Obsession, আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াঃ
An archive of people's reactions to the Assamese feature film Aamis (Ravening). Everything here has been published first by the authors themselves on their personal social media pages, or shared in personal messages to the cast and crew. This archive does not include press reviews or media features on Aamis. Watch Aamis at moviesaints.com. Please use the "Labels" feature on the right to sort by language. ⬇
Obsession, আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াঃ : Bikash Dutta
মানৱ মনৰ গোপন তলিৰ ছবি জানিবলৈ আমিষ এখন চাব লগা চিনেমা: Hemen Nath
(চিনেমা ৰসিকসকলে খুটি-নাটি বোৰ চায়নে?
নাজানো।
মই চাওঁ কিছু। খুটি-নাটি মানে ধৰক, আৱহ সঙ্গীত, সংলাপৰ প্ৰয়োজনীয়তা তথা সঠিকতা, সংলাপ প্ৰক্ষেপণৰ সময়ত চৰিত্ৰৰ facial expression, body language, চৰিত্ৰৰ আৱেগ, কেমেৰাৰ angle আদি।
ৰিভিও লেখাৰ যোগ্যতা নাই কিজানি, তথাপি চিনেমাখন চাই হোৱা ভাৱ লিখিছোঁ। চিনেমা সমালোচকসকলে ক্ষমা কৰিব।)
কাহিনী নিসন্দেহে ব্যতিক্ৰমী। একপ্ৰকাৰ taboo/ insanity/ sadism য়েই মূল বক্তব্য- বিশেষকৈ নিজৰ শৰীৰৰ মঙহ প্ৰেমাস্পদক খুওৱা অথবা যেনেকৈ হ'লেও মানৱ মঙহ খোৱাৰ চেষ্টা কৰাটো।
অভিনয় নায়িকাৰ সুন্দৰ, নায়কৰো, যদিও তেওঁ নায়িকাতকৈ কম নম্বৰ পাব।
কিন্তু নায়িকাৰ গিৰিয়েকে ইমান দিনৰ মূৰত আহিও দেখোন বৰ এটা আৱেগ নেদেখালে। ৰাতি শোৱোতে symbolic হ'লেও দেখুৱাব লাগিছিল যে তেওঁলোকৰ অন্তত: মিলন হৈছে।
দিলীপৰ সংলাপবোৰো থিয়েটাৰী হ'ল কিছু।
নায়িকাৰ বান্ধবীগৰাকীৰ অভিনয় খুব ভাল, দুয়োৰে মাজৰ সংলাপবোৰো বৰ খাপখোৱা, বন্ধুৰ মাজৰ কথাবতৰা তেনেকুৱাই। দুই বান্ধৱীৰ friendly talk ইমান বেছি natural হৈছে যে, গম নাপায় সেয়া অভিনয় বুলি।
সৰু সৰু সংলাপ অত্যন্ত natural হৈছে।
যেনে, ধাবাত মাংস খাবলৈ যাওতে নায়িকাই কোৱা- চামুছ এখন পালেই হ'ল আৰু!
বান্ধৱীয়ে কোৱা- তোৰ তাৰ লগত চব হৈ গ'ল?
নায়কে কোৱা- জহৰাটোৱে মাংস খোৱাৰ লোভত মৰিলেহেঁতেন।
ইমানবাৰ ইলিয়াছে নায়কৰ মঙহ কাটিলে, এবাৰো সন্দেহ নহ'ল? কথাটোত খুত থাকিল।
শব্দবোৰ (sound) পটকে বেছি হৈ গৈছে মাজে মাজে (standard version টো মই ভাল হেডফোনেৰে সৈতে চাইছো)।
নায়কে পাৰ্টীত পেগ বনাই থাকোতে, দিলীপৰ বন্ধুসকলৰ কথা-বাৰ্তা natural নহ'ল।
শেষলৈ নায়িকা মানৱ মাংসৰ বাবে পগলাৰ দৰে হ'ল, কিন্তু স্বাভাৱিক জীৱন- ডিউটি আদি চলাই আছে; মানি ল'ব পাৰি অনুৰাগ কাশ্যপৰ বাবে। প্ৰেমিকাৰ মাংসৰ লোভ পূৰাবলৈ নায়কে মানুহ মৰাটোও সম্ভৱ বুলিয়েই মানিব পাৰি, মানসিক বিকাৰ বুলিয়েই মানিছো।
কুকুৰটোৰ চিকিৎসা কৰি থকা অৱস্থাতে ইলিয়াছৰ নায়কৰ লগত কথা পতা দৃশ্যটো বৰ ভাল হৈছে, নহ'লে তেওঁ ভেটেৰিনাৰি চিকিৎসক বুলি প্ৰমাণ কৰিবলৈ আৰু বেলেগ প্ৰামাণিক দৃশ্য নাই; একেই কথা নায়িকাৰ ক্ষেত্ৰতো- একাধিকবাৰ শিশুক পৰীক্ষা কৰি থকা দেখুৱাইছে।
নায়িকাই নায়কতকৈয়ো মাংসৰ প্ৰেমত বেছিকৈ পৰিছে, আনহাতে নায়ক নায়িকাৰ প্ৰেমত ইমান ডুবিছে যে প্ৰেমিকাক সুখী কৰিবলৈ তেওঁ সকলো কৰিব পাৰে।
বন্ধুৰ লগত থাকিও মেছেজত ব্যস্ত থকা নায়কৰ অভিনয়, মুখত সৰু সন্তুষ্টিৰ হাঁহি, প্ৰেমৰ দুনীয়াত মচগুল হৈ থকাৰ উপযুক্ত প্ৰমাণ।
একেবাৰে ক্লাইমেক্সত দুয়ো হাতত ধৰিছে, দৃশ্যটোৱে দৰ্শকৰ মনত যেন বিষাদৰ ৰহণ সানি যায়।
মানৱ মনৰ গোপন তলিৰ ছবি জানিবলৈ আমিষ এখন চাব লগা চিনেমা। (অসমীয়াতহে, হলিউড বলিউডত মানৱ মনৰ অজানা ৰহস্যক লৈ নিৰ্মাণ কৰা চিনেমা আছে)
হয়তো সুন্দৰ, কিন্তু ই বীভৎস: Upasana Sharma
দ্বিতীয় মাংসৰ লোভ। যুক্তি দেখিছোঁ, মাংস নহৈ অন্য খাদ্যও হ'ব পাৰিলে হয়। হয় পাৰিলে হয়। কিন্তু নহ'ল। কি মাংসৰ লোভ, শৰীৰৰ মাংসৰ লোভ। শাৰীৰিক সম্বন্ধ মিলনৰ দ্বাৰা যিহেতু সম্ভৱ নহয়, অন্য ধৰণে হওক, ইজনে সিজনৰ শৰীৰৰ অংশ খাই!!
ইয়াক আত্মিক নিৰ্মল প্ৰেম বুলি নক'ব। কাৰণ আত্মিক প্ৰেমৰ স্তৰ কিমান পবিত্ৰ হ'ব পাৰে মই দেখিছোঁ।
মই ভাবোঁ এটি শিল্পৰ সমাজৰ প্ৰতি কিছু দায়িত্ব থাকিব লাগে। যদি ধনাত্মক ভাব দিব নোৱাৰে অন্ততঃ ঋণাত্মক নিদিয়ক। আজিৰ দিনৰ কৈশোৰসকল বেয়া দিশবোৰলৈ সহজেই আকৰ্ষিত হয়, আশা কৰিছোঁ এনে প্ৰেম তেওঁলোকৰ আদৰ্শ নহওক। এনে মানসিকতা তেওঁলোকৰ আদৰ্শ নহওক।
চিনেমাখনৰ নিৰ্মাতাৰ কষ্টক মই সন্মান কৰোঁ। বাকী সকলো ভাল। কিন্তু কথাটো এনেকুৱা হ'ল, আপুনি বিভিন্ন ঠাইৰ বিভিন্ন উত্তম পাচলি আনি মোৰ বাবে খুব কষ্টকৈ কিবা এখন ৰান্ধিছে। ৰন্ধাৰ সময়ত গোন্ধে আমোলমোলাই গৈছে আৰু মই খাবলৈ অধৈৰ্য্য হৈ পৰিছো, কিন্তু আপুনি মোক ৰ'ব কৈছে আৰু এখন থালত চকুত লগাকৈ, মন ভৰাকৈ সজাই মোক পৰিবেশন কৰিছে। মই হেপাহেঁৰে প্ৰথম চামুচ মুখত ভৰাইছোঁ কিন্তু নিমখ ইমানেই বেছি যে মই সেইখিনিও গিলিব নোৱাৰিলোঁ। তাৰ মানে কি মই আপোনাৰ কষ্টক, পৰিবেশন শৈলীকো নশলাগিম নেকি? শলাগিম, আপোনাৰ কষ্টক সন্মান কৰিম, কিন্তু ইয়াকো আপুনি মানি ল'ব লাগিব যে আপুনি পৰিবেশন কৰা আহাৰ মই গ্ৰহণ কৰিব নোৱাৰিলোঁ। কাৰণ ই খোৱাৰ যোগ্য নহয়।
মোৰ বাবে আমিষখনো তেনেকুৱাই হ'ল। চকুৰ তৃপ্তি হ'ল। মনৰ অশান্তি হ'ল। মোৰ মনক জোকাৰি যোৱা বাবেই ভাল বুলি মই ক'ব নোৱাৰিম। বেয়াকৈ জোকাৰা কথাবোৰক বেয়া ল'গা বুলিয়ে প্ৰকাশ কৰিম।
আমিষ হয়তো সুন্দৰ, কিন্তু ই বীভৎস।
আমিষৰ দৰে চিনেমাৰ সময় আৰু দেশ নাথাকে: Nizara Rajkumari
ধন্যবাদ এনে এখন অসমীয়া চলচ্চিত্ৰ উপহাৰ দিয়াৰ বাবে: Ayang Mili
বৃহৎ বাজেটত নিৰ্মিত কিছুমান বলিউড ছবিতকৈ বহুগুণে উৎকৃষ্ট এই "আমিষ" ছবি, নিৰ্মাতা সকললৈ ধন্যবাদ এনে এখন অসমীয়া চলচ্চিত্ৰ উপহাৰ দিয়াৰ বাবে।"আমিষ"এ নিৰাশ নকৰে এইয়া ঠিক।
এইখন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠৰ তালিকাত আহিব। লিখি ৰাখক।: ঐতিহাসিক মুহূৰ্তৰ আলোকচিত্ৰ
'চিনেমা' বহুত চাইছোঁ, ভাল ছবিৰ প্ৰতি এৰাব নোৱাৰা টান এটা আছে, যেন ক'ব নোৱাৰা এক 'ভোক'। কলেজীয়া দিনত, বা বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ছোৱাত, প্ৰতিদিনে দুই তিনিখন ছবি চাইছিলো। মনৰ সৃষ্টিশীলতা প্ৰকাশৰ যিমানবোৰ মাধ্যম আছে, তাৰে ভিতৰত এইটো মোৰ সবাতোকৈ প্রিয়। হয়তো, ভাৱ প্ৰকাশৰ স্বাধীনতা এই মাধ্যমত বেছি, সেইবাবেই।
● আমিষ; ছবিখন যোৱাকালিয়ে চালোঁ। শব্দবোৰহে যুগুতাব পৰা নাছিলোঁ, কি লিখিম, কি বুজাম। এইধৰণৰ ছবিৰ সৃষ্টি খুব কমেই হয়।
● ছবিখন 'প্ৰতীক'ৰে ভৰপূৰ। অন্ততঃ মোৰ তেনেকুৱাই লাগিল। ঠাইবিশেষে পৰিচালকে কিছুমান সৰু-সৰু বস্তু এনেকৈ তুলি ধৰিছে যে তাৰ অন্তৰ্নিহিত অৰ্থ হয়তো ব্যক্তিবিশেষে ভিন্ন হ'ব। সমমিতিৰ কি প্ৰয়োগ! অসমীয়া চিনেমাত নিঃসন্দেহে আগেয়ে হোৱা নাই।
● লিমা দাস, অৰ্ঘ্যদীপ বৰুৱা আৰু নিতালি দাসৰ অভিনয়ৰ গভীৰতা বুজাসকলে বুজিব। বেছিকৈ ক'বলৈ গ'লে 'স্পইলাৰ' দিয়াৰ দৰেহে হ'ব, থাকক। মুঠতে, এইখিনিতেই শব্দৰ অভাৱ ঘটিছে।
ভাস্কৰ হাজৰিকাৰ ওপৰত সন্দেহ নাছিল, 'কথানদী' চোৱাৰে পৰা তেওঁৰ অনুৰাগী।
তথাপি, তেওঁক আকৌ পৰি নমস্কাৰ।
● ইলিয়াছ দাৰ চেম্বাৰত বহি সুমনে দেখা সপোনটোৰ পৰা মই ওলাব পৰা নাই। 'ভিজুৱেল ট্ৰিপ' বোলা বস্তু এটা যে আছে, ঠিক তেনেকুৱাই আছিল সেইটো।
● আনে যিয়েই কওক, মোৰ বাবে 'আমিষ' প্ৰেমৰ ছবি। অদ্ভুত, আচৰিত আৰু আচহুৱা প্ৰেমৰ ছবি। নিষ্কাম প্ৰেমৰ দৃষ্টিনন্দন উপস্থাপন। 'লাঞ্চবক্স' চাইছে নহয়, ধৰি লওক সেইখন ষ্টেনলী কুব্ৰিক, লাৰ্চ ভন তায়াৰ আৰু শ্ৰীৰাম ৰাঘৱনে একেলগে মিলি তৈয়াৰ কৰিছে। 'আমিষ' ঠিক তেনেকুৱাই।
সমাজৰ তথাকথিত নিয়ম-নীতিৰ পৰা বহুত নিলগত। এখন বলিষ্ঠ আৰু সাহসী ছবি।
● "ভোক আৰু প্ৰেমৰ বাবে আপুনি কিমান দূৰলৈ যাব পাৰে?"
'আমিষ' চাওক, বুজাব নোৱাৰাকৈ এখন ধুনীয়া ছবি।
আৱহ সংগীতৰ সুমধুৰ ৰাগীত মাতাল নোহোৱাকৈ নোৱাৰিব। প্ৰেক্ষাগৃহৰ পৰা এতিয়ালৈকে মন কেৱল দোলন গতিত............
এইখন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠৰ তালিকাত আহিব। লিখি ৰাখক।
https://www.facebook.com/realityisdissappointing/photos/a.2792355470806139/3231311726910509/?type=3&theater
ৱান ইন লাইফ টাইম ছৱি: Ujjwal Bhuyan
Originally published on Facebook:
https://www.facebook.com/ujjwal.bhuyan/posts/3077664875595077
সাংঘাটিক ভয়েৰে ভাল লগা চিনেমা আমিষ: Dhanbor Bhuyan
আপুনিও চাওঁক, পৃথক আৰু অনন্য।
বেলেগ সোৱাদ নিশ্চয় পাব কথা দিছোঁ: Djd Maina
Originally published on Facebook:
https://www.facebook.com/permalink.php?story_fbid=2520038454945827&id=100008190914911
Dweep Raaz
এটা কোটিটকীয়া প্ৰশ্ন এৰিলো !
নিৰামিষ খোৱা সকলে যেতিয়া প্ৰথমে আমিষ গ্ৰহণ কৰে কি reaction হ’ব প্ৰথমদিনা ? হয়তো অলপ অসজা , তাৰপিছত সকলো normal উপৰোক্ত কথাখিনি “ আমিষ ” চিনেমাখনৰ লগত কাকতলীয় ভাবেও সংযোগ নাই হোৱা ৷ সেইখিনি কেৱল মুখ ফুচুৰি ৷ cinematic angle বোৰে আচলতে আমাক আকস্মিকভাৱে effect কৰে , চেতনাৰ কম্পন আৰু পৰ্যবেক্ষণে lession শিকায় ৷বহিৰ্বৃত্তত ঘূৰি থকা মানসিক জড়তাক ভাঙি ধমনীৰে স্পন্দন সঞ্চাৰিত কৰিব পৰাতেই চিনেমা এখনৰ সাৰ্থকতা ৷
এনে প্ৰেমৰ আজিলৈকে কোনেও উদ্ধৃতি নিদিলেও ই সঁচা আৰু বাস্তৱৰ ভিত্তিতে পৰিচালক স্বতঃ স্ফুৰ্ত ভাৱে ইয়াক দেখুৱাবলৈ প্ৰয়াস কৰিছে ৷ কলাত্মকভাৱে প্ৰেমক ইমান ওপৰলৈ নিছে যে “ প্ৰেম কেৱল physical sex ” নহয় ৷ ই স্পৰ্শহীন চেতনা হৈ মগজুত সোমাই যাব পাৰে লোলুপতাৰ পৰা সিকাটি হৈ ৷
ডা° নিৰী বিবাহিতা আৰু এটি সন্তানৰ মাতৃ যদিও নিসংগ সময়খিনিত বান্ধৱীৰ কামুক কথাবোৰে তাইক কেতিয়াবা আশ্বস্ত কৰি পেলাইছিল ৷ মাংসৰ জুটি লৈ ঘূৰি ফুৰোতে ফুৰোতে তাই গম পাইছিল সুমন যে দুৰ্বল হৈ পৰিছিল তাইৰ প্ৰতি ৷ দুয়ো দুয়োৰে পৰা আঁতৰিবলৈ চেষ্টা কৰা কথাটোও এক উল্লেখনীয় দিশ যদিও মানসিক তৃপ্তিখিনিৰ কাৰণে এটা মুহুৰ্তত দুয়ো নিজৰ নিজৰ ঠাইত ৰৈ গৈছিল ৷
( অপ্ৰাসঙ্গিক যদিও মনলৈ আহে যে , এটা সন্তানৰ মাতৃ যদিও ডা° নিৰী আছিল বিবাহিতা গাভৰু , যিটো বয়সত গিৰীয়েকে physically সন্তুষ্ট কৰিব পাৰিব লাগিছিল সেইটো বয়সত দুয়োৱে দুখন বিচনাত শুব লগা হৈছিল )
আমাৰ কল্পনাক জাগ্ৰত কৰিবলৈ এক অদ্ভুৎ শক্তি পালো ৷ প্ৰেম কিমান সমৃদ্ধ হলে ইমানখিনি পৰ্যায়লৈকে আমি ভাবিব পাৰো !
ইমান অদ্ভুত ধৰণে সাহসী চিনেমা আগতে নাই চোৱা: Tullika Devi
Originally published on Facebook:
https://www.facebook.com/tulika.devi.1/posts/10213358364308031
সকলো নাবালকত্ব পাৰ হৈ অৱশেষত অসমীয়া চিনেমাৰ এক মাইলষ্টোন: Manoj Goswami
পৰিচালনা, কাহিনী, চিত্ৰনাট্য : ভাস্কৰ হাজৰিকা
প্ৰযোজনা: শ্যাম বৰা, পুনম দেউল
অসমীয়া চিনেমাই সাবালকত্ব লাভ কৰিছেনে নাই সেই লৈ মাজে মাজে সন্দেহৰ উদ্ৰেক হয়। সিদিনা ফিল্ম ফেয়াৰ বঁটাৰ বাবে MOU স্বাক্ষৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কাঞ্চনজঙ্ঘা, ৰত্নাকৰৰ দৰে চিনেমা আমাক আৰু লাগে বুলি ৰাজহুৱাকৈ কৈ আমাৰ দুগুণে বিভ্ৰান্তি বঢ়ালে।
কিন্তু ভাস্কৰ হাজৰিকাই আমিষ'ৰ যি জটিল কাহিনী লৈছে তাক ৰূপায়ণ কৰাৰ বাবে সাহস আৰু সামৰ্থ্য দুয়োটাই লাগিব। বিশেষকৈ ইয়াত নান্দনিকতা আৰু বীভৎসতাৰ মাজত বেলেন্স কৰা ইমান সহজ নাছিল। সেয়ে ছবিখনত কোনো কোনো সময়ত পৰিচালক পিছলি গলেও সামগ্ৰিকভাৱে এই জটিল পৰীক্ষাত তেওঁ উতীৰ্ণ হৈ গৈছে। তাতে পশ্চিমত বীভৎসতা ( Grotesque )ও একধৰণৰ কলাৰস হিচাবে স্বীকৃত।
সেয়ে নিৰ্মালী ( লিমা দাস )আৰু সুমনৰ ( অৰ্ঘদীপ বৰুৱা) অসহজ প্ৰেমকাহিনী সাধাৰণ আমিষ ভক্ষণৰে আৰম্ভ হৈ নৰমাংস স্পৃহাৰে শেষ হৈছে। নিৰ্মালীৰ সুপ্ত যৌনতাৰ উন্মেষ আৰু তাক এক সৰ্বগ্ৰাসী ক্ষুধাত পৰিণত কৰা সুমন প্ৰকৃততেই এক বেপৰোৱা প্ৰেমিক। কিন্তু নিৰ্মালী?? দৈহিকতা আৰু যৌনতাৰ বাহিৰে তাইৰ জানো মনত প্ৰেমৰ কিবা চিন মোকাম আছিল? কিন্তু এই জটিল আৰু ধূসৰ চৰিত্ৰটো লিমা দাসে ইমান সংযত আৰু খুতঁহীনভাৱে ৰূপায়ন কৰিছে যে বিশ্বাসেই নহয় এইখন তেওঁৰ প্ৰথম ছবি। অসমীয়া চলচ্চিত্ৰত এগৰাকী অতি প্ৰতিভাবান অভিনেত্ৰীৰ আবিৰ্ভাৱ ঘটিল তাৰ বাবে পৰিচালক ভাস্কৰ হাজৰিকাও ধন্যবাদাৰ্হ। অৰ্ঘদীপৰ অভিনয়ো সুনিয়ন্ত্ৰিত আৰু সাৱলীল।
আমিষ'ত কিন্তু সংগীতেও এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছে (সংগীত-কুৱান বে)। আবহৰ উপৰিও জয়ন্ত হাজৰিকাৰ গানৰ পৰা পথৰ দাতিঁৰ মন্দিৰৰ কীৰ্তনলৈ, এমেচাৰ গায়কীৰ পৰা আৰু গীটাৰৰ তাৰঁৰ মৃদু ঝংকাৰলৈ পৰিচালকে সচেতনভাৱেই বিভিন্ন চিটুৱেচনত সংগীতক ব্যৱহাৰ কৰিছে। তদুপৰি বিভিন্ন সংবেদনশীল মুহূৰ্তত মন্টাজ আৰু ছাঁ পোহৰৰ সম্পাতেৰে কেমেৰাই ছবিখনক অন্য মাত্ৰা দিছে--কোনো কোনো সময়ত কৰি তুলিছে ভয়ংকৰ সুন্দৰ ( যেনে মৰ্গলৈ যোৱাৰ পূৰ্বে নিশাৰ মহানগৰীৰ পেন শ্বট )।
কিন্তু মাজে মাজে কলাজ'ৰ আধিক্য ( যেনে ইলিয়াছৰ হাস্পতালত সুমনৰ স্বপ্নদৃশ্য) আৰু ডিটেইলছৰ খুতেঁ( অংগ ক্ষয়ৰ পিছতো নিৰ্মালী--সুমনৰ শৰীৰত কোনো দুখ ক্লেশ নাই,মেডিকেল ছায়েন্সক উপেক্ষা কৰি খোজকাঢ়িছে দৌৰিছে স্বাভাৱিকভাৱে বা মৰ্গত সজাই থোৱা মাথো এটা মৃতদেহ, ইত্যাদি) ছবিখনৰ ৰসাস্বাদনত মাজে মাজে ব্যাঘাত জন্মাইছে। আমিষ'ৰ আৰম্ভণিতে নিৰ্মালীৰ একাকীত্ব বা অপূৰ্ণতা প্ৰতিস্থাপিত কৰাৰ বাবে পৰিচালকৰ হাতত বহু সুযোগ আছিল। বেলকনিত বহুবাৰ নিৰ্মালী থিয় দিছে, কিন্তু পঞ্চাশ বছৰৰো পূৰ্বে সত্যজিৎ ৰায়ে ' চাৰুলতা'ত দেখুৱাই যোৱা সেই খিৰিকী বা বেলকনিৰ দৃশ্যহে মনলৈ আহিল--যি নীৰৱ নিসংগতাক বাঙ্ময় কৰি তুলিছিল। এইবোৰ অৱশ্যে অতি সাধাৰণ প্ৰত্যাশা কিন্তু আমিষৰ ক্লাইমেক্সত প্ৰেমিকাৰ ক্ষুধা নিৰসনৰ বাবে সুমনে যেতিয়া এজন নিৰীহ ৰিক্সাচালকক হত্যা কৰিছে সি কিন্তু ছবিখনৰ কাহিনীৰ প্ৰাসংগিকতাক সহায় কৰা নাই। সুমনৰ চিকাৰ তেওঁৰ বা নিৰ্মালীৰ কোনো ঘনিষ্ঠ বা প্ৰিয়জনো হব পাৰিলেহেতেন (মই এটা ঈংগিতহে দিছোঁ)। কিন্তু সংগতিহীনভাৱে এজন অচিন লোকক বীভৎসভাৱে হত্যা কৰি ছবিখনত অহেতুক ভালগাৰিজিম আমদানি কৰিছে পৰিচালকে।
আজি পৰিস্থিতি এনে যে অসমীয়া ছবি চাই প্ৰেক্ষাগৃহৰ exit পাৰ হলেই পাহৰি যোৱা যায় তাৰ বিষয়, অভিনয় বা সাৰমৰ্ম। ভাস্কৰ হাজৰিকাৰ আমিষ কিন্তু ব্যতিক্ৰম। ই আপোনাক হন্ট (haunt) কৰিব, খেদি ফুৰিব বেছ কিছু সময়লৈ।
সেয়ে সকলো বিভ্ৰান্তি বা বিতৰ্কৰ মাজতো আমিষ এখন গুৰুত্বপূৰ্ণ ছবি। হয়তো সকলো নাবালকত্ব পাৰ হৈ অৱশেষত অসমীয়া চিনেমাৰ এক মাইলষ্টোন। অভিনন্দন ভাস্কৰ হাজৰিকা।
এখন অসফল আৰু অমানৱীয় ছবি: Nilim Kumar
এখন নিকৃষ্টতম কাহিনীৰ ছবি "আমিষ" চালো ৷ সংগীতকে ধৰি পৰিচালনাৰ দিশটোত ক’বলগীয়া একো নাই ৷ কিন্তু এক চমক সৃষ্টিৰ উদ্দেশ্যে কাহিনীটো জোৰপূৰ্বক লিখা হৈছে ৷ ইয়াতে কাহিনীৰ দুৰ্বলতা আৰু উদ্দেশ্য প্ৰকাশ হৈছে ৷ আৰু উদ্দেশ্য হ’ল এক ঘৃণনীয় কাহিনীৰ ছবি নিৰ্মাণ কৰা ৷ যাতে দৰ্শকৰ বহুদিনলৈ মনত ৰৈ যায় ৷
প্ৰথম কথা হ’ল - ছবিখন আৰম্ভ হোৱাৰে পৰা কেৱল মাংস আৰু মাংস ৷তাৰ বাহিৰে গোটেই ছবিখনত যেন অন্য কোনো দৃশ্য নাই ৷ অন্য কোনো সংলাপ নাই ৷এখন ছবি ইমান মাংসপ্ৰধান হ’ব পাৰেনে? এয়া কাহিনীৰ সংকীৰ্ণতা ৷ Experiment বস্তুটো আমি বুজি পাওঁ ৷ এয়া experimental হ’ব নোৱাৰে ৷
আমিষ আকৌ চাম: Archana Borthakur
চিনেমাখনত সাংঘাতিক এটা চৰিত্ৰ ড. ইলিয়াছ। ড. ইলিয়াছে সমাজখন যেন প্ৰতিনিধিত্ব কৰিছে। স্নেহ , অভিভাৱকত্ব, উদ্বেগেৰে সমৃদ্ধ এই চৰিত্ৰটোৱে চিনেমাখনক অন্য এক মাত্ৰা দিলে। ড. ইলিয়াছে সস্নেহেৰে বিশ্বাস কৰিছে সুমনক। অথচ কিবা এটা অশুভ ইংগিতো প্ৰথমৰে পৰা তেওঁৱেই পাই আছে। একেবাৰে অজানিতে গোটেই ঘটনাচক্ৰত আটাইতকৈ সাংঘাতিক কামটো তেওঁৰ দ্বাৰাই হ'ল ,যিটো কথা কোনোবা এটা সংলাপত সুমনে ইংগিত দিছে। পৰিচালকে ড. ইলিয়াছক গোটেই জীৱনলৈ সেই দন্দত পেলাই থৈ গ'ল। সাগৰ সৌৰভৰ অভিনয়ত সুন্দৰ পৰিপক্কতা অনুভৱ হ'ল। 'আমিষ' আকৌ চাম।
- অৰ্চনা বৰঠাকুৰ (received on WhatsApp)
এক মন চুই যোৱা নিৰ্মল পৰশ: Anuradha Baruah
প্ৰেম অন্ধ বুলি কোৱা হয় কাৰণ সঁচা প্ৰেমত কোনো ভেদাভেদ নাথাকে, আনে কি ভাবিব তাক ভবা নাযায়। ইয়াত দেখুওৱা হৈছে সুমনৰ নিৰ্মালীৰ প্ৰতি সৰল প্ৰেমৰ এখন পবিত্ৰ প্ৰেমৰ ছবি। তেওঁ নিৰ্মালীৰ প্ৰেমত ইমানেই অন্ধ হৈ পৰিল যে যি কোনো উপায়ে 'বা' জনীক সন্তুষ্ট কৰিবলৈ অপ্রান চেষ্টা চলাবলৈ ধৰিলে। নিৰ্মালীক ভাল লগাবলৈ বিভিন্ন যুতিৰে মাংস ৰান্ধি বা কোনো ঠাইলৈ লৈ গৈ বেলেগ বেলেগ ধৰণৰ ৰন্ধা খুৱাবলৈ ধৰিলে।
সদাই খোৱা মাংসৰ পিছত নৰমাংসৰ প্ৰতি নিৰ্মালিৰ আশক্তি হোৱাটো সুমনে সৃষ্টি কৰিছিল নিজৰ দেহৰ মাংস দি। সেই মাংসৰ সোৱাদে নিৰ্মালিক এক অনাবিল অনুভূতিৰ মাজলৈ লৈ গৈছিল, যত তেওঁ সুমনৰ প্ৰেম উপলব্ধি কৰিছিল।
পৃথিৱীৰ বহুতো নিদৰ্শন আমি জানো য'ত প্ৰেমৰ কাৰণে ইজনে সিজনে একেলগে মৃত্যুক আকোৱালি লয়, প্ৰেমৰ বাবে স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কত কোনো মৰ্য্যদা নাথাকে, নিজৰ আত্মীয় স্বজনকো বিশ্বাসঘাটকতা কৰা হয়, তেন্তে নিজৰ দেহৰ এটুকুৰা মাংস প্ৰেমিকাক খুৱাব পৰাটো অন্য এক প্ৰেমৰ নিদৰ্শন বুলি মই ভাবো। ইয়াৰ পৰা বুজা যায় প্ৰেম অন্ধ, প্ৰেম স্বৰ্গীয় আৰু প্ৰেম শক্তিশালী।
যেনেকৈ সমাজৰ কিছুমান নিষিদ্ধ কাম যেনে সৰু সৰু লৰা ছোৱালীক যৌন অত্যাচাৰ, মাক দেউতাকৰ প্ৰতি নিষ্ঠুৰ ব্যৱহাৰ, মানসিক আৰু শাৰীৰিক যন্ত্ৰণাৰ বলি হোৱা, ঘৰে ঘৰে পৰিলক্ষিত হয় কিন্তু বেছি ভাগে নীৰৱ দৰ্শক কিয়? সমাজৰ ভয়, মানুহে কি কব? মাত্ৰ সীমিত মানুহে হে এইবোৰ কথা মুক্ত ভাবে কবলৈ সাহ কৰে। ঠিক তেনেকৈ 'আমিষ'ত দেখুওৱা সুমনৰ ভাল পোৱাই নিৰ্মালীক সন্তুষ্ট কৰিবলৈ কৰা অপ্ৰান চেষ্টাক কিছুমানে ভাল চকুৰে চাব পৰা নাই, আকৌ, 'মানুহে কি কব?'
সমাজত হোৱা অন্যায় অবিচাৰ বোৰ নিৰবে মানি লোৱা বহু লোকেই আছে, তেওঁলোকৰ মাজৰে কোনোবাই নৰমাংস খোৱাটো ভাল ভাবে লব নোৱাৰাতো একো আচৰিত কথা নহয়
"প্ৰেম" কি তাক উপলব্ধি কৰিব পৰা সকলে হে এই ছবিখন বুজি পাব। সেই দৃষ্টিভংগী সকলোৰে মাজত নাথাকে, ইয়াত কাৰো দোষ নাই। আমি জোৰ কৈ যেনেকৈ কাকো একো কাম কৰাব নোৱাৰোঁ, তেনেকৈ বিভিন্ন জনৰ দৃষ্টিভংগী সলনি কৰিব নোৱাৰোঁ।
ভাস্কৰ হাজৰিকা ৰ ছবিখনৰ এই বলিষ্ঠ পদক্ষেপক মই সমৰ্থন কৰোঁ।
আমি আজি গৌৰৱান্বিত কাৰণ ভাস্কৰ হাজৰিকাৰ 'আমিষ' ছবিখনে প্ৰায় গোটেই পৃথিৱীৰ ছবি জগতত খলকনি তোলাৰ লগতে বহু প্ৰসংশা বুতলিবলৈ সক্ষম হৈছে।
- অনুৰাধা বৰুৱা (received by the team on WhatsApp)
এনেধৰণৰ চিনেমা এনেধৰণৰ হ'লে ভাল নালাগে: Pradyumna Kumar Gogoi
কি অসাধাৰণ চিনেমা এখন চাবলৈ পালোঁ: Bonya Phukan
Sent as a private message to the Aamis team on Facebook (Nov 29, 2019)
নতুন ধাৰণা , সঠিক কাহিনী: Sudipta Barkakati
আমিষ : অসমীয়া কথাছবি ৰ সম্পদ এতিয়া ।
এক নতুন ধাৰণা , সঠিক কাহিনী , ধুনীয়া অভিনয় আৰু বলিষ্ঠ নিৰ্দেশনা ।
Originally published on Facebook:
https://www.facebook.com/photo.php?fbid=2466205323658248
অসাধাৰণ চিন্তা, অগতানুগতিক পৰিকল্পনা: Abu B Siddik
Originally published on Facebook: https://www.facebook.com/photo.php?fbid=1434075583407553
এক উৰ্ধ্বতম প্ৰেম কাহিনী: Banashree Sarma
যেতিয়া প্ৰেমে হৃদয় ভেদ কৰি আত্মাক স্পৰ্শ কৰে তেতিয়া ই প্ৰেম গুচি সঞ্জীৱনী সুধা হয়। যাক কেৱল মাথো এটি চাৱনিৰে পান কৰিব পাৰি,এটি হাঁহিৰ ৰেখাত আৱদ্ধ কৰিব পাৰি অন্তহীন সময়ৰ বাবে। "আমিষ" ব্যতিক্ৰমী, স্পৰ্শহীন ভালপোৱাৰে আত্মা স্পৰ্শ কৰা এক উৰ্ধ্বতম প্ৰেম কাহিনী । ভালপোৱা নিৰামিষ ব্যঞ্জনৰ দৰে নিৰস নহয়।যুগে যুগে দেখি অহা ভালপোৱাৰ প্ৰতিটো কাহিনীত থাকে এক তেজ মঙহৰ অনাবিল তৃপ্তি! এই তৃপ্তিকেই ভাস্কৰ হাজৰিকা চাৰে এক সোৱাদেৰে সজালে,যিটো ভাললগা,সুস্বাদু, একেবাৰে ফ্ৰেছ মাংসৰ সোৱাদৰ নিচিনা । আচলতে প্ৰেম যেনেকৈ নহওঁক,যেতিয়াই নহওঁক,ইয়াৰ প্ৰকাশিত ৰূপ পোৱাৰ সম্পূৰ্ণ অধিকাৰ থাকে । দুদিনীয়া এই জীৱনটোত মৰম ভালপোৱাবোৰেইতো উপকৰণ,জীৱনক বেলেগ সোৱাদত সজাবলৈ ।কিন্তু ভবাৰ দৰে কৰিব পাৰে জানো সকলোৱে???নোৱাৰে । নোৱাৰে বাবেইটো অসংমিশ্ৰিত উপকৰণ কিছুমানৰ বিক্ষিপ্ত মিশ্ৰণত জীৱনৰ সোৱাদ বিহ হৈ উঠে। এই বিহে সকলোকে দহে।বয়সভেদে মাথো এই দহন বেলেগ । কোনোবাই যদি প্ৰেমত ব্যতিক্ৰমী পৰীক্ষা কৰি পচতাইছে,কোনোবাই অতিপাত প্ৰেমৰ ভোকত গোগ্ৰাসে গিলি পচতাইছে।মোৰ দৃষ্টিত চুমনৰ নিৰ্মালিৰ আত্মালৈ প্ৰৱেশ কৰিব খোজা প্ৰেমৰ পৰীক্ষাও বৈধ আৰু জীৱনৰ নোপোৱাখিনিৰ ক্ষুধাত চটফটাই থাকি শেষত একেলগে বিচাৰি পোৱা পৰম তৃপ্তিৰ ভালপোৱাখিনি গোগ্ৰাসে গিলিব খোজা নিৰ্মালিৰ ভোকটোও বৈধ। চেপি ৰখা ভালপোৱাবোৰ জ্বালামুখীৰ দৰে। মনক চেপি হেচি ৰাখি ই ভোক বঢ়াই গৈ শেষত উদগিৰণ হৈ সেই ভালপোৱাক এদিন গলিত লাভা সজাই চিনাকি কৰাই দিয়ে সমাজৰ আগত,যি হয়তো আৰম্ভণিত পাহাৰৰ দাঁতিত ফুলা নিস্পাপ প্ৰেমৰ ৰঙাফুল আছিল ।
আমিষে শিকাইছে ভালপাব,স্বাৰ্থপৰ পৃথিৱীৰ উৰ্দ্ধত গৈ।
আমিষে কৈছে ভালপোৱা ব্যক্ত কৰা সচাঁ মনেৰে,নহ'লে কেৱল মঙহৰ লোভে তোমাক চেপি ৰাখিব!ভালপোৱাৰ মিঠা সুগন্ধি কোনোবাটো টিফিনৰ বাকচত আৱদ্ধ হৈ ৰ'ব,কোনেও নজনাকৈ।
ট্ৰেইলাৰ চোৱাৰ পৰাই লিমা দাসৰ চকুযুৰিৰ প্ৰেমত পৰিছিলোঁ।চিনেমাখনত তেওঁৰ কথা কোৱাৰ ভংগী, উজ্জ্বল ফোঁটটিৰ সৈতে পিন্ধা ধুনীয়া সাজবোৰ আৰু গভীৰ মিঠা হাঁহিটি,,,,,, প্ৰাণ ভৰি মাথো তেওঁকেই উপভোগ কৰিলোঁ। অৰ্ঘদ্বীপৰ ভালপোৱাখিনি ইমান সৰল,নিস্পাপ!তেওঁৰ হাঁহিটিত তাৰেই প্ৰতিফলন ঘটি থাকিল গোটেই চিনেমাখনত।মৰ্গত চুমনৰ অসহায় ৰূপটোৱে বৰ কষ্ট দিলে। ইলিয়াচ দাৰ সৰলতা,জুমিৰ বিনদাচ লাইফৰ উপস্থাপন বৰ সুন্দৰ । দিলীপ, ৰাকেশৰ নিচিনা মানুহবোৰৰ স্বামীৰূপত কিছু শুধৰণিৰ প্ৰয়োজন আছে এই সমাজত, যাৰ বাবে হয়তো নিষিদ্ধ জীৱনৰ মায়াত পৰিবলৈ বাধ্য হয় অনেক প্ৰেমাতুৰ জীৱন ।
Bhaskar HaZarika চাৰ, কি ক'ম আপোনাক! কথানদী আজিও বৈ আছে হৃদয়ত,আমিষ এই নদীৰেই এটি আলংকাৰিক মাছ মোৰ দৃষ্টিত😊অভিনন্দন টিম #আমিষ
আমিষ সৃষ্টি হ'বলৈ যোৱা খবৰটো ২০১৮ চনৰ সৰস্বতী পূজাৰদিনাই পাইছিলোঁ সখী Dolee ৰ মুখত। বৰ আগ্ৰহেৰে কামবোৰ কৰি গৈছিল তাই।প্ৰায়বোৰ খবৰ পাই গৈছিলোঁ তাইৰ মুখেৰেই। বহুত সুখী তোমাৰ বাবে সখী।অনাগত সময়ত অনেক ৰঙীণ ছবিয়ে প্ৰাণ পাই উঠক তোমাৰ কেমেৰাত।বহুত শুভকামনা ।।।।
সকলোৱে আমিষ চাওঁক । মন ভৰি উঠিব ভালপোৱাৰ নতুন স্বাদেৰে😊😊😊
P.C: Dhrupraj Krishnatraya
Originally published on Facebook: https://www.facebook.com/photo.php?fbid=1078475099153568
Obsession, আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াঃ : Bikash Dutta
Obsession, আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াঃ "an idea or thought that continually preoccupies or intrudes on a person's mind." গুগল কৰ...
-
Obsession, আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াঃ "an idea or thought that continually preoccupies or intrudes on a person's mind." গুগল কৰ...
-
I was invited yesterday to introduce the Assamese film, Aamis (Ravening) at the 3 rd I South Asian film festival in San Francisco. Sinc...


