An archive of people's reactions to the Assamese feature film Aamis (Ravening). Everything here has been published first by the authors themselves on their personal social media pages, or shared in personal messages to the cast and crew. This archive does not include press reviews or media features on Aamis. Watch Aamis at moviesaints.com. Please use the "Labels" feature on the right to sort by language. ⬇
আমিষৰ দৰে চিনেমাৰ সময় আৰু দেশ নাথাকে: Nizara Rajkumari
আমি ঠিক যিখিনিত ৰৈ, যি দৃষ্টিৰে ভাস্কৰ হাজৰিকাৰ #আমিষ চাবলৈ লওঁ, সেইখিনিৰ পৰাই মনোৰঞ্জনৰ দৃষ্টিভঙ্গী আৰু সন্তুলনৰ খেলিমেলি এটা আৰম্ভ হ'বলৈ ধৰে। "খেলিমেলি"টো নিজে আকৌ অত্যন্ত পৰিপাটী।মন-মগজুক নিৰ্দিষ্ট এটা ট্ৰেকলৈ টানি আনিবলৈ কৰা আয়োজনৰ দৰে। আমিষ আচলতে নিজেই এক বিদ্ৰোহী চিনেমেটিক উপস্থাপন। চিনেমা বুজাৰ লগে লগে সেই "বিদ্ৰোহ"ৰ চৰিত্ৰটোক বুজিবলৈ মনৰ গাঁঠি আৰু পূৰ্বাপৰ পৰা চলি অহা ধাৰণা কিছুমানত চোকা চুৰীৰে ৰেপ মাৰিবলৈ আমি বাধ্য। তলত দিয়া লিংকটোত YouTuber Rick Segall আৰু korbin miles য়ে "আমিষ" সম্পৰ্কত কুৰি মিনিট কথা পাতিছে--য'ত চিনেমাখন তথা লেখক/পৰিচালকৰ বুদ্ধিদীপ্ততাক ভূয়সী কৰাৰ লগতে কৈছে যে #aamis_is_more_creative_than_Parasite। শুনিয়েই মনটো ইমান ভাল লাগি গ'ল। অসমীয়া ভাষাৰ (যদিও চিনেমাৰ দেশ/ভাষাৰ কথাবিলাকক আলোচনালৈ অনাটো জৰুৰী নহয়,আৰু দুয়োখন চিনেমাৰ গতি-গোত্ৰও তুলনা কৰিব পৰাকৈ একে নহয়) চিনেমা এখনক parasite ৰ নিচিনা বিশ্বব্যাপি আলোচিত/সন্মানিত হোৱা চিনেমা এখনৰ লগত তুলনা কৰা দেখিলে কোন অসমীয়াই ভাল নাপাব বাৰু!! চিনেমাৰসিকৰ মাজত নিশ্চয় শ্ৰেণী বৈষম্য আৰু প্ৰচণ্ড লোভ-লালসাৰ ছবি #Bong_Joon-ho -ৰ #parasite নোচোৱা মানুহ নোলাব। এইখিনিতে আমিষৰ নিৰ্মান প্ৰক্ৰিয়া,বাজেট ইত্যাদি ইত্যাদি এশ-এবুৰি সীমাবদ্ধতাৰ কথাবোৰ আলোক-বৃত্তত ৰাখিও ক'ব লাগিব দুয়োখন চিনেমাৰ বৰ্গীকৰণ, genre-ৰ কথা। YouTuber দুজনে অৱশ্যে parasiteৰ লগত আমিষৰ #বাজেট, #প্ৰডাকশ্যন টীমৰ পৰা #cinematography লৈকে টকা-পইচা আৰু টেকন'লজিৰ সুবিধা-অসুবিধাৰ কথাও উল্লেখ কৰিছে। বিভিন্ন প্লেটফৰ্মত বিভিন্ন ধৰণে চিনেমাখন আলোচিত হৈ আছে যদিও পাবলগীয়া গুৰুত্ব আৰু চৰ্চাৰ ক্ষেত্ৰত #আমিষ আজিও বঞ্চিত হৈ আছে।অসমত সাধাৰণতে কেৱল মুক্তিৰ সময়তহে চিনেমা এখনৰ আলোচনা (?) হোৱা দেখা যায়। আমিষৰ দৰে চিনেমাৰ সময় আৰু দেশ নাথাকে।
Subscribe to:
Post Comments (Atom)
Obsession, আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াঃ : Bikash Dutta
Obsession, আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াঃ "an idea or thought that continually preoccupies or intrudes on a person's mind." গুগল কৰ...
-
Obsession, আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াঃ "an idea or thought that continually preoccupies or intrudes on a person's mind." গুগল কৰ...
-
One of the two protagonists says-Eating non-vegetarian (literally meaning aamis in Assamese) food is not the problem but eating it with utmo...
-
দুটা কথা মনত থাকে: প্ৰতাৰণা আৰু ভাল চিনেমা। আমিষ ভাল বুলি কোৱাৰ মই যোগ্য নহয়। অসমীয়া চিনেমাৰ গতি পৰিবৰ্তন কৰা ই এক নৱতম শক্তি। যদি চোৱা নাই ...
No comments:
Post a Comment