সকলো নাবালকত্ব পাৰ হৈ অৱশেষত অসমীয়া চিনেমাৰ এক মাইলষ্টোন: Manoj Goswami

আমিষ (2019)
পৰিচালনা, কাহিনী, চিত্ৰনাট্য : ভাস্কৰ হাজৰিকা
প্ৰযোজনা: শ্যাম বৰা, পুনম দেউল

অসমীয়া চিনেমাই সাবালকত্ব লাভ কৰিছেনে নাই সেই লৈ মাজে মাজে সন্দেহৰ উদ্ৰেক হয়। সিদিনা ফিল্ম ফেয়াৰ বঁটাৰ বাবে MOU স্বাক্ষৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কাঞ্চনজঙ্ঘা, ৰত্নাকৰৰ দৰে চিনেমা আমাক আৰু লাগে বুলি ৰাজহুৱাকৈ কৈ আমাৰ দুগুণে বিভ্ৰান্তি বঢ়ালে।
ঠিক এনে পৰিস্থিতিৰ মাজতে চোৱাৰ সুযোগ পালোঁ ভাস্কৰ হাজৰিকাৰ 'আমিষ'---এখন ডাৰ্ক ৰোমাণ্টিক ছবি, যি দৰ্শকক জোকাৰি যাব পাৰে তাৰ বিষয় ,মেটাফৰ আৰু ট্ৰিটমেন্টৰে! প্ৰেম বা নাৰী- পুৰুষৰ দেহজ আকৰ্ষণক কেন্দ্ৰ কৰি বহু ছবি নিৰ্মাণ হৈছে। মনৰ গোপন আন্ধাৰ গহ্বৰত প্ৰেমে পোহৰৰ বিচ্ছুৰণ যিদৰে পেলাব পাৰে , জিঘাংসা আৰু বিকৃতিও আনিব পাৰে সিটো অতি স্বাভাৱিক আৰু সাধাৰণ কথা। বহু পৰিচালকে প্ৰেমিক প্ৰেমিকাৰ চৰিত্ৰ তথা গল্পক একাধিক আবৰণেৰে( shades) বহুমাত্ৰিক আৰু ৰহস্যময় কৰি তোলে।

কিন্তু ভাস্কৰ হাজৰিকাই আমিষ'ৰ যি জটিল কাহিনী লৈছে তাক ৰূপায়ণ কৰাৰ বাবে সাহস আৰু সামৰ্থ্য দুয়োটাই লাগিব। বিশেষকৈ ইয়াত নান্দনিকতা আৰু বীভৎসতাৰ মাজত বেলেন্স কৰা ইমান সহজ নাছিল। সেয়ে ছবিখনত কোনো কোনো সময়ত পৰিচালক পিছলি গলেও সামগ্ৰিকভাৱে এই জটিল পৰীক্ষাত তেওঁ উতীৰ্ণ হৈ গৈছে। তাতে পশ্চিমত বীভৎসতা ( Grotesque )ও একধৰণৰ কলাৰস হিচাবে স্বীকৃত।

সেয়ে নিৰ্মালী ( লিমা দাস )আৰু সুমনৰ ( অৰ্ঘদীপ বৰুৱা) অসহজ প্ৰেমকাহিনী সাধাৰণ আমিষ ভক্ষণৰে আৰম্ভ হৈ নৰমাংস স্পৃহাৰে শেষ হৈছে। নিৰ্মালীৰ সুপ্ত যৌনতাৰ উন্মেষ আৰু তাক এক সৰ্বগ্ৰাসী ক্ষুধাত পৰিণত কৰা সুমন প্ৰকৃততেই এক বেপৰোৱা প্ৰেমিক। কিন্তু নিৰ্মালী?? দৈহিকতা আৰু যৌনতাৰ বাহিৰে তাইৰ জানো মনত প্ৰেমৰ কিবা চিন মোকাম আছিল? কিন্তু এই জটিল আৰু ধূসৰ চৰিত্ৰটো লিমা দাসে ইমান সংযত আৰু খুতঁহীনভাৱে ৰূপায়ন কৰিছে যে বিশ্বাসেই নহয় এইখন তেওঁৰ প্ৰথম ছবি। অসমীয়া চলচ্চিত্ৰত এগৰাকী অতি প্ৰতিভাবান অভিনেত্ৰীৰ আবিৰ্ভাৱ ঘটিল তাৰ বাবে পৰিচালক ভাস্কৰ হাজৰিকাও ধন্যবাদাৰ্হ। অৰ্ঘদীপৰ অভিনয়ো সুনিয়ন্ত্ৰিত আৰু সাৱলীল।

আমিষ'ত কিন্তু সংগীতেও এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছে (সংগীত-কুৱান বে)। আবহৰ উপৰিও জয়ন্ত হাজৰিকাৰ গানৰ পৰা পথৰ দাতিঁৰ মন্দিৰৰ কীৰ্তনলৈ, এমেচাৰ গায়কীৰ পৰা আৰু গীটাৰৰ তাৰঁৰ মৃদু ঝংকাৰলৈ পৰিচালকে সচেতনভাৱেই বিভিন্ন চিটুৱেচনত সংগীতক ব্যৱহাৰ কৰিছে। তদুপৰি বিভিন্ন সংবেদনশীল মুহূৰ্তত মন্টাজ আৰু ছাঁ পোহৰৰ সম্পাতেৰে কেমেৰাই ছবিখনক অন্য মাত্ৰা দিছে--কোনো কোনো সময়ত কৰি তুলিছে ভয়ংকৰ সুন্দৰ ( যেনে মৰ্গলৈ যোৱাৰ পূৰ্বে নিশাৰ মহানগৰীৰ পেন শ্বট )।

কিন্তু মাজে মাজে কলাজ'ৰ আধিক্য ( যেনে ইলিয়াছৰ হাস্পতালত সুমনৰ স্বপ্নদৃশ্য) আৰু ডিটেইলছৰ খুতেঁ( অংগ ক্ষয়ৰ পিছতো নিৰ্মালী--সুমনৰ শৰীৰত কোনো দুখ ক্লেশ নাই,মেডিকেল ছায়েন্সক উপেক্ষা কৰি খোজকাঢ়িছে দৌৰিছে স্বাভাৱিকভাৱে বা মৰ্গত সজাই থোৱা মাথো এটা মৃতদেহ, ইত্যাদি) ছবিখনৰ ৰসাস্বাদনত মাজে মাজে ব্যাঘাত জন্মাইছে। আমিষ'ৰ আৰম্ভণিতে নিৰ্মালীৰ একাকীত্ব বা অপূৰ্ণতা প্ৰতিস্থাপিত কৰাৰ বাবে পৰিচালকৰ হাতত বহু সুযোগ আছিল। বেলকনিত বহুবাৰ নিৰ্মালী থিয় দিছে, কিন্তু পঞ্চাশ বছৰৰো পূৰ্বে সত্যজিৎ ৰায়ে ' চাৰুলতা'ত দেখুৱাই যোৱা সেই খিৰিকী বা বেলকনিৰ দৃশ্যহে মনলৈ আহিল--যি নীৰৱ নিসংগতাক বাঙ্ময় কৰি তুলিছিল। এইবোৰ অৱশ্যে অতি সাধাৰণ প্ৰত্যাশা কিন্তু আমিষৰ ক্লাইমেক্সত প্ৰেমিকাৰ ক্ষুধা নিৰসনৰ বাবে সুমনে যেতিয়া এজন নিৰীহ ৰিক্সাচালকক হত্যা কৰিছে সি কিন্তু ছবিখনৰ কাহিনীৰ প্ৰাসংগিকতাক সহায় কৰা নাই। সুমনৰ চিকাৰ তেওঁৰ বা নিৰ্মালীৰ কোনো ঘনিষ্ঠ বা প্ৰিয়জনো হব পাৰিলেহেতেন (মই এটা ঈংগিতহে দিছোঁ)। কিন্তু সংগতিহীনভাৱে এজন অচিন লোকক বীভৎসভাৱে হত্যা কৰি ছবিখনত অহেতুক ভালগাৰিজিম আমদানি কৰিছে পৰিচালকে।

আজি পৰিস্থিতি এনে যে অসমীয়া ছবি চাই প্ৰেক্ষাগৃহৰ exit পাৰ হলেই পাহৰি যোৱা যায় তাৰ বিষয়, অভিনয় বা সাৰমৰ্ম। ভাস্কৰ হাজৰিকাৰ আমিষ কিন্তু ব্যতিক্ৰম। ই আপোনাক হন্ট (haunt) কৰিব, খেদি ফুৰিব বেছ কিছু সময়লৈ।
সেয়ে সকলো বিভ্ৰান্তি বা বিতৰ্কৰ মাজতো আমিষ এখন গুৰুত্বপূৰ্ণ ছবি। হয়তো সকলো নাবালকত্ব পাৰ হৈ অৱশেষত অসমীয়া চিনেমাৰ এক মাইলষ্টোন। অভিনন্দন ভাস্কৰ হাজৰিকা।

Originally published on Facebook: 

No comments:

Post a Comment

Obsession, আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াঃ : Bikash Dutta

  Obsession, আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াঃ "an idea or thought that continually preoccupies or intrudes on a person's mind." গুগল কৰ...