দ্বিতীয় মাংসৰ লোভ। যুক্তি দেখিছোঁ, মাংস নহৈ অন্য খাদ্যও হ'ব পাৰিলে হয়। হয় পাৰিলে হয়। কিন্তু নহ'ল। কি মাংসৰ লোভ, শৰীৰৰ মাংসৰ লোভ। শাৰীৰিক সম্বন্ধ মিলনৰ দ্বাৰা যিহেতু সম্ভৱ নহয়, অন্য ধৰণে হওক, ইজনে সিজনৰ শৰীৰৰ অংশ খাই!!
ইয়াক আত্মিক নিৰ্মল প্ৰেম বুলি নক'ব। কাৰণ আত্মিক প্ৰেমৰ স্তৰ কিমান পবিত্ৰ হ'ব পাৰে মই দেখিছোঁ।
মই ভাবোঁ এটি শিল্পৰ সমাজৰ প্ৰতি কিছু দায়িত্ব থাকিব লাগে। যদি ধনাত্মক ভাব দিব নোৱাৰে অন্ততঃ ঋণাত্মক নিদিয়ক। আজিৰ দিনৰ কৈশোৰসকল বেয়া দিশবোৰলৈ সহজেই আকৰ্ষিত হয়, আশা কৰিছোঁ এনে প্ৰেম তেওঁলোকৰ আদৰ্শ নহওক। এনে মানসিকতা তেওঁলোকৰ আদৰ্শ নহওক।
চিনেমাখনৰ নিৰ্মাতাৰ কষ্টক মই সন্মান কৰোঁ। বাকী সকলো ভাল। কিন্তু কথাটো এনেকুৱা হ'ল, আপুনি বিভিন্ন ঠাইৰ বিভিন্ন উত্তম পাচলি আনি মোৰ বাবে খুব কষ্টকৈ কিবা এখন ৰান্ধিছে। ৰন্ধাৰ সময়ত গোন্ধে আমোলমোলাই গৈছে আৰু মই খাবলৈ অধৈৰ্য্য হৈ পৰিছো, কিন্তু আপুনি মোক ৰ'ব কৈছে আৰু এখন থালত চকুত লগাকৈ, মন ভৰাকৈ সজাই মোক পৰিবেশন কৰিছে। মই হেপাহেঁৰে প্ৰথম চামুচ মুখত ভৰাইছোঁ কিন্তু নিমখ ইমানেই বেছি যে মই সেইখিনিও গিলিব নোৱাৰিলোঁ। তাৰ মানে কি মই আপোনাৰ কষ্টক, পৰিবেশন শৈলীকো নশলাগিম নেকি? শলাগিম, আপোনাৰ কষ্টক সন্মান কৰিম, কিন্তু ইয়াকো আপুনি মানি ল'ব লাগিব যে আপুনি পৰিবেশন কৰা আহাৰ মই গ্ৰহণ কৰিব নোৱাৰিলোঁ। কাৰণ ই খোৱাৰ যোগ্য নহয়।
মোৰ বাবে আমিষখনো তেনেকুৱাই হ'ল। চকুৰ তৃপ্তি হ'ল। মনৰ অশান্তি হ'ল। মোৰ মনক জোকাৰি যোৱা বাবেই ভাল বুলি মই ক'ব নোৱাৰিম। বেয়াকৈ জোকাৰা কথাবোৰক বেয়া ল'গা বুলিয়ে প্ৰকাশ কৰিম।
আমিষ হয়তো সুন্দৰ, কিন্তু ই বীভৎস।
No comments:
Post a Comment