কথানদী চাই অামাৰ লোকজীৱনৰ স'তে সংলগ্ন মেজিক ৰিয়েলিজমৰ দৰে কিবা এটা পাইছিলো। কিন্তু অামিষে যি ধাৰা এটা প্ৰতিনিধিত্ব কৰিছে- তাৰ বাবে পৰম্পৰাগত নান্দনিকতাৰ প্ৰয়োজন নাই, বৰঞ্চ তাৰ বিকল্পহে- অথচ চিনেমাখনত সেইটোৱেই কৰা হৈছে- অাৰু এই সেয়ে এই নান্দনিকতাটোৱে ভোগালী জাতীয়তাবোধহে প্ৰতিনিধিত্ব কৰিছে- মাংসকেন্দ্ৰিক থলুৱা ৰেচিপিৰ ডিশ্ব কিছুমানৰ দ্বাৰা- য'ত নৰমাংস এলিয়েন এবিধ বস্তু। চিনেমাখন মূলতঃ প্ৰেম অাৰু মাংস। মাংস অকল খোৱা বস্তুৱেই নহয়- ই জৈৱিক, ইয়াক কাটিব পাৰি, ই গেলি যায় অৰ্থাৎ ক্ষণস্থায়ী। ব্যক্তিগতভাৱে এই ধাৰাৰ চিনেমা থলুৱা ৰেচিপিৰ কিছুমানৰ প্ৰদৰ্শনৰ দ্বাৰা হোৱাটো নিবিচাৰো। কিবা এটা যেন ইয়াত লুকুৱাই ৰাখিব লগা হৈছে- যিটো অামি চালেই বুজি পাও! এনেধৰণৰ চিনেমাত যথেষ্ট কটা চিঙা- তেজ- বীৰ্য- 'খোলা মেলা'ৰ প্ৰয়োজন। অামিষৰ মূল অসফলতাটো হ'ল চিনেমাখন মূল অাইডিয়াৰ বাবে পৰ্যাপ্ত সামাজিক স্বীকৃতি অামাৰ ইয়াত নাইয়েই। জয়ন্ত হাজৰিকাৰ গীতেৰে পৰিচালকে 'নিজৰ চহৰখন'ৰ ৰ'দমুখৰ দেওবৰীয়া (!) ৰাতিপুৱা এটাৰে চৰিত্ৰবোৰক দেখুৱাইছে, লাহে লাহে বিশ্ববিদ্যালয় এখনৰ হোষ্টেলিয়া পৰিৱেশ, চহৰখনৰ য়ুথ ট্ৰেণ্ডবিলাক, বৰ্ণহিন্দু তথা মেইনষ্ট্ৰিম অসমীয়া সমাজৰ মাংসৰ প্ৰতি থকা ৰুচি, গুড চ'ছিয়েলিট জগত এখনত লালন পালন হোৱা হাই ক্লাছ অাৰবান এখিনি মানুহ- য'ত পুৰুষৰ এখন জগত থাকে, নাৰীৰো অান এখন জগত থাকে- পুৰুষসকলে একেলগে মদ খালে বৃত্তিগত অভিজ্ঞতাসমূহৰ ছেয়াৰ হয় অাৰু নাৰীসকল লগ হ'লে খোলাখুলিকে ক'বলে গ'লে যৌনঅালোচনা।
নিৰ্মালী শইকীয়া এগৰাকী অন্তৰ্মুখি নিঃসংগ নাৰী। তাইৰ একমাত্ৰ বান্ধৱীগৰাকীৰ এক্সপ্ৰেছিভ যৌনতাত নিৰ্মালী অত্যধিক নিঃসংগ হয়, নিৰ্মালীয়ে এই চেঙেলিয়ামীবিলাকৰ সলনি ভাল পায় হীৰুদাৰ কবিতা অাৰু স্বামীৰে মিলি নিজৰ প্ৰফেচনেৰে মানুহক সহায় কৰি অাছে। তাইৰ নিসংগতাৰ উৎপত্তি ঘটিছে যৌনভোকৰ পৰা- কিয়নো একধৰণৰ সংস্কাৰত তাই অাচ্ছন্ন যে বিয়া পতাৰ পাছত যৌনসংগী কেৱল স্বামী। বান্ধৱীগৰাকীৰ দৰে তাই খোলা মেলা নহয়, বৰঞ্চ ভাবুক অাৰু ৰোমাণ্টিক। চটফটীয়া নিমাখিত ডেকা ল'ৰা দেখিলে নিৰ্মালী কামুক নহয় বৰঞ্চ দায়িত্বশীল ভাতৃস্নেহতহে অাচ্ছন্ন হয়, কিন্তু মোহিতও হয়- এই মোহটো এনে লাগে যেন তাই প্ৰেমত ক'ৰবাত বিফল- প্ৰথম দৃশ্যকেইটাত এইটোৱে প্ৰতিফলিত হয়। গোটেই চিনেমাখনতো নিৰ্মালীক এনেধৰণে দেখা পোৱা যায়- দায়িত্বশীল। 'মই তোমাক অাৰু কষ্ট দি থাকিব নুখুজো'- এই সংলাপটো দিব নালাগিলহেঁতেন যদিহে তাই মাংসঅভিযানৰ ওপৰিও অাৰম্ভণীৰে পৰা মনত সমান্তৰালভাৱে তাৰ প্ৰতি জাগি উঠা প্ৰতি তীব্ৰ মোহৰ বশৱৰ্তী যৌনঅাগ্ৰহৰ ইংগিত দেখুৱালে হয়, তেতিয়া হয়তো কাহিনীয়ে বেলেগ হ'ল হয়।
সুমনো ভাবুক অাৰু ৰোমাণ্টিক কিন্তু প্ৰেমত পৰিলে পুৰুষৰ চকুৱে মনত টুকি ৰখা নাৰীৰ জননাংগসমূহ তাৰ মনৰ পৰা অাতৰ হয়- তাৰ ঠাইত বাহ লয় প্ৰেয়সীৰ মুখ, যি প্লেট'নিক প্ৰেমৰ অান এক উপাদান। সি কিছু পৰিমাণে স্পিৰিচুৱেলো- যিদৰে বহুতো জনজাতীয় সমাজে উপাস্য দেৱ- দেৱীৰ মাজত বিলীন হ'বলে নিজৰ শৰীৰৰ ক্ষতিসাধন কৰি অহাৰ প্ৰথা অাছে- সেয়ে ইয়াতো নিৰ্মালী তাৰ বাবে দেৱীস্বৰূপ হৈ পৰিছে। সুমনে নিৰ্মালীৰ স'তে বেছিভাগ অান্তৰিক সময় কটাইছে মাংস খাওতে- সেয়ে তাই মাংস চোবাই চোবাই পৰিতৃপ্ত (নিংসংগতাৰ পৰা এপলক মুক্তি) দৃশ্যটোত সি মুগ্ধ হয়, অাৰু এই মুগ্ধতাই তাৰ কাল হ'ল, অথচ নিৰ্মালীৰ সেই পৰিতৃপ্তিসমূহৰ ভিতৰত লুকাই অাছিল সম্পূৰ্ণ ইৰ'টিক। সুমন যিহেতু নৃতত্বৰ ছাত্ৰ অাৰু সেয়ে সি জ্ঞাত যে নৰমাংস পূৰ্বাপৰধৰি চলি অহা এটা টাবু অাৰু বহু নৃগোষ্ঠীৰ মাজত এতিয়াও ই প্ৰচলিত, অানহাতে বহু লোককথা অাৰু লোকগীততো হয়তো প্ৰেমাস্পদৰ গাৰ মঙহৰ কথা উল্লেখ থাকিব পাৰে যদিও এইসমূহ হয়তো বিষাদ-অতৃপ্তিৰ এটা এক্সপ্ৰেচন- ''মই তোমাৰ প্ৰেমত পৰিছো, মোক যি মন যায় কৰা'। অানকি নিজৰ হাত ব্লেডেৰে কাটি প্ৰেমাস্পদৰ নাম লিখাও অামি পাই অাহিছো। সুমনে নিজৰ মঙহ খুওৱাৰ পৰ্বটো অাহে সি নিৰ্মালীৰ থুতৰিত লাগি থকা মাংসকণ এৰুৱাবলে যাওতে তাই তাৰ স্পৰ্শানুভূতিৰ প্ৰতি নাৰ্ভাছ হৈ উঠাৰ পাছত- সি লগালগ ভাবি উঠে পাৰস্পৰিক শাৰীৰিক স্পৰ্শতকৈও প্ৰেমত শৰীৰকেন্দ্ৰিক চৰ্চাতকৈ অাৰু কি কৰিব পাৰি? সেয়ে তাৰ খেয়ালী মনটোৱে এটা এক্সপেৰিমেণ্ট চলাবলে মন গ'ল- প্ৰেম মানে একধৰণৰ অাৱেগিক অাৰু সুৰক্ষিত শৰীৰচৰ্চা, কিন্তু নিৰ্মালীৰ শৰীৰতকৈ তাৰ নিজৰ শৰীৰটোৰ প্ৰতিহে সচেতন হয়- নিৰ্মালীয়ে কাটা চামুচেৰে মাংস চোবাই থাকোতে তালে নিক্ষেপ কৰা যি পৰিতৃপ্তিৰ চাৱনি- সেই চাৱনিত ব্যাহত হোৱা তাইৰ নিঃসংগতাবোধে তাক অৰ্গাজমতকৈও এটা সৰগীয় অানন্দ প্ৰদান কৰে অাৰু তেনেকৈয়ে এক্সপেৰিমেণ্টৰ ধাৰণা এটা মনলে অাহে যে- মই নিজৰ গাৰ মঙহ খুৱাই তেওক সুখী কৰিম!
যেতিয়া নিৰ্মালীয়ে তাক তাইৰো ভৰিৰ মঙহ কাটি তাক খুৱায় অাৰু সি উকালি দিয়ে- সেই দৃশ্যটোত নিৰ্মালী অত্যধিক নিঃসংগ হয়। তাৰ মঙহ খাই নিৰ্মালী ভিতৰি হেন্দোলিত অথচ সি বমিয়াইছে- কাৰণ নিৰ্মালী নাৰী অাৰু সুমন পুৰুষ। এইটো নহয় যে নাৰীয়ে নৰমাংস খাব পাৰে, নৰমাংসও এবিধ মাংসই, কিন্তু human flesh অাৰু নাৰীৰ মাজত সম্পৰ্ক অাছে- কিয়নো নাৰীৰ এটা গৰ্ভ থাকে য'ত বীৰ্যই মাংসপিণ্ড অাৰু শেষত জীৱৰ ৰূপ অাৰু সঞ্চাৰিত হৈ জন্ম হয়। নাৰীৰ শাৰীৰিক অাহাৰগ্ৰহণৰ ৰন্ধ্ৰ দুটা- কিন্তু পুৰুষৰ কেৱল মুখখন (sedomy বাদ দি) । নাৰীয়ে যিহেতু পেটত মাহ মাহ ধৰি নিটোলকৈ জীৱ ধাৰণ তথা জন্ম দিয়ে- সেয়ে চিনেমাখনৰ ফেণ্টাছিমতে (য'ত লিংগসমতাৰ দৰে সামাজিক বিষয়সমূহ গৌণ) জীৱৰ মাংস সোৱাদ লোৱাটো বিশেষ একো ডাঙৰ কথা নহয়, ডাঙৰ কথা হৈছে সুমনৰ প্ৰতি থকা তাইৰ দায়িত্ববোধ। ইয়াত সুমনে প্ৰদান কৰিছে- সিমানৰ পাছতো সি নিজৰ পেনিছ কাটি দিয়াৰ কথা ভবা নাই- অাচৰিত, নিৰ্মালীয়ে গ্ৰহণ কৰিছে- সিমানৰ পাছতো তাই সুমনৰ পেনিছ ভজা অাশা কৰা নাই কিয়নো তাই অান এক সোৱাদ পাই গৈছে- যেন যিকোনো মাংসই তাই সুমনৰ হাতেৰেহে সোৱাদ পাইছে- সুমনে অাৱিষ্কাৰ কৰিছে এখন সম্পূৰ্ণ উলোটা জগত অাৰু সুমনক কৈ উঠিছে- দিয়া মোক অাৰু দিয়া। কিন্তু সুমনৰ সৰু সৰু টুকুৰাবোৰে তাইৰ মন অাৰু পেট নভৰে অৰ্থাৎ সুমনক তাই গোটে গোটে খাব খোজে- কাৰণ এনেধৰণে তাই সুমনৰ মাজত অাচ্ছন্ন হৈ পৰিছে কিন্তু এইখিনিতে অাহি পৰিছে দায়িত্ববোধ অাৰু মৰেলিটী- সুমন বহুত সৰু ল'ৰা, তাই ডাঙৰ। সুমন প্ৰেমত ব্যৰ্থ হৈছে কাৰণ তাই তাক অাৰু খাব খোজা নাই। কিন্তু সুমনে তাইক এনেকুৱা এটা পৰিতৃপ্তিৰে উন্মাদ কৰি তুলিছে যে সুমনেই তাইৰ এই ক্ষেত্ৰত একমাত্ৰ ভৰসা। পৰকীয়া এফেয়াৰত বান্ধৱীগৰাকী গৰ্ভৱতী হৈছে অাৰু নিৰ্মালী নৰখাদক। দা ইণ্ডৰ যিটো দৃশ্য- সেইটো অাশাপ্ৰদ- কিয়নো স্পৰ্শবিহিন প্ৰেমত এনেকুৱাই হয়তো হ'ব পাৰে। চেক্স কৰাটো মানুহৰ অাটাইতকৈ অাদিম সম্পত্তি, ঠিক তেনেকৈ মানুহৰ মাংস খোৱাটোও।
কাহিনীটো অাচলতে এটা ঘটনা- নিউজ চেনেল কপাই তোলা। চহৰখনৰ বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ অাৰু এগৰাকী চিকিৎসকৰ চাঞ্চল্যকৰ কাণ্ড- অাৰু সেয়ে ঘটনাটো চিনেমাখনত বাস্তৱ অাৰু বাস্তৱতো বাস্তৱ হ'ব পাৰে। যিহেতু এইধৰণৰ চিনেমা কৰাৰ সামাজিক অনুমতি অামাৰ ইয়াত নাই অাৰু অসমীয়া চিনেমা বুলিলেই অাবাল বৃদ্ধ বণিতাৰ পৰা কোলাৰ কেঁচুৱালৈকে চোৱাৰ প্ৰৱণতা এতিয়াও অাছে- সেয়ে চিনেমাখনত প্ৰকৃত ঘটনাটোৱে হ'ব পাৰিল হয় মনেসজা এটা ভাৰ্চুৱেল ফেণ্টাছি। হেণ্ডচাম এলিয়াছদাৰ ভূমিকা চিনেমাখনত মূলতঃ dull- যিহেতু চিনেমাখনত দেখুৱামতে সুমনৰ সি একমাত্ৰ বিশ্বস্ত মানুহ অাৰু এই অস্বাভাৱিক প্ৰৱণতাক অাৰম্ভণীতেই বাধা দিয়াটোহে বাস্তৱিক অাছিল।
মূলতঃ এনেধৰণৰ চিনেমা এনেধৰণৰ হ'লে ভাল নালাগে। ব্লেকৰ পৰা হোৱাইটলে জাঁপ, অাকৌ হোৱাইটৰ পৰা ব্লেকলে জাঁপ মৰা ফুৰা যেন লাগিল। এইবোৰ মানুহৰ মনৰ কোঠালিৰ ভিতৰৰ কোঠাৰ বিশ্বজনীন বিষয়, মানুহৰ মুখৰ অভিব্যক্তি অধ্যয়নৰ বিষয়। অাউটডোৰ জগতখন ইয়াত গৌণ। তাতকৈ বব গেলড'ফৰ 'দা ভেজিটেৰিয়ান অৱ লাভ' এলবামটোকে শুনি সময় পাৰ কৰিব পৰা।
Originally published on:
No comments:
Post a Comment