃতিক ভাস্কৰ দাই এখন ডাৰ্ক, থ্ৰীলাৰ ছবিলৈ যিদৰে ৰূপান্তৰ কৰিলে, তাৰ বাবে তেওঁ প্ৰশংসাৰ যোগ্য। আচলতে ৬ বছৰ পিছত মই আৰু সেইবিষয়ে নক'লেও হ'ব। কিন্তু তেখেতৰ শেহতীয়া ছবি "আমিষ" এক সম্পূৰ্ণ ব্যতিক্ৰমধৰ্মী ছবি। কিয়?? কাৰণ বহুকেইটা আছে।
আদিকালত আমি সকলোৱেই একো একোজন জন্তু আছিলো। অৱশ্যে "আমিষ"ত এইবিষয়ে কোৱাৰ আগতেই প্ৰায় ৫০ বছৰ পূৰ্বে ষ্টেণলি কুব্ৰিকৰ 2001: A Space Odesey ত এটা দৃশ্যাংশ দেখুওৱা হৈছিল। অৱশ্যে দৃশ্যাংশটোত থকা আদিম বন মানুহ এজনৰ মনলিঠ এটাক লৈ মনত যি কৌতূহলৰ উদয় হৈছিল তাকহে দেখুওৱা হৈছিল। কিন্তু তাৰ কিছুসময় পূৰ্বে সেই আদিম মানুহজন, যাৰ উদ্ভৱৰ সময়ত কোনোধৰণৰ সভ্যতাই ঢুকি পোৱা নাছিল, তেতিয়া তাৰ মনত বাস কৰি আছিল সেই জন্তু এটাই। সভ্যতাৰ অভাৱত সেই জন্তুটো পৰিস্ফূত হৈ ওলাই পৰিছিল। কিন্তু বৰ্তমান সময়ত মানৱ সভ্যতাৰ চূড়ান্ত উৎকৰ্ষ সাধন হোৱাৰ বাবে হয়তো পৰিপ্ৰেক্ষিতত আমাৰ মাজত শুই থকা সেই জন্তুটো এতিয়াও শুইয়ে আছে। গতিকে সেই সম্পৰ্কে বিষদভাৱে ভাবিলে আমি ক'ব পাৰো, যিমান যি কৰিলেও আমি এটা জন্তু, আৰু এই সভ্যতাৰ যি বসণ আমি ধাৰণ কৰিছো, সেইয়াই অন্য একো নিৰ্দেশ নকৰে, বৰং আমাক কৈ যায় যে আমি এক দ্বৈত ব্যক্তিত্বৰে জীয়াই আছো। ভাস্কৰ দাই "আমিষ"ত এটা নতুন পৰীক্ষা চলাইছে। ড° নিৰ্মালী শইকীয়াৰ সভ্য আৰু আধুনিক নাৰী এগৰাকী আৰু সুমন বৰুৱাৰ দৰে এগৰাকী তেজোদ্দীপ্ত গৱেষণা কৰি থকা যুৱকৰ মাজৰ যি সম্পৰ্ক দেখুওৱা হৈছে সেইয়া সম্পূৰ্ণ পৃথক।
ভালপোৱা বিভিন্ন ধৰণৰ হ'ব পাৰে। গিয়াৰ্মো ডেল ট'ৰ'ই The Shape of Water ত ইয়াক অতি সুন্দৰকৈ দেখুওৱাইছে। আকৌ ইমটিয়াজ আলিয়ে Highway ত অন্য এক ধৰণেৰে উপস্থাপন কৰিছে ভালপোৱাক। কিন্তু ভাস্কৰ দাৰ "আমিষ"ত ভালপোৱাৰ এক অন্য ৰূপ দেখুওৱা হৈছে। ছবিখনৰ এটা দৃশ্যত সুমন আৰু নিৰ্মালীয়ে বাদুলি মাংস ভক্ষণ কৰে, আৰু তেতিয়া নিৰ্মালী শাৰীৰিকভাৱে অসহজ হৈ পৰে। আৰু লগে লগে ভাস্কৰ দাই দৃশ্যটো কাট কৰে আৰু তাৰ পিছতেই গাড়ীৰ ভিতৰত দেখুৱাই। সুমন আৰু নিৰ্মালীয়ে ওভতি থকাৰ দৃশ্য। সুমনে গাড়ী চলাই আছে আৰু কাষত নিৰ্মালী বহি আছে। এক দৃশ্যটো সম্পূৰ্ণ সংলাপবিহীন। কেৱল দুয়োৰে মুখত হাঁ‌হি নাই আৰু আৰু দুয়োজনৰে চকুত এক অস্থিৰ দৃষ্টি, দুয়ো সমুখৰ ফালে চাই আছে। তাৰ পিছৰ দৃশ্যটোত নিৰ্মালী ঘৰৰ কলিং বেল বজোৱা দেখুৱাই। স্বামী দিলীপে দৰ্জাখন খোলে আৰু নিৰ্মালীয়ে কামোত্তেজনাত দিলীপক চুম্বন কৰে। কিন্তু সেই সময়তে নিৰ্মালী ৰৈ দিয়ে আৰু দিলীপৰ ওচৰৰ পৰা গুছি যায়। গতিকে এইক্ষেত্ৰত আমি নিৰ্মালীৰ মনৰ অস্থিৰ অৱস্থাটোক প্ৰত্যক্ষ কৰো। নিৰ্মালী এগৰাকী বিবাহিতা আৰু সেইবাবে তেওঁ নিজৰ কাম উত্তেজক স্বভাৱটোক সুমনৰ আগত নেদেখুৱালে। অথচ সেই সময়ত সুমন একমাত্ৰ পুৰুষ আছিল নিৰ্মালীৰ ওচৰত। এইক্ষেত্ৰত মানুহ আৰু জন্তুৰ প্ৰভেদ আমি লক্ষ্য কৰোঁ। যে, মানুহে কেতিয়াও নিজৰ ভিতৰত শুই থকা পশুটোক বাহিৰলৈ সহজে আহিব নিদিয়ে।
আকৌ সুমনৰ বেলিকা আৰু এক বিষয়বস্তু লক্ষ্য কৰিব পাৰি। সুমনে নিৰ্মালীক ভাল পাই। ইমানেই ভাল পাই যে দুয়ো হাজাৰ বাৰ ওচৰত থকাৰ পিছতো সি নিৰ্মালীক নুচুৱে। আচলতে সুমনৰ মনত নিৰ্মালীৰ প্ৰতি আছে এক শ্ৰদ্ধা। অথচ নিৰিবিলি পৰিৱেশত সুমনো এগৰাকী পশুৰ দৰে হৈ পৰে, সেইবাবেই হয়তো নিজৰ গাৰ মাংস কাটি সি নিৰ্মালীক খুৱাই। একেদৰে নিৰ্মালীৰ বান্ধৱী, জুমিয়ে এক বিবাহ বহিৰ্ভূত সম্পৰ্ক স্থাপন কৰিছে এগৰাকী যুবকৰ সৈতে। সেই সময়ত জুমিৰ কাম উত্তেজনাও প্ৰকাশ পাই নিৰ্মালী সৈতে কথা পাতি থাকোতে, য'ত এডী (জুমিৰ বয়ফ্ৰেণ্ড) ৰ সন্দৰ্ভত জুমিয়ে তাৰ শাৰীৰিক অৱয়ৱৰ কথা কৈ থাকে। আকৌ সুমনে যেতিয়া ইলিয়াৱহৰ সৈতে তাৰ হোষ্টেলত যায় তেতিয়া এগৰাকী অন্য ছোৱালীয়ে সুমনৰ ওচৰত আহি একেধৰণৰ কিছুমান ইংগিত দিয়ে। এই আটাইবোৰক আচলতে আমি এক অন্য ধৰণেৰে চাব পাৰো। সেইয়া হ'ল Obsession, নিচা। সুমন আৰু নিৰ্মালীৰ মাজৰ সম্পৰ্কটোক প্ৰথমতে এক অন্য ধৰণেৰে উপস্থাপন কৰা হৈছে যদিও লাহে লাহে ছবিখন আগবঢ়াত আৰু যেতিয়া সুমনে নিজৰ মাংস কাটি নিৰ্মালীক খুৱাই তেতিয়াৰে পৰা নিৰ্মালীৰ ব্যক্তিত্ব সম্পূৰ্ণৰূপে সলনি হোৱা দেখা যায়। মনৰ ভিতৰত শুই থকা জন্তুটোৱে যেন সাৰ পাই আৰু দিনে দিনে এগৰাকী নৰখাদক হিচাপে নিৰ্মালী সলনি হৈ গৈ থাকে। এইটো আচকতে এক নিচা, নে অন্য কিবা সেইয়া দৰ্শক হিচাপে আপুনি উপলব্ধি কৰিব নোৱাৰে বা মানি ল'ব নোৱাৰে, কিন্তু ভাস্কৰ দাই যিধৰণে ছবিখনৰ চিত্ৰনাট্য গঢ় দিছে আৰু ছবিখন চলাই লৈ গৈছে, সেইক্ষেত্ৰত আমি ছবিখনৰ মূল বিষয়বস্তুক নুই কৰিব নোৱাৰো। আমি ভাবিবলৈ বাধ্য হওঁ‌, যে আমাৰ মাজতো এনেকুৱা এটা Obsession আছে নেকি! আৰু সেইবাবেই "আমিষ"ৰ বাবে ভাস্কৰ হাজৰিকা দা প্ৰশংসাৰ পাত্ৰ। যিবোৰ ছবি পৰিচালকে নিজৰ ছবি আৰু ইয়াৰ চৰিত্ৰৰ উপস্থাপনেৰে দৰ্শকৰ মনত চিন্তাৰ খোৰাক আনি দিব পাৰে, সেই ছবিসমূহে সফল ছবি।
"আমিষ"ৰ কাৰিকৰী দিশত চালে নিৰ্মালীৰ চৰিত্ৰত লিমা দাস আৰু সুমনৰ চৰিত্ৰত অৰ্ঘ্যদীপ বৰুৱাৰ অভিনয় ভাল। যদিও মাজে মাজে কিছুমান দৃশ্যত বাস্তৱবাদী অভিনয়ৰ অভাৱ আছে তথাপিও বেছি পৰীক্ষা নিৰীক্ষা নকৰি চিত্ৰনাট্যৰ সৈতে সামঞ্জস্য ৰাখি দুয়োগৰাকী শিল্পীয়েই ভাল অভিনয় কৰিছে। তদুপৰি চিত্ৰগ্ৰহণো ধুনীয়া, কিছুমান দৃশ্যত Shaky কেমেৰা এংগলেৰে পৰিৱেশটোৰ অস্থিৰতাক দাঙি ধৰিছে চিত্ৰগ্ৰহণকাৰী ৰিজু দাসে। কুৱান বে'ৰ সংগীত খুবেই শ্ৰুতিমধুৰ। পিয়ানোৰ সুন্দৰ শব্দসজ্জাই "আমিষ" যে এখন ব্যতিক্ৰমী ৰোমান্টিক ছবি সেইয়া সুন্দৰকৈ ফুটাই তুলিছে।
অৱশেষত আমি ক'ব পাৰো যে "আমিষ" এখন Romantic Thriller cum Experimental Drama। কাৰণ "আমিষ" আৱেগ, প্ৰেম, ভালপোৱাৰ পৰা খাদ্যাভ্যাস আৰু লাহে লাহে মানৱ সভ্যতাৰ পশুত্ব আৰু হত্যাকাৰী স্বভাৱৰ উপস্থাপন। কাহিনী চিত্ৰনাট্যৰ গভীৰতা আৰু ভাস্কৰ দাৰ সুক্ষ্ম পৰিচালনাই "আমিষ"ক এক ব্যতিক্ৰমধৰ্মী ছবিৰ শাৰীত অধিস্থিত কৰাইছে। কিদৰে মানুহে নিজৰ মাজত এটা পশু কঢ়িয়াই লৈ ফুৰে তাৰ বলিষ্ঠ প্ৰকাশ হৈছে "আমিষ"ত। কিন্তু পশুত্ব জীয়াই থকাৰ পিছতো মানুহ যে বিবেকহীন নহয় সেইয়াও ফুটি উঠিছে "আমিষ"ত। সেইবাবেই হয়তো নিজৰ বাস্তৱক ধ্বংস কৰি অৱশেষত পূৰ্ণতা লাভ কৰে সুমন আৰু নিৰ্মালীৰ ভালপোৱাই। কোনোদিন নিৰ্মালীক স্পৰ্শ নকৰা সুমনে ছবিখনৰ শেষৰতো দৃশ্যত আৰক্ষী চকীত তাইৰ হাতত ধৰে। যেন নিজৰ বাস্তৱ পৃথিৱীৰ পৰা বিদায় লৈ ভালপোৱাৰ পৃথিৱীত অৱতৰণ কৰে দুয়ো। অৰ্থাৎ "আমিষ"ৰ শেষভাগৰ এই দৃশ্যটোৱে আমাক কৈ যায়, ভালপোৱাও এক নিচা বা Obsession!
✍বিকাশ দত্ত, হাজো

https://www.facebook.com/groups/axomiyakothabotora/permalink/3931474836904983/

মানৱ মনৰ গোপন তলিৰ ছবি জানিবলৈ আমিষ এখন চাব লগা চিনেমা: Hemen Nath

(চিনেমা ৰসিকসকলে খুটি-নাটি বোৰ চায়নে?
নাজানো।
মই চাওঁ কিছু। খুটি-নাটি মানে ধৰক, আৱহ সঙ্গীত, সংলাপৰ প্ৰয়োজনীয়তা তথা সঠিকতা, সংলাপ প্ৰক্ষেপণৰ সময়ত চৰিত্ৰৰ facial expression, body language, চৰিত্ৰৰ আৱেগ, কেমেৰাৰ angle আদি।
ৰিভিও লেখাৰ যোগ্যতা নাই কিজানি, তথাপি চিনেমাখন চাই হোৱা ভাৱ লিখিছোঁ। চিনেমা সমালোচকসকলে ক্ষমা কৰিব।)

কাহিনী নিসন্দেহে ব্যতিক্ৰমী। একপ্ৰকাৰ taboo/ insanity/ sadism য়েই মূল বক্তব্য- বিশেষকৈ নিজৰ শৰীৰৰ মঙহ প্ৰেমাস্পদক খুওৱা অথবা যেনেকৈ হ'লেও মানৱ মঙহ খোৱাৰ চেষ্টা কৰাটো।
অভিনয় নায়িকাৰ সুন্দৰ, নায়কৰো, যদিও তেওঁ নায়িকাতকৈ কম নম্বৰ পাব।
কিন্তু নায়িকাৰ গিৰিয়েকে ইমান দিনৰ মূৰত আহিও দেখোন বৰ এটা আৱেগ নেদেখালে। ৰাতি শোৱোতে symbolic হ'লেও দেখুৱাব লাগিছিল যে তেওঁলোকৰ অন্তত: মিলন হৈছে।
দিলীপৰ সংলাপবোৰো থিয়েটাৰী হ'ল কিছু।
নায়িকাৰ বান্ধবীগৰাকীৰ অভিনয় খুব ভাল, দুয়োৰে মাজৰ সংলাপবোৰো বৰ খাপখোৱা, বন্ধুৰ মাজৰ কথাবতৰা তেনেকুৱাই। দুই বান্ধৱীৰ friendly talk ইমান বেছি natural হৈছে যে, গম নাপায় সেয়া অভিনয় বুলি।
সৰু সৰু সংলাপ অত্যন্ত natural হৈছে।
যেনে, ধাবাত মাংস খাবলৈ যাওতে নায়িকাই কোৱা- চামুছ এখন পালেই হ'ল আৰু!
বান্ধৱীয়ে কোৱা- তোৰ তাৰ লগত চব হৈ গ'ল?
নায়কে কোৱা- জহৰাটোৱে মাংস খোৱাৰ লোভত মৰিলেহেঁতেন।
ইমানবাৰ ইলিয়াছে নায়কৰ মঙহ কাটিলে, এবাৰো সন্দেহ নহ'ল? কথাটোত খুত থাকিল।
শব্দবোৰ (sound) পটকে বেছি হৈ গৈছে মাজে মাজে (standard version টো মই ভাল হেডফোনেৰে সৈতে চাইছো)।
নায়কে পাৰ্টীত পেগ বনাই থাকোতে, দিলীপৰ বন্ধুসকলৰ কথা-বাৰ্তা natural নহ'ল।
শেষলৈ নায়িকা মানৱ মাংসৰ বাবে পগলাৰ দৰে হ'ল, কিন্তু স্বাভাৱিক জীৱন- ডিউটি আদি চলাই আছে; মানি ল'ব পাৰি অনুৰাগ কাশ্যপৰ বাবে। প্ৰেমিকাৰ মাংসৰ লোভ পূৰাবলৈ নায়কে মানুহ মৰাটোও সম্ভৱ বুলিয়েই মানিব পাৰি, মানসিক বিকাৰ বুলিয়েই মানিছো।
কুকুৰটোৰ চিকিৎসা কৰি থকা অৱস্থাতে ইলিয়াছৰ নায়কৰ লগত কথা পতা দৃশ্যটো বৰ ভাল হৈছে, নহ'লে তেওঁ ভেটেৰিনাৰি চিকিৎসক বুলি প্ৰমাণ কৰিবলৈ আৰু বেলেগ প্ৰামাণিক দৃশ্য নাই; একেই কথা নায়িকাৰ ক্ষেত্ৰতো- একাধিকবাৰ শিশুক পৰীক্ষা কৰি থকা দেখুৱাইছে।
নায়িকাই নায়কতকৈয়ো মাংসৰ প্ৰেমত বেছিকৈ পৰিছে, আনহাতে নায়ক নায়িকাৰ প্ৰেমত ইমান ডুবিছে যে প্ৰেমিকাক সুখী কৰিবলৈ তেওঁ সকলো কৰিব পাৰে।
বন্ধুৰ লগত থাকিও মেছেজত ব্যস্ত থকা নায়কৰ অভিনয়, মুখত সৰু সন্তুষ্টিৰ হাঁহি, প্ৰেমৰ দুনীয়াত মচগুল হৈ থকাৰ উপযুক্ত প্ৰমাণ।

একেবাৰে ক্লাইমেক্সত দুয়ো হাতত ধৰিছে, দৃশ্যটোৱে দৰ্শকৰ মনত যেন বিষাদৰ ৰহণ সানি যায়।

মানৱ মনৰ গোপন তলিৰ ছবি জানিবলৈ আমিষ এখন চাব লগা চিনেমা। (অসমীয়াতহে, হলিউড বলিউডত মানৱ মনৰ অজানা ৰহস্যক লৈ নিৰ্মাণ কৰা চিনেমা আছে)

হয়তো সুন্দৰ, কিন্তু ই বীভৎস: Upasana Sharma

#আমিষ এখন সফল চিনেমা, মনক জোকাৰি যাব পৰা চিনেমা। কিন্তু চিনেমাখন চাই মই বেয়া পালোঁ। মোৰ মনটোক ই ঠিকেই জোকাৰি গ'ল, কিন্তু চিনেমাখন উপভোগ্য মোৰ বাবে নহ'ল। স্পষ্টকৈ প্ৰকাশ কৰা বাবে আপোনালোকে হয়তো মোক বেয়া পাব, যুক্তি দিব, আমিষ কিয় অনন্য। হয়, কাৰিকৰী দিশ, প্ৰকাশ ভংগী, অভিনয়, সাজ সজ্জা, আলাপ এই সকলোফালৰ পৰা আমিষ অনন্য। কিন্তু খুট পালোঁ কাহিনীত। চিনেমাখনৰ জৰিয়তে আচলতে আত্মিক প্ৰেম যদি দেখুৱাব বিচাৰিছিল, মই তাত দেখা পালোঁ শৰীৰৰ ক্ষুধা। আপুনি ক'ব তাত সুযোগ পোৱাৰ পাছতো মিলনৰ কোনো দৃশ্য নাই। মই দেখুৱাই দিওঁ আহক, মিলনৰ আকাংক্ষা তাত মানসিক চিন্তাত আছে, য'ত শাৰীৰিক পৰিতৃপ্তিৰ বাবে অন্য পন্থা গ্ৰহণ কৰা দেখুৱাইছে, দেখুৱাইছে তেওঁৰ প্ৰিয় নাৰীৰ দেহৰ ভাঁজৰ কল্পনা কৰা। আত্মিক প্ৰেমত দেহৰ চিন্তা আহে জানো মনত?
দ্বিতীয় মাংসৰ লোভ। যুক্তি দেখিছোঁ, মাংস নহৈ অন্য খাদ্য‌ও হ'ব পাৰিলে হয়। হয় পাৰিলে হয়। কিন্তু নহ'ল। কি মাংসৰ লোভ, শৰীৰৰ মাংসৰ লোভ। শাৰীৰিক সম্বন্ধ মিলনৰ দ্বাৰা যিহেতু সম্ভৱ নহয়, অন্য ধৰণে হ‌ওক, ইজনে সিজনৰ শৰীৰৰ অংশ খাই!!
ইয়াক আত্মিক নিৰ্মল প্ৰেম বুলি নক'ব। কাৰণ আত্মিক প্ৰেমৰ স্তৰ কিমান পবিত্ৰ হ'ব পাৰে মই দেখিছোঁ।
মই ভাবোঁ এটি শিল্পৰ সমাজৰ প্ৰতি কিছু দায়িত্ব থাকিব লাগে। যদি ধনাত্মক ভাব দিব নোৱাৰে অন্ততঃ ঋণাত্মক নিদিয়ক। আজিৰ দিনৰ কৈশোৰসকল বেয়া দিশবোৰলৈ সহজেই আকৰ্ষিত হয়, আশা কৰিছোঁ এনে প্ৰেম তেওঁলোকৰ আদৰ্শ নহ‌ওক। এনে মানসিকতা তেওঁলোকৰ আদৰ্শ নহওক।
চিনেমাখনৰ নিৰ্মাতাৰ কষ্টক মই সন্মান কৰোঁ। বাকী সকলো ভাল। কিন্তু কথাটো এনেকুৱা হ'ল, আপুনি বিভিন্ন ঠাইৰ বিভিন্ন উত্তম পাচলি আনি মোৰ বাবে খুব কষ্টকৈ কিবা এখন ৰান্ধিছে। ৰন্ধাৰ সময়ত গোন্ধে আমোলমোলাই গৈছে আৰু মই খাবলৈ অধৈৰ্য্য হৈ পৰিছো, কিন্তু আপুনি মোক ৰ'ব কৈছে আৰু এখন থালত চকুত লগাকৈ, মন ভৰাকৈ সজাই মোক পৰিবেশন কৰিছে। মই হেপাহেঁৰে প্ৰথম চামুচ মুখত ভৰাইছোঁ কিন্তু নিমখ ইমানেই বেছি যে মই সেইখিনিও গিলিব নোৱাৰিলোঁ। তাৰ মানে কি মই আপোনাৰ কষ্টক, পৰিবেশন শৈলীকো নশলাগিম নেকি? শলাগিম, আপোনাৰ কষ্টক সন্মান কৰিম, কিন্তু ইয়াকো আপুনি মানি ল'ব লাগিব যে আপুনি পৰিবেশন কৰা আহাৰ মই গ্ৰহণ কৰিব নোৱাৰিলোঁ। কাৰণ ই খোৱাৰ যোগ্য নহয়।
মোৰ বাবে আমিষখনো তেনেকুৱাই হ'ল। চকুৰ তৃপ্তি হ'ল। মনৰ অশান্তি হ'ল। মোৰ মনক জোকাৰি যোৱা বাবেই ভাল বুলি মই ক'ব নোৱাৰিম। বেয়াকৈ জোকাৰা কথাবোৰক বেয়া ল'গা বুলিয়ে প্ৰকাশ কৰিম।
আমিষ হয়তো সুন্দৰ, কিন্তু ই বীভৎস।

আমিষৰ দৰে চিনেমাৰ সময় আৰু দেশ নাথাকে: Nizara Rajkumari

আমি ঠিক যিখিনিত ৰৈ, যি দৃষ্টিৰে ভাস্কৰ হাজৰিকাৰ #আমিষ চাবলৈ লওঁ, সেইখিনিৰ পৰাই মনোৰঞ্জনৰ দৃষ্টিভঙ্গী আৰু সন্তুলনৰ খেলিমেলি এটা আৰম্ভ হ'বলৈ ধৰে। "খেলিমেলি"টো নিজে আকৌ অত্যন্ত পৰিপাটী।মন-মগজুক নিৰ্দিষ্ট এটা ট্ৰেকলৈ টানি আনিবলৈ কৰা আয়োজনৰ দৰে। আমিষ আচলতে নিজেই এক বিদ্ৰোহী চিনেমেটিক উপস্থাপন। চিনেমা বুজাৰ লগে লগে সেই "বিদ্ৰোহ"ৰ চৰিত্ৰটোক বুজিবলৈ মনৰ গাঁঠি আৰু পূৰ্বাপৰ পৰা চলি অহা ধাৰণা কিছুমানত চোকা চুৰীৰে ৰেপ মাৰিবলৈ আমি বাধ্য। তলত দিয়া লিংকটোত YouTuber Rick Segall আৰু korbin miles য়ে "আমিষ" সম্পৰ্কত কুৰি মিনিট কথা পাতিছে--য'ত চিনেমাখন তথা লেখক/পৰিচালকৰ বুদ্ধিদীপ্ততাক ভূয়সী কৰাৰ লগতে কৈছে যে #aamis_is_more_creative_than_Parasite। শুনিয়েই মনটো ইমান ভাল লাগি গ'ল। অসমীয়া ভাষাৰ (যদিও চিনেমাৰ দেশ/ভাষাৰ কথাবিলাকক আলোচনালৈ অনাটো জৰুৰী নহয়,আৰু দুয়োখন চিনেমাৰ গতি-গোত্ৰও তুলনা কৰিব পৰাকৈ একে নহয়) চিনেমা এখনক parasite ৰ নিচিনা বিশ্বব্যাপি আলোচিত/সন্মানিত হোৱা চিনেমা এখনৰ লগত তুলনা কৰা দেখিলে কোন অসমীয়াই ভাল নাপাব বাৰু!! চিনেমাৰসিকৰ মাজত নিশ্চয় শ্ৰেণী বৈষম্য আৰু প্ৰচণ্ড লোভ-লালসাৰ ছবি #Bong_Joon-ho -ৰ #parasite নোচোৱা মানুহ নোলাব। এইখিনিতে আমিষৰ নিৰ্মান প্ৰক্ৰিয়া,বাজেট ইত্যাদি ইত্যাদি এশ-এবুৰি সীমাবদ্ধতাৰ কথাবোৰ আলোক-বৃত্তত ৰাখিও ক'ব লাগিব দুয়োখন চিনেমাৰ বৰ্গীকৰণ, genre-ৰ কথা। YouTuber দুজনে অৱশ্যে parasiteৰ লগত আমিষৰ #বাজেট#প্ৰডাকশ্যন টীমৰ পৰা #cinematography লৈকে টকা-পইচা আৰু টেকন'লজিৰ সুবিধা-অসুবিধাৰ কথাও উল্লেখ কৰিছে। বিভিন্ন প্লেটফৰ্মত বিভিন্ন ধৰণে চিনেমাখন আলোচিত হৈ আছে যদিও পাবলগীয়া গুৰুত্ব আৰু চৰ্চাৰ ক্ষেত্ৰত #আমিষ আজিও বঞ্চিত হৈ আছে।অসমত সাধাৰণতে কেৱল মুক্তিৰ সময়তহে চিনেমা এখনৰ আলোচনা (?) হোৱা দেখা যায়। আমিষৰ দৰে চিনেমাৰ সময় আৰু দেশ নাথাকে।

ধন্যবাদ এনে এখন অসমীয়া চলচ্চিত্ৰ উপহাৰ দিয়াৰ বাবে: Ayang Mili

খাদ্যৰ প্ৰতি থকা মোহ,এক নিষিদ্ধ প্ৰেমৰ সুন্দৰ উপস্থাপন "আমিষ"। বহুতো অসমীয়া তথা হিন্দী চলচ্চিত্ৰতকৈ অকণ পৃথক,যিয়ে বহু দৰ্শকৰ মনত এক বিশেষ স্থান পাবলৈ সক্ষম হৈছে ভাস্কৰ হাজৰিকাৰ "আমিষ" ছবিখনে। ভালপোৱাৰ এক সোৱাদ "আমিষ"।
ভিন্ন ধৰণৰ খাদ্যৰ ওপৰত গৱেষণা কৰা পিএইচডিৰ ছাত্ৰ সুমন আৰু এটা সন্তানৰ মাতৃ, চিকিৎসক পেচাৰ নিৰ্মালি,দুয়োৰে মাজত ভালপোৱাৰ ঢৌ বোৱাই আনে পৰস্পৰৰ মাজত থকা ভিন্ন ধৰণৰ খাদ্যৰ সোৱাদে। ভালপোৱাত ভুল হ'লেও প্ৰেমিকদ্বয় সদায় অন্ধ।একেদৰেই খাদ্যৰ প্ৰতি থকা মোহ,লোভ, পৰস্পৰৰ প্ৰতি থকা ভালপোৱাৰ বাবে সুমন-নিৰ্মালিয়েও তুলি লৈছিল বহুতো নকৰিব লগীয়া কাম। শিক্ষিত হৈও ভোকৰ বাবে হেৰুৱাই পেলাইছিল দুয়োৰে বিবেক।এক অৰ্থত তেওঁলোকে পেটৰ নহয় মনৰহে ভোক গুচোৱাৰ প্ৰয়াস কৰিছিল। এগৰাকী বিবাহিত মহিলা আৰু বয়সত সৰু ল'ৰাৰ মাজত থকা নিষিদ্ধ সম্পৰ্ক, দুয়োৰে মাজৰ এক অদ্ভূত ধৰণৰ ৰুচি আৰু সমাজখনক এক সুন্দৰ ৰূপত উপস্থাপন কৰিছে আমিষ ছবিখনে।
সুমন-নিৰ্মালিৰ উপৰিও পত্নীৰ পৰা আঁতৰত থকা স্বামী,পৰকীয়া সম্পৰ্কক লৈ চিন্তিত বান্ধৱী, সকলো সময়তে লগত থকা চুমনৰ বন্ধু আদি চৰিত্ৰ সমূহ কাহিনীৰ লগে লগে সুন্দৰ ৰূপত আগবঢ়াই নিয়া দেখা যায়।
ছবিখনত সুমন আৰু নিৰ্মালিৰ অভিনয় কৰা অৰ্ঘদীপ বৰুৱা আৰু লিমা দাসৰ অভিনয় প্ৰশংসাৰ যোগ্য। সম্পূৰ্ণ স্বাভাৱিক অভিনয়,মুখ-চকুৰ ভংগিমাৰেই বহুতো কথা দৰ্শকক বুজাই দিবলৈ সক্ষম হৈছে।
বৃহৎ বাজেটত নিৰ্মিত কিছুমান বলিউড ছবিতকৈ বহুগুণে উৎকৃষ্ট এই "আমিষ" ছবি, নিৰ্মাতা সকললৈ ধন্যবাদ এনে এখন অসমীয়া চলচ্চিত্ৰ উপহাৰ দিয়াৰ বাবে।"আমিষ"এ নিৰাশ নকৰে এইয়া ঠিক।

এইখন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠৰ তালিকাত আহিব। লিখি ৰাখক।: ঐতিহাসিক মুহূৰ্তৰ আলোকচিত্ৰ

প্ৰসংগ: আমিষ

'চিনেমা' বহুত চাইছোঁ, ভাল ছবিৰ প্ৰতি এৰাব নোৱাৰা টান এটা আছে, যেন ক'ব নোৱাৰা এক 'ভোক'। কলেজীয়া দিনত, বা বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ছোৱাত, প্ৰতিদিনে দুই তিনিখন ছবি চাইছিলো। মনৰ সৃষ্টিশীলতা প্ৰকাশৰ যিমানবোৰ মাধ্যম আছে, তাৰে ভিতৰত এইটো মোৰ সবাতোকৈ প্রিয়। হয়তো, ভাৱ প্ৰকাশৰ স্বাধীনতা এই মাধ্যমত বেছি, সেইবাবেই।

● আমিষ; ছবিখন যোৱাকালিয়ে চালোঁ। শব্দবোৰহে যুগুতাব পৰা নাছিলোঁ, কি লিখিম, কি বুজাম। এইধৰণৰ ছবিৰ সৃষ্টি খুব কমেই হয়।

● ছবিখন 'প্ৰতীক'ৰে ভৰপূৰ। অন্ততঃ মোৰ তেনেকুৱাই লাগিল। ঠাইবিশেষে পৰিচালকে কিছুমান সৰু-সৰু বস্তু এনেকৈ তুলি ধৰিছে যে তাৰ অন্তৰ্নিহিত অৰ্থ হয়তো ব্যক্তিবিশেষে ভিন্ন হ'ব। সমমিতিৰ কি প্ৰয়োগ! অসমীয়া চিনেমাত নিঃসন্দেহে আগেয়ে হোৱা নাই।

● লিমা দাস, অৰ্ঘ্যদীপ বৰুৱা আৰু নিতালি দাসৰ অভিনয়ৰ গভীৰতা বুজাসকলে বুজিব। বেছিকৈ ক'বলৈ গ'লে 'স্পইলাৰ' দিয়াৰ দৰেহে হ'ব, থাকক। মুঠতে, এইখিনিতেই শব্দৰ অভাৱ ঘটিছে।
ভাস্কৰ হাজৰিকাৰ ওপৰত সন্দেহ নাছিল, 'কথানদী' চোৱাৰে পৰা তেওঁৰ অনুৰাগী।
তথাপি, তেওঁক আকৌ পৰি নমস্কাৰ।

● ইলিয়াছ দাৰ চেম্বাৰত বহি সুমনে দেখা সপোনটোৰ পৰা মই ওলাব পৰা নাই। 'ভিজুৱেল ট্ৰিপ' বোলা বস্তু এটা যে আছে, ঠিক তেনেকুৱাই আছিল সেইটো।

● আনে যিয়েই কওক, মোৰ বাবে 'আমিষ' প্ৰেমৰ ছবি। অদ্ভুত, আচৰিত আৰু আচহুৱা প্ৰেমৰ ছবি। নিষ্কাম প্ৰেমৰ দৃষ্টিনন্দন উপস্থাপন। 'লাঞ্চবক্স' চাইছে নহয়, ধৰি লওক সেইখন ষ্টেনলী কুব্ৰিক, লাৰ্চ ভন তায়াৰ আৰু শ্ৰীৰাম ৰাঘৱনে একেলগে মিলি তৈয়াৰ কৰিছে। 'আমিষ' ঠিক তেনেকুৱাই।
সমাজৰ তথাকথিত নিয়ম-নীতিৰ পৰা বহুত নিলগত। এখন বলিষ্ঠ আৰু সাহসী ছবি।

● "ভোক আৰু প্ৰেমৰ বাবে আপুনি কিমান দূৰলৈ যাব পাৰে?"

'আমিষ' চাওক, বুজাব নোৱাৰাকৈ এখন ধুনীয়া ছবি।
আৱহ সংগীতৰ সুমধুৰ ৰাগীত মাতাল নোহোৱাকৈ নোৱাৰিব। প্ৰেক্ষাগৃহৰ পৰা এতিয়ালৈকে মন কেৱল দোলন গতিত............

এইখন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠৰ তালিকাত আহিব। লিখি ৰাখক।


https://www.facebook.com/realityisdissappointing/photos/a.2792355470806139/3231311726910509/?type=3&theater

ৱান ইন লাইফ টাইম ছৱি: Ujjwal Bhuyan

আমিষ- চালো। কেনে পালো সুধি লাভ নাই। হৈ থকা বিতৰ্ক বোৰৰ পৰা এইটো স্পষ্টযে ছৱি খনে কাহিনীটোক উপস্থাপন কৰাত সম্পূৰ্ণ ভাৱে সফল হৈছে। যদি এখন ছৱিয়ে কাহিনীটো সম্পূৰ্ণ ৰূপে উপস্থাপন কৰিব পাৰে তেন্তে তাক সফল ছৱি বুলিয়েই কব লাগিব। গতিকে কেনে পালো তাৰ উত্তৰ দিব নেযাও। বুজি পালোনে বুলি সুধি চাব পাৰে। উত্তৰত কব লাগিব- সকলো বোৰ বস্তু সকলো সময়তে বুজি পোৱা কি সহজ কথা। তথাপি বুজিবলৈ চেষ্টা কৰিলো। এইযে মাংসৰ কথাবোৰ। বহু কিবাকানি মনলৈ লৈ আহিল। মানুহ হাল সুযোগ সন্ধানী আছিল নেকি বুলি এটা প্ৰশ্ন জাগে। মনলৈ অহা কথাটো হ'ল আমি মানুহ বোৰ, জীয়াই থকা প্ৰাণীবোৰ সকলো বোৰ জানো সুযোগ সন্ধানী নহয়নে। এজন প্ৰকৃত শিক্ষকে ছাত্ৰ এজনক দেখাৰ লগে লগে শিক্ষাদানৰ শেষ সুযোগ বুলি ধৰনে নধৰে। প্ৰেমিকে প্ৰেমিকাক দেখাৰ লগে লগে প্ৰেম নিবেদনৰ সুযোগ বুলি ধৰনে নধৰে। ডাক্তৰে ৰোগীক ইত্যাদি ইত্যাদি। সুযোগ শব্দটোৰ অৰ্থ নেতিবাচক বা ইতিবাচক নহয়। সুযোগ বুজি কৰা কামটোহে নেতিবাচক বা ইতিবাচক হব পাৰে। ছৱিখনৰ প্ৰতি মুহূৰ্ততে বাজি ফুৰা অনুভূতিটোৱে আছিল ভোক। এই ভোকৰো আকৌ বিভিন্ন ধৰণৰ ৰূপ আছে। পৰিবেশ পৰিস্থিতিৰ লগত ভোকৰ ৰূপ বেলেগ বেলেগ হয়। পেটৰ ভোক, দেহৰ ভোক, অকলশৰীয়া জীৱনত সান্নিধ্যৰ ভোক, এলেহুৱা মানুহৰ অৱসৰৰ ভোক, শিল্পী সাহিত্যিকৰ সৃষ্টিশীলতাৰ ভোক ইত্যাদি ইত্যাদি। বুজি পোৱা কথাৰ তালিকা খন বহুত দীঘলীয়া। হয়তো এইখন ৱান ইন লাইফ টাইম ছৱি। বাকী ছৱিখনত দেখুওৱা ঘটনাটো ইতিবাচক ঘটনা বুলি কাহিনীকাৰ বা পৰিচালকে কোনো পধ্যেই কোৱা নাই বৰঞ্চ নেতিবাচক হিচাপে সম্পূৰ্ণ ভাৱে উপস্থাপন কৰিছে।।গতিকে #বিন্দাস_হৈ_চাওক

Originally published on Facebook:
https://www.facebook.com/ujjwal.bhuyan/posts/3077664875595077

সাংঘাটিক ভয়েৰে ভাল লগা চিনেমা আমিষ: Dhanbor Bhuyan

বিষয়ঃ Aamis (আমিষ)
প্ৰেম, মাংস ইত্যাদি ইত্যাদি। কিছু নতুনত্বৰ যোগাত্মক পয়োভৰ। সুমনক লগ পাবলৈ উত্ৰাৱল হৈ থকা বিবাহিত নাৰী "নিৰ্মালি" ৰ মাংসৰ প্ৰতি বাঢ়ি অহা দুৰ্বলতা, নিজৰেই মাংস কাটি প্ৰেমিকাক খুৱাই তৃপ্তি লভা সুমনৰ মানসিক স্থিতি, মৰ্গত মাংস বিচাৰি যোৱাৰ সাহস আৰু মাংসৰ বাবে মানুহক হত্যা কৰা আদি প্ৰতিটো চিনেই সফল। সমাপ্তিত কিন্তু এটা ৰৈ যোৱাটো স্বাভাৱিক। এক কথাত সাংঘাটিক ভয়েৰে ভাল লগা চিনেমা আমিষ।
আপুনিও চাওঁক, পৃথক আৰু অনন্য।

Originally published on Facebook:

বেলেগ সোৱাদ নিশ্চয় পাব কথা দিছোঁ: Djd Maina

আচৰিত, আনতকৈ বেলেগ, কিবা যেন সুকীয়া সোৱাদ। মানুহ আচলতে কিমান পয্যায়লৈকে যাব পাৰে তাক কল্পনা কৰাটো কঠিন। আমিষ' পৰিয়াল সফল হৈছে, তেখেতসকলৰ চিন্তাধাৰা শলাগ লবলগীয়া। ছবিখনৰ প্ৰথমৰ পৰাই প্ৰতিটো দৃশ্যই মুগ্ধ কৰিলে। চাই থকা সময়ত কাহিনীটোৰ পৰা ওলাই যাবলৈ সুযোগেই নিদিলে। চাই আহক বেলেগ সোৱাদ নিশ্চয় পাব কথা দিছোঁ।

Originally published on Facebook:
https://www.facebook.com/permalink.php?story_fbid=2520038454945827&id=100008190914911

Dweep Raaz

আপুনি কি ভাল পায় নিৰামিষ নে আমিষ ?
এটা কোটিটকীয়া প্ৰশ্ন এৰিলো !
নিৰামিষ খোৱা সকলে যেতিয়া প্ৰথমে আমিষ গ্ৰহণ কৰে কি reaction হ’ব প্ৰথমদিনা ? হয়তো অলপ অসজা , তাৰপিছত সকলো normal উপৰোক্ত কথাখিনি “ আমিষ ” চিনেমাখনৰ লগত কাকতলীয় ভাবেও সংযোগ নাই হোৱা ৷ সেইখিনি কেৱল মুখ ফুচুৰি ৷ cinematic angle বোৰে আচলতে আমাক আকস্মিকভাৱে effect কৰে , চেতনাৰ কম্পন আৰু পৰ্যবেক্ষণে lession শিকায় ৷বহিৰ্বৃত্তত ঘূৰি থকা মানসিক জড়তাক ভাঙি ধমনীৰে স্পন্দন সঞ্চাৰিত কৰিব পৰাতেই চিনেমা এখনৰ সাৰ্থকতা ৷
"আমিষ"ক আমি কোনটো angle ৰে চাই কিভাৱে গ্ৰহণ কৰিম ? ভোকক নে ভোগক প্ৰাধান্য দিম ! মানসিক বিলাসপ্ৰীতিক এহাতে ৰাখি আনহাতে কল্পনাৰ অস্থিৰ উৰ্বৰতাক চেপি ৰাখিব পৰাটোও চাগে এক প্ৰকাৰৰ দেহজ কলা ৷ ভ্ৰম স্বপ্নক সাকাৰ কৰিবলৈ যাওঁতে কিছুমান কেৱল সোঁতৰ বিপৰীতে উটি যায় আন কিছুমান ৰৈ যায় অমূৰ্ত দৃশ্যাংশ হৈ ....
কাহিনীৰ মূলভাগত research scholar ( নৰ্থ ইষ্টৰ মাংসৰ ৰন্ধন প্ৰণালী আৰু খাদ্যাভাস সম্পৰ্কে ) সুমন আৰু ডা° নীৰিৰ মাজত যি ব’ব আৰু ক’ব নোৱাৰো গোপন তথা চুক্তিবিহীন অভিসাৰৰ সূত্ৰপাত হৈছিল সেয়া জাগতিক পৰিঘটনা বুলিব পাৰি ৷ প্ৰতিটো দৃশ্যগ্ৰহণত লক্ষ্য কৰিছিলো মাংসৰ বিভিন্ন থালি ৷ হয়তো সেয়াও আছিল পৰকীয়া প্ৰেমৰ এক অজুহাত ৷ ই কোনো ভিত্তিহীন কথা হ’বই নোৱাৰে ৷
এনে প্ৰেমৰ আজিলৈকে কোনেও উদ্ধৃতি নিদিলেও ই সঁচা আৰু বাস্তৱৰ ভিত্তিতে পৰিচালক স্বতঃ স্ফুৰ্ত ভাৱে ইয়াক দেখুৱাবলৈ প্ৰয়াস কৰিছে ৷ কলাত্মকভাৱে প্ৰেমক ইমান ওপৰলৈ নিছে যে “ প্ৰেম কেৱল physical sex ” নহয় ৷ ই স্পৰ্শহীন চেতনা হৈ মগজুত সোমাই যাব পাৰে লোলুপতাৰ পৰা সিকাটি হৈ ৷
ডা° নিৰী বিবাহিতা আৰু এটি সন্তানৰ মাতৃ যদিও নিসংগ সময়খিনিত বান্ধৱীৰ কামুক কথাবোৰে তাইক কেতিয়াবা আশ্বস্ত কৰি পেলাইছিল ৷ মাংসৰ জুটি লৈ ঘূৰি ফুৰোতে ফুৰোতে তাই গম পাইছিল সুমন যে দুৰ্বল হৈ পৰিছিল তাইৰ প্ৰতি ৷ দুয়ো দুয়োৰে পৰা আঁতৰিবলৈ চেষ্টা কৰা কথাটোও এক উল্লেখনীয় দিশ যদিও মানসিক তৃপ্তিখিনিৰ কাৰণে এটা মুহুৰ্তত দুয়ো নিজৰ নিজৰ ঠাইত ৰৈ গৈছিল ৷
( অপ্ৰাসঙ্গিক যদিও মনলৈ আহে যে , এটা সন্তানৰ মাতৃ যদিও ডা° নিৰী আছিল বিবাহিতা গাভৰু , যিটো বয়সত গিৰীয়েকে physically সন্তুষ্ট কৰিব পাৰিব লাগিছিল সেইটো বয়সত দুয়োৱে দুখন বিচনাত শুব লগা হৈছিল )
north east ৰ মাংসৰ জুটিলগা সম্ভাৰৰ পৰা যেতিয়া আচম্বিতে নিজৰ গাৰ মাংসৰ জুটিৰ কথা আহি পৰিল তেতিয়া এক মুহুৰ্তত সিঁয়ৰি উঠিছিলো ৷ আত্মচেতনাই বুকু কঁপাই তুলিছিল ৷ তাৰ পিছত আমাৰ তৃতীয় চকুটো মেল খালে ...
বাহ্ বাহ্ বাহ্ “ আমিষ ”
আমাৰ কল্পনাক জাগ্ৰত কৰিবলৈ এক অদ্ভুৎ শক্তি পালো ৷ প্ৰেম কিমান সমৃদ্ধ হলে ইমানখিনি পৰ্যায়লৈকে আমি ভাবিব পাৰো !

Sent as a message to the Aamis Facebook page:

ইমান অদ্ভুত ধৰণে সাহসী চিনেমা আগতে নাই চোৱা: Tullika Devi

প্ৰায় প্ৰতিগৰাকী নাৰীৰ অৱদমিত আশা-আকাংখ্যাক লৈ নিৰ্মান কৰা এখন অতি সৎ চিনেমা আমিষ। ভাস্কৰ হাজৰিকাক মই প্ৰশ্ন কৰিছিলো পৰ্দাৰ সন্মুখত আৰু পিছফালে ইমানবোৰ নৱাগত নাৰী আপোনাৰ চিনেমাত, কিবা সংযোগ? তেওঁ খুব সহজ উত্তৰ এটা দিছিল, চিনেমাখনৰ থীমটো অতি আৱেগিক সেইকাৰণে ইমানবোৰ নাৰীৰ সমাহাৰ! সঁচাকৈ দেশী-বিদেশী বিভিন্ন ধাৰাৰ চিনেমা চাইছো কিন্তু ইমান অদ্ভুত ধৰণে সাহসী চিনেমা আগতে নাই চোৱা। অসমীয়া ভাষাত এনেকুৱা এখন চিনেমা নিৰ্মান হোৱাক লৈ এফালে শিঁহৰিত আনফালে গৰ্বিত। চিনেমাখনৰ আৰম্ভনি, মাজভাগ আৰু সামৰণি ইমান অৰ্থৱহ যে আপুনি চকুৰ পলক নেপেলোৱাকৈ চাব লাগিব। কিমান বিবাহিতা নাৰী আছে যি সকলো থাকিও অপূৰ্ণতাৰ সাগৰত ককবকাই থাকে! আনৰ চকুত সফল-স্বচ্ছল এখন সংসাৰত কিমান নোকোৱাকৈ ৰৈ যোৱা অভিমানে সম্পৰ্কত চামনি পেলাই মনৰ সংযোগ অস্পষ্ট কৰি তোলে! শাৰীৰিক সম্পৰ্ক নোহোৱাকৈও শাৰীৰিক সম্পৰ্কতকৈ উৰ্দ্ধৰ মানসিক সম্বন্ধ হ'ব পাৰে। তপত মৰুৰ বালিত এছাটি পানী ছটিয়াই দিয়াৰ দৰে এই সম্বন্ধ গুচি যাব পাৰে অন্য এক স্তৰলৈ। য'ত ভাল-বেয়া বিচাৰ কৰাৰ যুক্তিবাদী চিন্তা অকামিলা হৈ পৰে। নিষিদ্ধ ফলৰ সোৱাদ এবাৰ হ'লেও সকলোৱে লোৱাৰ বাসনা মনত ৰাখে! আৰু এই অৱদমিত বাসনাৰ জুইকুৰাত যদি কোনোবাই বতাহ দিয়ে? সেই প্ৰেম কাহিনী হৈ পৰে ভয়ংকৰভাৱে নিবিড়। নির্মালী আৰু সুমনৰ এই 'ডাৰ্ক প্ৰেম' কাহিনীয়ে আপোনাৰ মন মগজু জোকাৰি যাব। প্ৰতিগৰাকী শিল্পীৰ অভিনয় ইমান সাৱলীল যে ইয়াৰ পিছত এওঁলোকক বেলেগ ভূমিকাত দেখিলেও এইকেইটা চৰিত্ৰৰ ৰূপতহে মনত পৰিব। কাহিনীটোৱে চিনেমাখন চোৱাৰ বহুত পিছলৈকো খেদি ফুৰিব আপোনাক, চিনেমাখনৰ বিষয়ে নাভাবো বুলি ভাবিও হাত সাৰিব নোৱাৰিব। যদি অলপ ধতুৱা মনৰ তেনেহ'লে চিনেমাখন চোৱাৰ সাহস নকৰিব। চিনেমাত এডভেন্সাৰ বিচৰা সকলৰ কাৰণে এইখন মহাভোজ, এক অৰ্থত আমিষ! ছবিঘৰত ইতিমধ্যে মুক্তি লাভ কৰিছে।

Originally published on Facebook: 
https://www.facebook.com/tulika.devi.1/posts/10213358364308031


সকলো নাবালকত্ব পাৰ হৈ অৱশেষত অসমীয়া চিনেমাৰ এক মাইলষ্টোন: Manoj Goswami

আমিষ (2019)
পৰিচালনা, কাহিনী, চিত্ৰনাট্য : ভাস্কৰ হাজৰিকা
প্ৰযোজনা: শ্যাম বৰা, পুনম দেউল

অসমীয়া চিনেমাই সাবালকত্ব লাভ কৰিছেনে নাই সেই লৈ মাজে মাজে সন্দেহৰ উদ্ৰেক হয়। সিদিনা ফিল্ম ফেয়াৰ বঁটাৰ বাবে MOU স্বাক্ষৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কাঞ্চনজঙ্ঘা, ৰত্নাকৰৰ দৰে চিনেমা আমাক আৰু লাগে বুলি ৰাজহুৱাকৈ কৈ আমাৰ দুগুণে বিভ্ৰান্তি বঢ়ালে।
ঠিক এনে পৰিস্থিতিৰ মাজতে চোৱাৰ সুযোগ পালোঁ ভাস্কৰ হাজৰিকাৰ 'আমিষ'---এখন ডাৰ্ক ৰোমাণ্টিক ছবি, যি দৰ্শকক জোকাৰি যাব পাৰে তাৰ বিষয় ,মেটাফৰ আৰু ট্ৰিটমেন্টৰে! প্ৰেম বা নাৰী- পুৰুষৰ দেহজ আকৰ্ষণক কেন্দ্ৰ কৰি বহু ছবি নিৰ্মাণ হৈছে। মনৰ গোপন আন্ধাৰ গহ্বৰত প্ৰেমে পোহৰৰ বিচ্ছুৰণ যিদৰে পেলাব পাৰে , জিঘাংসা আৰু বিকৃতিও আনিব পাৰে সিটো অতি স্বাভাৱিক আৰু সাধাৰণ কথা। বহু পৰিচালকে প্ৰেমিক প্ৰেমিকাৰ চৰিত্ৰ তথা গল্পক একাধিক আবৰণেৰে( shades) বহুমাত্ৰিক আৰু ৰহস্যময় কৰি তোলে।

কিন্তু ভাস্কৰ হাজৰিকাই আমিষ'ৰ যি জটিল কাহিনী লৈছে তাক ৰূপায়ণ কৰাৰ বাবে সাহস আৰু সামৰ্থ্য দুয়োটাই লাগিব। বিশেষকৈ ইয়াত নান্দনিকতা আৰু বীভৎসতাৰ মাজত বেলেন্স কৰা ইমান সহজ নাছিল। সেয়ে ছবিখনত কোনো কোনো সময়ত পৰিচালক পিছলি গলেও সামগ্ৰিকভাৱে এই জটিল পৰীক্ষাত তেওঁ উতীৰ্ণ হৈ গৈছে। তাতে পশ্চিমত বীভৎসতা ( Grotesque )ও একধৰণৰ কলাৰস হিচাবে স্বীকৃত।

সেয়ে নিৰ্মালী ( লিমা দাস )আৰু সুমনৰ ( অৰ্ঘদীপ বৰুৱা) অসহজ প্ৰেমকাহিনী সাধাৰণ আমিষ ভক্ষণৰে আৰম্ভ হৈ নৰমাংস স্পৃহাৰে শেষ হৈছে। নিৰ্মালীৰ সুপ্ত যৌনতাৰ উন্মেষ আৰু তাক এক সৰ্বগ্ৰাসী ক্ষুধাত পৰিণত কৰা সুমন প্ৰকৃততেই এক বেপৰোৱা প্ৰেমিক। কিন্তু নিৰ্মালী?? দৈহিকতা আৰু যৌনতাৰ বাহিৰে তাইৰ জানো মনত প্ৰেমৰ কিবা চিন মোকাম আছিল? কিন্তু এই জটিল আৰু ধূসৰ চৰিত্ৰটো লিমা দাসে ইমান সংযত আৰু খুতঁহীনভাৱে ৰূপায়ন কৰিছে যে বিশ্বাসেই নহয় এইখন তেওঁৰ প্ৰথম ছবি। অসমীয়া চলচ্চিত্ৰত এগৰাকী অতি প্ৰতিভাবান অভিনেত্ৰীৰ আবিৰ্ভাৱ ঘটিল তাৰ বাবে পৰিচালক ভাস্কৰ হাজৰিকাও ধন্যবাদাৰ্হ। অৰ্ঘদীপৰ অভিনয়ো সুনিয়ন্ত্ৰিত আৰু সাৱলীল।

আমিষ'ত কিন্তু সংগীতেও এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছে (সংগীত-কুৱান বে)। আবহৰ উপৰিও জয়ন্ত হাজৰিকাৰ গানৰ পৰা পথৰ দাতিঁৰ মন্দিৰৰ কীৰ্তনলৈ, এমেচাৰ গায়কীৰ পৰা আৰু গীটাৰৰ তাৰঁৰ মৃদু ঝংকাৰলৈ পৰিচালকে সচেতনভাৱেই বিভিন্ন চিটুৱেচনত সংগীতক ব্যৱহাৰ কৰিছে। তদুপৰি বিভিন্ন সংবেদনশীল মুহূৰ্তত মন্টাজ আৰু ছাঁ পোহৰৰ সম্পাতেৰে কেমেৰাই ছবিখনক অন্য মাত্ৰা দিছে--কোনো কোনো সময়ত কৰি তুলিছে ভয়ংকৰ সুন্দৰ ( যেনে মৰ্গলৈ যোৱাৰ পূৰ্বে নিশাৰ মহানগৰীৰ পেন শ্বট )।

কিন্তু মাজে মাজে কলাজ'ৰ আধিক্য ( যেনে ইলিয়াছৰ হাস্পতালত সুমনৰ স্বপ্নদৃশ্য) আৰু ডিটেইলছৰ খুতেঁ( অংগ ক্ষয়ৰ পিছতো নিৰ্মালী--সুমনৰ শৰীৰত কোনো দুখ ক্লেশ নাই,মেডিকেল ছায়েন্সক উপেক্ষা কৰি খোজকাঢ়িছে দৌৰিছে স্বাভাৱিকভাৱে বা মৰ্গত সজাই থোৱা মাথো এটা মৃতদেহ, ইত্যাদি) ছবিখনৰ ৰসাস্বাদনত মাজে মাজে ব্যাঘাত জন্মাইছে। আমিষ'ৰ আৰম্ভণিতে নিৰ্মালীৰ একাকীত্ব বা অপূৰ্ণতা প্ৰতিস্থাপিত কৰাৰ বাবে পৰিচালকৰ হাতত বহু সুযোগ আছিল। বেলকনিত বহুবাৰ নিৰ্মালী থিয় দিছে, কিন্তু পঞ্চাশ বছৰৰো পূৰ্বে সত্যজিৎ ৰায়ে ' চাৰুলতা'ত দেখুৱাই যোৱা সেই খিৰিকী বা বেলকনিৰ দৃশ্যহে মনলৈ আহিল--যি নীৰৱ নিসংগতাক বাঙ্ময় কৰি তুলিছিল। এইবোৰ অৱশ্যে অতি সাধাৰণ প্ৰত্যাশা কিন্তু আমিষৰ ক্লাইমেক্সত প্ৰেমিকাৰ ক্ষুধা নিৰসনৰ বাবে সুমনে যেতিয়া এজন নিৰীহ ৰিক্সাচালকক হত্যা কৰিছে সি কিন্তু ছবিখনৰ কাহিনীৰ প্ৰাসংগিকতাক সহায় কৰা নাই। সুমনৰ চিকাৰ তেওঁৰ বা নিৰ্মালীৰ কোনো ঘনিষ্ঠ বা প্ৰিয়জনো হব পাৰিলেহেতেন (মই এটা ঈংগিতহে দিছোঁ)। কিন্তু সংগতিহীনভাৱে এজন অচিন লোকক বীভৎসভাৱে হত্যা কৰি ছবিখনত অহেতুক ভালগাৰিজিম আমদানি কৰিছে পৰিচালকে।

আজি পৰিস্থিতি এনে যে অসমীয়া ছবি চাই প্ৰেক্ষাগৃহৰ exit পাৰ হলেই পাহৰি যোৱা যায় তাৰ বিষয়, অভিনয় বা সাৰমৰ্ম। ভাস্কৰ হাজৰিকাৰ আমিষ কিন্তু ব্যতিক্ৰম। ই আপোনাক হন্ট (haunt) কৰিব, খেদি ফুৰিব বেছ কিছু সময়লৈ।
সেয়ে সকলো বিভ্ৰান্তি বা বিতৰ্কৰ মাজতো আমিষ এখন গুৰুত্বপূৰ্ণ ছবি। হয়তো সকলো নাবালকত্ব পাৰ হৈ অৱশেষত অসমীয়া চিনেমাৰ এক মাইলষ্টোন। অভিনন্দন ভাস্কৰ হাজৰিকা।

Originally published on Facebook: 

এখন অসফল আৰু অমানৱীয় ছবি: Nilim Kumar


এখন নিকৃষ্টতম কাহিনীৰ ছবি "আমিষ" চালো ৷ সংগীতকে ধৰি পৰিচালনাৰ দিশটোত ক’বলগীয়া একো নাই ৷ কিন্তু এক চমক সৃষ্টিৰ উদ্দেশ্যে কাহিনীটো জোৰপূৰ্বক লিখা হৈছে ৷ ইয়াতে কাহিনীৰ দুৰ্বলতা আৰু উদ্দেশ্য প্ৰকাশ হৈছে ৷ আৰু উদ্দেশ্য হ’ল এক ঘৃণনীয় কাহিনীৰ ছবি নিৰ্মাণ কৰা ৷ যাতে দৰ্শকৰ বহুদিনলৈ মনত ৰৈ যায় ৷
প্ৰথম কথা হ’ল - ছবিখন আৰম্ভ হোৱাৰে পৰা কেৱল মাংস আৰু মাংস ৷তাৰ বাহিৰে গোটেই ছবিখনত যেন অন্য কোনো দৃশ্য নাই ৷ অন্য কোনো সংলাপ নাই ৷এখন ছবি ইমান মাংসপ্ৰধান হ’ব পাৰেনে? এয়া কাহিনীৰ সংকীৰ্ণতা ৷ Experiment বস্তুটো আমি বুজি পাওঁ ৷ এয়া experimental হ’ব নোৱাৰে ৷
দ্বিতীয় কথাটো - এটা প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাৰ সমান্তৰালভাৱে এটা হিংসাত্মক বৰ্বৰ মানসিকতাৰ জন্ম নহয় ৷ প্ৰেমে মানুহক সংবেদনশীল হে কৰি তোলে ৷কাহিনীত দেখা গৈছে- সুমন আৰু ডা° নীৰি যিমানে প্ৰেমৰ প্ৰতি ধাবমান হৈছে সিমানেই তেওঁলোক সৌন্দৰ্যতা , মানবতাৰ পৰা বিচ্ছিন্ন হৈছে ৷ এয়া জীৱ বিদ্যাৰ বিৰোধী কথা ৷
প্ৰেমে মানুহক অত্যুত্সাহী কৰি তুলিব পাৰে, যাৰ কাৰণে সুমনে প্ৰতিদিনে ডা° নীৰিক নতুন নতুন মাংসৰ সোৱাদ দিবলৈ কৰা চেষ্টাক মানি ল’ব পাৰি ৷ কিন্তু ডা° নীৰি ? তেওঁ বিবাহিতা ৷ সন্তানৰ মাতৃ ৷ আৰু জেষ্ঠ্য তথা শিশুৰোগ চিকিৎসক ৷ তেওঁৰ সুমনৰ লগত এনেকৈ মাংসৰ পিছে পিছে ঘূৰি ফুৰিবলৈ সময় ক’ত? কাহিনীৰ দুৰ্বলতা ৷
উত্তৰ পুৰ্বাঞ্চলৰ মানুহৰএবিধ প্ৰধান আৰু প্ৰিয় মাংস খাদ্য হ’ল গাহৰি ৷ ছবিখন যিহেতু মাংস প্ৰধানেই তাত গাহৰিৰ মাংসৰ বিবিধ ব্যঞ্জনৰ উল্লেখ একেবাৰে বাদ পৰিল কেনেকৈ ?
তাৰোপৰি যিহেতু মানুহৰ মাংস খোৱালৈকে দেখুৱালে , তাৰ আগতে গৰুৰ মাংস খোৱাৰ অবতাৰনা থাকিব নালাগিছিল নে?
প্ৰেমক খুৱাবলৈ দুবাৰকৈ নিজৰ গাৰ মংহ কটাৰ পিছতো অসুস্থ হৈ নপৰাটো কাহিনীৰএটা সাংঘাতিক দুৰ্বল দিশ ৷
এগৰাকী শিশু চিকিৎসকে মাজৰাতি মৰ্গত গৈ Dead bodyৰ মাংস চুৰি কৰিব খোজাটো কাহিনীৰ স্খলন ৷ নিজৰ শৰীৰৰ মাংস কাটি নিজে ৰন্ধাটোও অতি উদ্ভট অতিৰঞ্জিত ৷
মদ ভাং ড্ৰাগছ আদিতকৈ মাংসৰ নিচা যে বেছি হ’ব পাৰে , সেয়া অবৈজ্ঞানিক ৷
বহুতে ক’ব খোজাৰ দৰে এয়া experimental কাহিনী হ’ব নোৱাৰে ৷ experimentৰ নামত কোনো প্ৰেমিক প্ৰেমিকাই ইজনে সিজনৰ গাৰ মাংস খাব নোৱাৰে ৷ মাংসৰ ভোকৰ নামত মানুহৰ মাংস খাব নোৱাৰে ৷ এয়া অতিকথন ৷
মুঠতে অবৈজ্ঞানিক কথা অতিকথন আৰু চিন্তাৰ দুৰ্বলতাৰে ছবিখনে চমক সৃষ্টি কৰিছে আৰু ব্যবসায়ীক দিশত সফলতা লাভ কৰিলেও সাংস্কৃতিক দিশত এখন অসফল আৰু অমানৱীয় ছবি ৷

Originally published on Facebook: 

আমিষ আকৌ চাম: Archana Borthakur

'আমিষ' এখন অনন্য ব্যতিক্ৰমী চিনেমা। চিনেমাখন চোৱাৰ পৰা এতিয়ালৈকে চেতনাৰ কোনোবাখিনি জোকাৰ খাই আছে। এতিয়ালৈকে পৃথিৱীৰ বিভিন্ন ভাষাত যিসমূহ চিনেমা চালো ( এগৰাকী সাধাৰণ শ্ৰেণীৰ দৰ্শক হিচাপে) সেই সমূহৰ মাজৰ বিশেষ এখন চিনেমা হিচাপে ' আমিষ' সদায় মনত ৰৈ যাব। 'আমিষ' চিনেমাৰ সমদলৰ মাজত হেৰাই যোৱা চিনেমা নহয়। আমিষে চিন্তাক উদ্বেলিত কৰিছে। কি অসামান্য ট্ৰিটমেণ্ট, কি  Perfect Metaphor ৰ ব্যৱহাৰ ! বহু সময়ত সংলাপত নথকা কথাবোৰ কেমেৰাই কৈছে। ওপৰে ওপৰে চালে গোটেই চিনেমাখন মাংশৰে কথা। কিন্তু 'মাংশ' নিজেই ইয়াত এটা সাংঘাতিক ৰূপক। এটা আচৰিত ভোকৰ অনুঘটক। সুমনৰ ভালপোৱা প্ৰগলভ্, গতিময়। বিচনাত জপিয়াই নপৰাকৈ প্ৰেয়সীৰ শৰীৰলৈ যোৱাৰ বাট বিচাৰিছে তেওঁ। আনহাতে নীৰিৰ আছে সেই দূৰন্ত ভোক! ভোক বাঢ়ি গৈয়েই আছে। অপ্ৰাপ্তিয়ে বঢ়াইছে ভোক। অথচ নীৰিৰ জৰিয়তে প্ৰথমেই পৰিচালকে কোৱাইছে-যিকোনো ক্ষেত্ৰতে অত্যধিকটো যে বেয়া। আৰু শেষত নীৰিয়ে নিজৰ ক্ষেত্ৰতে নোৱাৰিলে এই অত্যধিকৰ ভাৰসাম্য ৰাখিব। অপূৰ্ব, অনবদ্য অভিনয় কৰিছে অঘ্ৰদীপ বৰুৱা আৰু ড. লিমা দাসে। এক অৰ্থত সুমন আৰু নীৰাৰ মাজত হেৰাই গ'ল ড. লিমা আৰু অঘ্ৰদীপ। সুমনৰ আচৰিত সৰলতা , অপাপ স্নিগ্ধতা , কেৱল ভালপোৱাৰ নামত নিজকে হেৰুৱাই পেলোৱাৰ উদগ্ৰ হেপাঁহ সকলোবোৰ ফুটাই তুলিব পৰা চকুহাল , হাঁহিটো ! আনহাতে নিৰীৰ অস্থিৰতা, নিৰীৰ অপ্ৰাপ্তি, অনিশ্চিতিলৈ সন্মোহীতৰ দৰে আগবঢ়া তাড়ণা সেই সকলোবোৰ ড. লিমা দাসে নিখুঁত কৈ ফুটাই তুলিছে। সাংস্কৃতিক অনুষ্ঠান এটাত প্ৰেক্ষাগৃহৰ আন্ধাৰ পোহৰৰ মাজত দোলায়িত ড. নীৰিৰ কাণৰ সেই ৰূপালী ফুলিপাতৰ দোলন ! কিমান কথাই যে কৈছে!  নীৰিৰ ঘৰুৱা পাৰ্টিত নীৰিয়ে স্বামীৰ কাণৰ কাষত আহি কিবা এটা কওতে সুমনৰ চকুত ঢলি পৰিছে বিষাদৰ অনেক নোকোৱা কথা ! ঘৰলৈ বুলি উভতি অহা সুমনৰ মোবাইলত নীৰিৰ মেচেজটো অহাৰ লগে সুমনে একেটা ৰাস্তাৰ বিপৰীত দিশেৰে পুনৰ ওভতনি যাত্ৰা কৰিছে।  এক অঘটনৰ যেন আগ জাননীহে। 

চিনেমাখনত সাংঘাতিক এটা চৰিত্ৰ ড. ইলিয়াছ। ড. ইলিয়াছে সমাজখন যেন প্ৰতিনিধিত্ব কৰিছে। স্নেহ , অভিভাৱকত্ব, উদ্বেগেৰে সমৃদ্ধ এই চৰিত্ৰটোৱে চিনেমাখনক অন্য এক মাত্ৰা দিলে। ড. ইলিয়াছে সস্নেহেৰে বিশ্বাস কৰিছে সুমনক। অথচ কিবা এটা অশুভ ইংগিতো প্ৰথমৰে পৰা তেওঁৱেই পাই আছে। একেবাৰে অজানিতে গোটেই ঘটনাচক্ৰত আটাইতকৈ সাংঘাতিক কামটো তেওঁৰ দ্বাৰাই হ'ল ,যিটো কথা কোনোবা এটা সংলাপত সুমনে ইংগিত দিছে। পৰিচালকে ড. ইলিয়াছক গোটেই জীৱনলৈ সেই দন্দত পেলাই থৈ গ'ল। সাগৰ সৌৰভৰ অভিনয়ত সুন্দৰ পৰিপক্কতা অনুভৱ হ'ল।  'আমিষ' আকৌ চাম।
- অৰ্চনা বৰঠাকুৰ (received on WhatsApp)

এক মন চুই যোৱা নিৰ্মল পৰশ: Anuradha Baruah

এইখন মাথোঁ চিনেমা বা বোলছবি নহয়। এইয়া প্ৰেমৰ এক বিচিত্ৰ ৰূপৰ অনুভৱ।
প্ৰেম অন্ধ বুলি কোৱা হয় কাৰণ সঁচা প্ৰেমত কোনো ভেদাভেদ নাথাকে, আনে কি ভাবিব তাক ভবা নাযায়। ইয়াত দেখুওৱা হৈছে সুমনৰ নিৰ্মালীৰ প্ৰতি সৰল প্ৰেমৰ এখন পবিত্ৰ প্ৰেমৰ ছবি। তেওঁ নিৰ্মালীৰ প্ৰেমত ইমানেই অন্ধ হৈ পৰিল যে যি কোনো উপায়ে 'বা' জনীক সন্তুষ্ট কৰিবলৈ অপ্রান চেষ্টা চলাবলৈ ধৰিলে।  নিৰ্মালীক ভাল লগাবলৈ বিভিন্ন যুতিৰে মাংস ৰান্ধি বা কোনো ঠাইলৈ  লৈ গৈ বেলেগ বেলেগ ধৰণৰ ৰন্ধা খুৱাবলৈ ধৰিলে।
সদাই খোৱা মাংসৰ পিছত নৰমাংসৰ প্ৰতি নিৰ্মালিৰ আশক্তি হোৱাটো সুমনে সৃষ্টি কৰিছিল নিজৰ দেহৰ মাংস দি। সেই মাংসৰ সোৱাদে নিৰ্মালিক এক অনাবিল অনুভূতিৰ মাজলৈ লৈ গৈছিল, যত তেওঁ সুমনৰ প্ৰেম উপলব্ধি কৰিছিল।
পৃথিৱীৰ বহুতো নিদৰ্শন আমি জানো য'ত প্ৰেমৰ কাৰণে ইজনে সিজনে একেলগে মৃত্যুক আকোৱালি লয়, প্ৰেমৰ বাবে স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কত কোনো মৰ্য্যদা নাথাকে, নিজৰ আত্মীয় স্বজনকো বিশ্বাসঘাটকতা কৰা হয়, তেন্তে নিজৰ দেহৰ এটুকুৰা মাংস প্ৰেমিকাক খুৱাব পৰাটো অন্য এক প্ৰেমৰ নিদৰ্শন বুলি মই ভাবো। ইয়াৰ পৰা বুজা যায় প্ৰেম অন্ধ, প্ৰেম স্বৰ্গীয় আৰু প্ৰেম শক্তিশালী।
যেনেকৈ সমাজৰ কিছুমান নিষিদ্ধ কাম যেনে সৰু সৰু  লৰা ছোৱালীক যৌন অত্যাচাৰ, মাক দেউতাকৰ প্ৰতি নিষ্ঠুৰ ব্যৱহাৰ, মানসিক আৰু শাৰীৰিক যন্ত্ৰণাৰ বলি হোৱা, ঘৰে ঘৰে পৰিলক্ষিত হয় কিন্তু বেছি ভাগে নীৰৱ দৰ্শক কিয়? সমাজৰ ভয়, মানুহে কি কব? মাত্ৰ সীমিত মানুহে হে এইবোৰ কথা মুক্ত ভাবে কবলৈ সাহ কৰে। ঠিক তেনেকৈ 'আমিষ'ত দেখুওৱা সুমনৰ ভাল পোৱাই নিৰ্মালীক সন্তুষ্ট কৰিবলৈ কৰা অপ্ৰান চেষ্টাক কিছুমানে ভাল চকুৰে চাব পৰা নাই, আকৌ, 'মানুহে কি কব?'
সমাজত হোৱা অন্যায় অবিচাৰ বোৰ নিৰবে মানি লোৱা বহু লোকেই আছে, তেওঁলোকৰ মাজৰে কোনোবাই নৰমাংস খোৱাটো ভাল ভাবে লব নোৱাৰাতো একো আচৰিত কথা নহয়
"প্ৰেম" কি তাক উপলব্ধি  কৰিব পৰা সকলে হে এই ছবিখন বুজি পাব। সেই দৃষ্টিভংগী সকলোৰে মাজত নাথাকে, ইয়াত কাৰো দোষ নাই। আমি জোৰ কৈ যেনেকৈ কাকো একো কাম কৰাব নোৱাৰোঁ, তেনেকৈ বিভিন্ন জনৰ দৃষ্টিভংগী সলনি কৰিব নোৱাৰোঁ।
ভাস্কৰ হাজৰিকা ৰ ছবিখনৰ এই বলিষ্ঠ পদক্ষেপক মই সমৰ্থন কৰোঁ।
আমি আজি গৌৰৱান্বিত কাৰণ ভাস্কৰ হাজৰিকাৰ 'আমিষ' ছবিখনে প্ৰায় গোটেই পৃথিৱীৰ ছবি জগতত খলকনি তোলাৰ লগতে বহু  প্ৰসংশা বুতলিবলৈ সক্ষম হৈছে।

- অনুৰাধা বৰুৱা (received by the team on WhatsApp)

এনেধৰণৰ চিনেমা এনেধৰণৰ হ'লে ভাল নালাগে: Pradyumna Kumar Gogoi

কথানদী চাই অামাৰ লোকজীৱনৰ স'তে সংলগ্ন মেজিক ৰিয়েলিজমৰ দৰে কিবা এটা পাইছিলো। কিন্তু অামিষে যি ধাৰা এটা প্ৰতিনিধিত্ব কৰিছে- তাৰ বাবে পৰম্পৰাগত নান্দনিকতাৰ প্ৰয়োজন নাই, বৰঞ্চ তাৰ বিকল্পহে- অথচ চিনেমাখনত সেইটোৱেই কৰা হৈছে- অাৰু এই সেয়ে এই নান্দনিকতাটোৱে ভোগালী জাতীয়তাবোধহে প্ৰতিনিধিত্ব কৰিছে- মাংসকেন্দ্ৰিক থলুৱা ৰেচিপিৰ ডিশ্ব কিছুমানৰ দ্বাৰা- য'ত নৰমাংস এলিয়েন এবিধ বস্তু। চিনেমাখন মূলতঃ প্ৰেম অাৰু মাংস। মাংস অকল খোৱা বস্তুৱেই নহয়- ই জৈৱিক, ইয়াক কাটিব পাৰি, ই গেলি যায় অৰ্থাৎ ক্ষণস্থায়ী। ব্যক্তিগতভাৱে এই ধাৰাৰ চিনেমা থলুৱা ৰেচিপিৰ কিছুমানৰ প্ৰদৰ্শনৰ দ্বাৰা হোৱাটো নিবিচাৰো। কিবা এটা যেন ইয়াত লুকুৱাই ৰাখিব লগা হৈছে- যিটো অামি চালেই বুজি পাও! এনেধৰণৰ চিনেমাত যথেষ্ট কটা চিঙা- তেজ- বীৰ্য- 'খোলা মেলা'ৰ প্ৰয়োজন। অামিষৰ মূল অসফলতাটো হ'ল চিনেমাখন মূল অাইডিয়াৰ বাবে পৰ্যাপ্ত সামাজিক স্বীকৃতি অামাৰ ইয়াত নাইয়েই। জয়ন্ত হাজৰিকাৰ গীতেৰে পৰিচালকে 'নিজৰ চহৰখন'ৰ ৰ'দমুখৰ দেওবৰীয়া (!) ৰাতিপুৱা এটাৰে চৰিত্ৰবোৰক দেখুৱাইছে, লাহে লাহে বিশ্ববিদ্যালয় এখনৰ হোষ্টেলিয়া পৰিৱেশ, চহৰখনৰ য়ুথ ট্ৰেণ্ডবিলাক, বৰ্ণহিন্দু তথা মেইনষ্ট্ৰিম অসমীয়া সমাজৰ মাংসৰ প্ৰতি থকা ৰুচি, গুড চ'ছিয়েলিট জগত এখনত লালন পালন হোৱা হাই ক্লাছ অাৰবান এখিনি মানুহ- য'ত পুৰুষৰ এখন জগত থাকে, নাৰীৰো অান এখন জগত থাকে- পুৰুষসকলে একেলগে মদ খালে বৃত্তিগত অভিজ্ঞতাসমূহৰ ছেয়াৰ হয় অাৰু নাৰীসকল লগ হ'লে খোলাখুলিকে ক'বলে গ'লে যৌনঅালোচনা।
নিৰ্মালী শইকীয়া এগৰাকী অন্তৰ্মুখি নিঃসংগ নাৰী। তাইৰ একমাত্ৰ বান্ধৱীগৰাকীৰ এক্সপ্ৰেছিভ যৌনতাত নিৰ্মালী অত্যধিক নিঃসংগ হয়, নিৰ্মালীয়ে এই চেঙেলিয়ামীবিলাকৰ সলনি ভাল পায় হীৰুদাৰ কবিতা অাৰু স্বামীৰে মিলি নিজৰ প্ৰফেচনেৰে মানুহক সহায় কৰি অাছে। তাইৰ নিসংগতাৰ উৎপত্তি ঘটিছে যৌনভোকৰ পৰা- কিয়নো একধৰণৰ সংস্কাৰত তাই অাচ্ছন্ন যে বিয়া পতাৰ পাছত যৌনসংগী কেৱল স্বামী। বান্ধৱীগৰাকীৰ দৰে তাই খোলা মেলা নহয়, বৰঞ্চ ভাবুক অাৰু ৰোমাণ্টিক। চটফটীয়া নিমাখিত ডেকা ল'ৰা দেখিলে নিৰ্মালী কামুক নহয় বৰঞ্চ দায়িত্বশীল ভাতৃস্নেহতহে অাচ্ছন্ন হয়, কিন্তু মোহিতও হয়- এই মোহটো এনে লাগে যেন তাই প্ৰেমত ক'ৰবাত বিফল- প্ৰথম দৃশ্যকেইটাত এইটোৱে প্ৰতিফলিত হয়। গোটেই চিনেমাখনতো নিৰ্মালীক এনেধৰণে দেখা পোৱা যায়- দায়িত্বশীল। 'মই তোমাক অাৰু কষ্ট দি থাকিব নুখুজো'- এই সংলাপটো দিব নালাগিলহেঁতেন যদিহে তাই মাংসঅভিযানৰ ওপৰিও অাৰম্ভণীৰে পৰা মনত সমান্তৰালভাৱে তাৰ প্ৰতি জাগি উঠা প্ৰতি তীব্ৰ মোহৰ বশৱৰ্তী যৌনঅাগ্ৰহৰ ইংগিত দেখুৱালে হয়, তেতিয়া হয়তো কাহিনীয়ে বেলেগ হ'ল হয়।
সুমনো ভাবুক অাৰু ৰোমাণ্টিক কিন্তু প্ৰেমত পৰিলে পুৰুষৰ চকুৱে মনত টুকি ৰখা নাৰীৰ জননাংগসমূহ তাৰ মনৰ পৰা অাতৰ হয়- তাৰ ঠাইত বাহ লয় প্ৰেয়সীৰ মুখ, যি প্লেট'নিক প্ৰেমৰ অান এক উপাদান। সি কিছু পৰিমাণে স্পিৰিচুৱেলো- যিদৰে বহুতো জনজাতীয় সমাজে উপাস্য দেৱ- দেৱীৰ মাজত বিলীন হ'বলে নিজৰ শৰীৰৰ ক্ষতিসাধন কৰি অহাৰ প্ৰথা অাছে- সেয়ে ইয়াতো নিৰ্মালী তাৰ বাবে দেৱীস্বৰূপ হৈ পৰিছে। সুমনে নিৰ্মালীৰ স'তে বেছিভাগ অান্তৰিক সময় কটাইছে মাংস খাওতে- সেয়ে তাই মাংস চোবাই চোবাই পৰিতৃপ্ত (নিংসংগতাৰ পৰা এপলক মুক্তি) দৃশ্যটোত সি মুগ্ধ হয়, অাৰু এই মুগ্ধতাই তাৰ কাল হ'ল, অথচ নিৰ্মালীৰ সেই পৰিতৃপ্তিসমূহৰ ভিতৰত লুকাই অাছিল সম্পূৰ্ণ ইৰ'টিক। সুমন যিহেতু নৃতত্বৰ ছাত্ৰ অাৰু সেয়ে সি জ্ঞাত যে নৰমাংস পূৰ্বাপৰধৰি চলি অহা এটা টাবু অাৰু বহু নৃগোষ্ঠীৰ মাজত এতিয়াও ই প্ৰচলিত, অানহাতে বহু লোককথা অাৰু লোকগীততো হয়তো প্ৰেমাস্পদৰ গাৰ মঙহৰ কথা উল্লেখ থাকিব পাৰে যদিও এইসমূহ হয়তো বিষাদ-অতৃপ্তিৰ এটা এক্সপ্ৰেচন- ''মই তোমাৰ প্ৰেমত পৰিছো, মোক যি মন যায় কৰা'। অানকি নিজৰ হাত ব্লেডেৰে কাটি প্ৰেমাস্পদৰ নাম লিখাও অামি পাই অাহিছো। সুমনে নিজৰ মঙহ খুওৱাৰ পৰ্বটো অাহে সি নিৰ্মালীৰ থুতৰিত লাগি থকা মাংসকণ এৰুৱাবলে যাওতে তাই তাৰ স্পৰ্শানুভূতিৰ প্ৰতি নাৰ্ভাছ হৈ উঠাৰ পাছত- সি লগালগ ভাবি উঠে পাৰস্পৰিক শাৰীৰিক স্পৰ্শতকৈও প্ৰেমত শৰীৰকেন্দ্ৰিক চৰ্চাতকৈ অাৰু কি কৰিব পাৰি? সেয়ে তাৰ খেয়ালী মনটোৱে এটা এক্সপেৰিমেণ্ট চলাবলে মন গ'ল- প্ৰেম মানে একধৰণৰ অাৱেগিক অাৰু সুৰক্ষিত শৰীৰচৰ্চা, কিন্তু নিৰ্মালীৰ শৰীৰতকৈ তাৰ নিজৰ শৰীৰটোৰ প্ৰতিহে সচেতন হয়- নিৰ্মালীয়ে কাটা চামুচেৰে মাংস চোবাই থাকোতে তালে নিক্ষেপ কৰা যি পৰিতৃপ্তিৰ চাৱনি- সেই চাৱনিত ব্যাহত হোৱা তাইৰ নিঃসংগতাবোধে তাক অৰ্গাজমতকৈও এটা সৰগীয় অানন্দ প্ৰদান কৰে অাৰু তেনেকৈয়ে এক্সপেৰিমেণ্টৰ ধাৰণা এটা মনলে অাহে যে- মই নিজৰ গাৰ মঙহ খুৱাই তেওক সুখী কৰিম!
যেতিয়া নিৰ্মালীয়ে তাক তাইৰো ভৰিৰ মঙহ কাটি তাক খুৱায় অাৰু সি উকালি দিয়ে- সেই দৃশ্যটোত নিৰ্মালী অত্যধিক নিঃসংগ হয়। তাৰ মঙহ খাই নিৰ্মালী ভিতৰি হেন্দোলিত অথচ সি বমিয়াইছে- কাৰণ নিৰ্মালী নাৰী অাৰু সুমন পুৰুষ। এইটো নহয় যে নাৰীয়ে নৰমাংস খাব পাৰে, নৰমাংসও এবিধ মাংসই, কিন্তু human flesh অাৰু নাৰীৰ মাজত সম্পৰ্ক অাছে- কিয়নো নাৰীৰ এটা গৰ্ভ থাকে য'ত বীৰ্যই মাংসপিণ্ড অাৰু শেষত জীৱৰ ৰূপ অাৰু সঞ্চাৰিত হৈ জন্ম হয়। নাৰীৰ শাৰীৰিক অাহাৰগ্ৰহণৰ ৰন্ধ্ৰ দুটা- কিন্তু পুৰুষৰ কেৱল মুখখন (sedomy বাদ দি) । নাৰীয়ে যিহেতু পেটত মাহ মাহ ধৰি নিটোলকৈ জীৱ ধাৰণ তথা জন্ম দিয়ে- সেয়ে চিনেমাখনৰ ফেণ্টাছিমতে (য'ত লিংগসমতাৰ দৰে সামাজিক বিষয়সমূহ গৌণ) জীৱৰ মাংস সোৱাদ লোৱাটো বিশেষ একো ডাঙৰ কথা নহয়, ডাঙৰ কথা হৈছে সুমনৰ প্ৰতি থকা তাইৰ দায়িত্ববোধ। ইয়াত সুমনে প্ৰদান কৰিছে- সিমানৰ পাছতো সি নিজৰ পেনিছ কাটি দিয়াৰ কথা ভবা নাই- অাচৰিত, নিৰ্মালীয়ে গ্ৰহণ কৰিছে- সিমানৰ পাছতো তাই সুমনৰ পেনিছ ভজা অাশা কৰা নাই কিয়নো তাই অান এক সোৱাদ পাই গৈছে- যেন যিকোনো মাংসই তাই সুমনৰ হাতেৰেহে সোৱাদ পাইছে- সুমনে অাৱিষ্কাৰ কৰিছে এখন সম্পূৰ্ণ উলোটা জগত অাৰু সুমনক কৈ উঠিছে- দিয়া মোক অাৰু দিয়া। কিন্তু সুমনৰ সৰু সৰু টুকুৰাবোৰে তাইৰ মন অাৰু পেট নভৰে অৰ্থাৎ সুমনক তাই গোটে গোটে খাব খোজে- কাৰণ এনেধৰণে তাই সুমনৰ মাজত অাচ্ছন্ন হৈ পৰিছে কিন্তু এইখিনিতে অাহি পৰিছে দায়িত্ববোধ অাৰু মৰেলিটী- সুমন বহুত সৰু ল'ৰা, তাই ডাঙৰ। সুমন প্ৰেমত ব্যৰ্থ হৈছে কাৰণ তাই তাক অাৰু খাব খোজা নাই। কিন্তু সুমনে তাইক এনেকুৱা এটা পৰিতৃপ্তিৰে উন্মাদ কৰি তুলিছে যে সুমনেই তাইৰ এই ক্ষেত্ৰত একমাত্ৰ ভৰসা। পৰকীয়া এফেয়াৰত বান্ধৱীগৰাকী গৰ্ভৱতী হৈছে অাৰু নিৰ্মালী নৰখাদক। দা ইণ্ডৰ যিটো দৃশ্য- সেইটো অাশাপ্ৰদ- কিয়নো স্পৰ্শবিহিন প্ৰেমত এনেকুৱাই হয়তো হ'ব পাৰে। চেক্স কৰাটো মানুহৰ অাটাইতকৈ অাদিম সম্পত্তি, ঠিক তেনেকৈ মানুহৰ মাংস খোৱাটোও।
কাহিনীটো অাচলতে এটা ঘটনা- নিউজ চেনেল কপাই তোলা। চহৰখনৰ বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ অাৰু এগৰাকী চিকিৎসকৰ চাঞ্চল্যকৰ কাণ্ড- অাৰু সেয়ে ঘটনাটো চিনেমাখনত বাস্তৱ অাৰু বাস্তৱতো বাস্তৱ হ'ব পাৰে। যিহেতু এইধৰণৰ চিনেমা কৰাৰ সামাজিক অনুমতি অামাৰ ইয়াত নাই অাৰু অসমীয়া চিনেমা বুলিলেই অাবাল বৃদ্ধ বণিতাৰ পৰা কোলাৰ কেঁচুৱালৈকে চোৱাৰ প্ৰৱণতা এতিয়াও অাছে- সেয়ে চিনেমাখনত প্ৰকৃত ঘটনাটোৱে হ'ব পাৰিল হয় মনেসজা এটা ভাৰ্চুৱেল ফেণ্টাছি। হেণ্ডচাম এলিয়াছদাৰ ভূমিকা চিনেমাখনত মূলতঃ dull- যিহেতু চিনেমাখনত দেখুৱামতে সুমনৰ সি একমাত্ৰ বিশ্বস্ত মানুহ অাৰু এই অস্বাভাৱিক প্ৰৱণতাক অাৰম্ভণীতেই বাধা দিয়াটোহে বাস্তৱিক অাছিল।
মূলতঃ এনেধৰণৰ চিনেমা এনেধৰণৰ হ'লে ভাল নালাগে। ব্লেকৰ পৰা হোৱাইটলে জাঁপ, অাকৌ হোৱাইটৰ পৰা ব্লেকলে জাঁপ মৰা ফুৰা যেন লাগিল। এইবোৰ মানুহৰ মনৰ কোঠালিৰ ভিতৰৰ কোঠাৰ বিশ্বজনীন বিষয়, মানুহৰ মুখৰ অভিব্যক্তি অধ্যয়নৰ বিষয়। অাউটডোৰ জগতখন ইয়াত গৌণ। তাতকৈ বব গেলড'ফৰ 'দা ভেজিটেৰিয়ান অৱ লাভ' এলবামটোকে শুনি সময় পাৰ কৰিব পৰা।

Originally published on:

কি অসাধাৰণ চিনেমা এখন চাবলৈ পালোঁ: Bonya Phukan

'আমিষ' নামটো শুনাৰে পৰা চাবলৈ খুউব আগ্ৰহেৰে বাট চাই আছিলোঁ। অৱশেষত আজি চোৱা হল। চাই ইমান অদ্ভুত ধৰণৰ ভাল লাগিল কবলৈ শব্দৰ অভাৱ হৈ গৈছে। কি বুলিনো কওঁ ভাবিয়েই পোৱা নাই। কি অসাধাৰণ চিনেমা এখন চাবলৈ পালোঁ বিশ্বাসেই হোৱা নাই। অভিনয়, চিত্ৰনাট্য, সংগীতকে আদি কৰি সকলো ফালৰে পৰা এখন শক্তিশালী চিনেমা হৈছে। চিনেমাখনৰ লগত জড়িত সকলো সদস্যকে ধন্যবাদ জনালো। #ভোকবাঢ়িছে

Sent as a private message to the Aamis team on Facebook (Nov 29, 2019)

নতুন ধাৰণা , সঠিক কাহিনী: Sudipta Barkakati


আমিষ : অসমীয়া কথাছবি ৰ সম্পদ এতিয়া ।

এক নতুন ধাৰণা , সঠিক কাহিনী , ধুনীয়া অভিনয় আৰু বলিষ্ঠ নিৰ্দেশনা ।

Originally published on Facebook:
https://www.facebook.com/photo.php?fbid=2466205323658248

অসাধাৰণ চিন্তা, অগতানুগতিক পৰিকল্পনা: Abu B Siddik

অসাধাৰণ চিন্তা আৰু অগতানুগতিক পৰিকল্পনাৰ সাংঘাতিক সংমিশ্ৰণেই হ'ল Aamis

Originally published on Facebook: https://www.facebook.com/photo.php?fbid=1434075583407553

এক উৰ্ধ্বতম প্ৰেম কাহিনী: Banashree Sarma

#আমিষ_প্ৰেম
যেতিয়া প্ৰেমে হৃদয় ভেদ কৰি আত্মাক স্পৰ্শ কৰে তেতিয়া ই প্ৰেম গুচি সঞ্জীৱনী সুধা হয়। যাক কেৱল মাথো এটি চাৱনিৰে পান কৰিব পাৰি,এটি হাঁহিৰ ৰেখাত আৱদ্ধ কৰিব পাৰি অন্তহীন সময়ৰ বাবে। "আমিষ" ব্যতিক্ৰমী, স্পৰ্শহীন ভালপোৱাৰে আত্মা স্পৰ্শ কৰা এক উৰ্ধ্বতম প্ৰেম কাহিনী । ভালপোৱা নিৰামিষ ব্যঞ্জনৰ দৰে নিৰস নহয়।যুগে যুগে দেখি অহা ভালপোৱাৰ প্ৰতিটো কাহিনীত থাকে এক তেজ মঙহৰ অনাবিল তৃপ্তি! এই তৃপ্তিকেই ভাস্কৰ হাজৰিকা চাৰে এক সোৱাদেৰে সজালে,যিটো ভাললগা,সুস্বাদু, একেবাৰে ফ্ৰেছ মাংসৰ সোৱাদৰ নিচিনা । আচলতে প্ৰেম যেনেকৈ নহওঁক,যেতিয়াই নহওঁক,ইয়াৰ প্ৰকাশিত ৰূপ পোৱাৰ সম্পূৰ্ণ অধিকাৰ থাকে । দুদিনীয়া এই জীৱনটোত মৰম ভালপোৱাবোৰেইতো উপকৰণ,জীৱনক বেলেগ সোৱাদত সজাবলৈ ।কিন্তু ভবাৰ দৰে কৰিব পাৰে জানো সকলোৱে???নোৱাৰে । নোৱাৰে বাবেইটো অসংমিশ্ৰিত উপকৰণ কিছুমানৰ বিক্ষিপ্ত মিশ্ৰণত জীৱনৰ সোৱাদ বিহ হৈ উঠে। এই বিহে সকলোকে দহে।বয়সভেদে মাথো এই দহন বেলেগ । কোনোবাই যদি প্ৰেমত ব্যতিক্ৰমী পৰীক্ষা কৰি পচতাইছে,কোনোবাই অতিপাত প্ৰেমৰ ভোকত গোগ্ৰাসে গিলি পচতাইছে।মোৰ দৃষ্টিত চুমনৰ নিৰ্মালিৰ আত্মালৈ প্ৰৱেশ কৰিব খোজা প্ৰেমৰ পৰীক্ষাও বৈধ আৰু জীৱনৰ নোপোৱাখিনিৰ ক্ষুধাত চটফটাই থাকি শেষত একেলগে বিচাৰি পোৱা পৰম তৃপ্তিৰ ভালপোৱাখিনি গোগ্ৰাসে গিলিব খোজা নিৰ্মালিৰ ভোকটোও বৈধ। চেপি ৰখা ভালপোৱাবোৰ জ্বালামুখীৰ দৰে। মনক চেপি হেচি ৰাখি ই ভোক বঢ়াই গৈ শেষত উদগিৰণ হৈ সেই ভালপোৱাক এদিন গলিত লাভা সজাই চিনাকি কৰাই দিয়ে সমাজৰ আগত,যি হয়তো আৰম্ভণিত পাহাৰৰ দাঁতিত ফুলা নিস্পাপ প্ৰেমৰ ৰঙাফুল আছিল ।
আমিষে শিকাইছে ভালপাব,স্বাৰ্থপৰ পৃথিৱীৰ উৰ্দ্ধত গৈ।
আমিষে কৈছে ভালপোৱা ব্যক্ত কৰা সচাঁ মনেৰে,নহ'লে কেৱল মঙহৰ লোভে তোমাক চেপি ৰাখিব!ভালপোৱাৰ মিঠা সুগন্ধি কোনোবাটো টিফিনৰ বাকচত আৱদ্ধ হৈ ৰ'ব,কোনেও নজনাকৈ।
ভালপাব শিকক সকলোৱে নিজৰ ভাললগাক সামৰি।ই সচাঁকৈ সুন্দৰ, ঠিক কলডিলৰ সৈতে পাৰমাংসখনৰ দৰে,বৈজ্ঞানিকভাৱে😊
ট্ৰেইলাৰ চোৱাৰ পৰাই লিমা দাসৰ চকুযুৰিৰ প্ৰেমত পৰিছিলোঁ।চিনেমাখনত তেওঁৰ কথা কোৱাৰ ভংগী, উজ্জ্বল ফোঁটটিৰ সৈতে পিন্ধা ধুনীয়া সাজবোৰ আৰু গভীৰ মিঠা হাঁহিটি,,,,,, প্ৰাণ ভৰি মাথো তেওঁকেই উপভোগ কৰিলোঁ। অৰ্ঘদ্বীপৰ ভালপোৱাখিনি ইমান সৰল,নিস্পাপ!তেওঁৰ হাঁহিটিত তাৰেই প্ৰতিফলন ঘটি থাকিল গোটেই চিনেমাখনত।মৰ্গত চুমনৰ অসহায় ৰূপটোৱে বৰ কষ্ট দিলে। ইলিয়াচ দাৰ সৰলতা,জুমিৰ বিনদাচ লাইফৰ উপস্থাপন বৰ সুন্দৰ । দিলীপ, ৰাকেশৰ নিচিনা মানুহবোৰৰ স্বামীৰূপত কিছু শুধৰণিৰ প্ৰয়োজন আছে এই সমাজত, যাৰ বাবে হয়তো নিষিদ্ধ জীৱনৰ মায়াত পৰিবলৈ বাধ্য হয় অনেক প্ৰেমাতুৰ জীৱন ।
Bhaskar HaZarika চাৰ, কি ক'ম আপোনাক! কথানদী আজিও বৈ আছে হৃদয়ত,আমিষ এই নদীৰেই এটি আলংকাৰিক মাছ মোৰ দৃষ্টিত😊অভিনন্দন টিম #আমিষ
আমিষ সৃষ্টি হ'বলৈ যোৱা খবৰটো ২০১৮ চনৰ সৰস্বতী পূজাৰদিনাই পাইছিলোঁ সখী Dolee ৰ মুখত। বৰ আগ্ৰহেৰে কামবোৰ কৰি গৈছিল তাই।প্ৰায়বোৰ খবৰ পাই গৈছিলোঁ তাইৰ মুখেৰেই। বহুত সুখী তোমাৰ বাবে সখী।অনাগত সময়ত অনেক ৰঙীণ ছবিয়ে প্ৰাণ পাই উঠক তোমাৰ কেমেৰাত।বহুত শুভকামনা ।।।।
সকলোৱে আমিষ চাওঁক । মন ভৰি উঠিব ভালপোৱাৰ নতুন স্বাদেৰে😊😊😊
P.C: Dhrupraj Krishnatraya

Originally published on Facebook: https://www.facebook.com/photo.php?fbid=1078475099153568

Obsession, আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াঃ : Bikash Dutta

  Obsession, আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াঃ "an idea or thought that continually preoccupies or intrudes on a person's mind." গুগল কৰ...