আপুনি কি ভাল পায় নিৰামিষ নে আমিষ ?
এটা কোটিটকীয়া প্ৰশ্ন এৰিলো !
নিৰামিষ খোৱা সকলে যেতিয়া প্ৰথমে আমিষ গ্ৰহণ কৰে কি reaction হ’ব প্ৰথমদিনা ? হয়তো অলপ অসজা , তাৰপিছত সকলো normal উপৰোক্ত কথাখিনি “ আমিষ ” চিনেমাখনৰ লগত কাকতলীয় ভাবেও সংযোগ নাই হোৱা ৷ সেইখিনি কেৱল মুখ ফুচুৰি ৷ cinematic angle বোৰে আচলতে আমাক আকস্মিকভাৱে effect কৰে , চেতনাৰ কম্পন আৰু পৰ্যবেক্ষণে lession শিকায় ৷বহিৰ্বৃত্তত ঘূৰি থকা মানসিক জড়তাক ভাঙি ধমনীৰে স্পন্দন সঞ্চাৰিত কৰিব পৰাতেই চিনেমা এখনৰ সাৰ্থকতা ৷

"আমিষ"ক আমি কোনটো angle ৰে চাই কিভাৱে গ্ৰহণ কৰিম ? ভোকক নে ভোগক প্ৰাধান্য দিম ! মানসিক বিলাসপ্ৰীতিক এহাতে ৰাখি আনহাতে কল্পনাৰ অস্থিৰ উৰ্বৰতাক চেপি ৰাখিব পৰাটোও চাগে এক প্ৰকাৰৰ দেহজ কলা ৷ ভ্ৰম স্বপ্নক সাকাৰ কৰিবলৈ যাওঁতে কিছুমান কেৱল সোঁতৰ বিপৰীতে উটি যায় আন কিছুমান ৰৈ যায় অমূৰ্ত দৃশ্যাংশ হৈ ....
কাহিনীৰ মূলভাগত research scholar ( নৰ্থ ইষ্টৰ মাংসৰ ৰন্ধন প্ৰণালী আৰু খাদ্যাভাস সম্পৰ্কে ) সুমন আৰু ডা° নীৰিৰ মাজত যি ব’ব আৰু ক’ব নোৱাৰো গোপন তথা চুক্তিবিহীন অভিসাৰৰ সূত্ৰপাত হৈছিল সেয়া জাগতিক পৰিঘটনা বুলিব পাৰি ৷ প্ৰতিটো দৃশ্যগ্ৰহণত লক্ষ্য কৰিছিলো মাংসৰ বিভিন্ন থালি ৷ হয়তো সেয়াও আছিল পৰকীয়া প্ৰেমৰ এক অজুহাত ৷ ই কোনো ভিত্তিহীন কথা হ’বই নোৱাৰে ৷
এনে প্ৰেমৰ আজিলৈকে কোনেও উদ্ধৃতি নিদিলেও ই সঁচা আৰু বাস্তৱৰ ভিত্তিতে পৰিচালক স্বতঃ স্ফুৰ্ত ভাৱে ইয়াক দেখুৱাবলৈ প্ৰয়াস কৰিছে ৷ কলাত্মকভাৱে প্ৰেমক ইমান ওপৰলৈ নিছে যে “ প্ৰেম কেৱল physical sex ” নহয় ৷ ই স্পৰ্শহীন চেতনা হৈ মগজুত সোমাই যাব পাৰে লোলুপতাৰ পৰা সিকাটি হৈ ৷
ডা° নিৰী বিবাহিতা আৰু এটি সন্তানৰ মাতৃ যদিও নিসংগ সময়খিনিত বান্ধৱীৰ কামুক কথাবোৰে তাইক কেতিয়াবা আশ্বস্ত কৰি পেলাইছিল ৷ মাংসৰ জুটি লৈ ঘূৰি ফুৰোতে ফুৰোতে তাই গম পাইছিল সুমন যে দুৰ্বল হৈ পৰিছিল তাইৰ প্ৰতি ৷ দুয়ো দুয়োৰে পৰা আঁতৰিবলৈ চেষ্টা কৰা কথাটোও এক উল্লেখনীয় দিশ যদিও মানসিক তৃপ্তিখিনিৰ কাৰণে এটা মুহুৰ্তত দুয়ো নিজৰ নিজৰ ঠাইত ৰৈ গৈছিল ৷
( অপ্ৰাসঙ্গিক যদিও মনলৈ আহে যে , এটা সন্তানৰ মাতৃ যদিও ডা° নিৰী আছিল বিবাহিতা গাভৰু , যিটো বয়সত গিৰীয়েকে physically সন্তুষ্ট কৰিব পাৰিব লাগিছিল সেইটো বয়সত দুয়োৱে দুখন বিচনাত শুব লগা হৈছিল )

north east ৰ মাংসৰ জুটিলগা সম্ভাৰৰ পৰা যেতিয়া আচম্বিতে নিজৰ গাৰ মাংসৰ জুটিৰ কথা আহি পৰিল তেতিয়া এক মুহুৰ্তত সিঁয়ৰি উঠিছিলো ৷ আত্মচেতনাই বুকু কঁপাই তুলিছিল ৷ তাৰ পিছত আমাৰ তৃতীয় চকুটো মেল খালে ...
বাহ্ বাহ্ বাহ্ “ আমিষ ”
আমাৰ কল্পনাক জাগ্ৰত কৰিবলৈ এক অদ্ভুৎ শক্তি পালো ৷ প্ৰেম কিমান সমৃদ্ধ হলে ইমানখিনি পৰ্যায়লৈকে আমি ভাবিব পাৰো !

Sent as a message to the Aamis Facebook page:
No comments:
Post a Comment