কিছুমান মৌলিক প্ৰশ্নৰ সন্মুখীন কৰাই দিছে: Wazid

'আমিষ' (spoiler alert!)

নৈতিকতা, ভাল-বেয়াৰ সংজ্ঞা, সাংস্কৃতিক মূল্যবোধ - এই আটাইবোৰ সামাজিকভাৱে নিৰ্মিত (socially constructed)। এই বিভিন্ন সামাজিক নিৰ্মিতিসমূহ আমাৰে সামাজিক সংৰচনাৰ (social structure) মাজত গঠিত, যিয়ে নিৰন্তৰ অৱদমনেৰে আমাক, আমাৰ কাৰ্যকলাপক, বোধ আৰু তাৰ সামাজিক উপস্থাপনাক নিয়ন্ত্ৰণ কৰে। এই 'নিয়ন্ৰণ'ৰ মাজেৰে আমি আমাৰ পৰা আকাংক্ষিত (expected) প্ৰচলিত 'সামাজিক ভূমিকা' পালন কৰো, আৰু সামাজিক (তথাকথিত 'ভাল') স্বীকৃতি পাঁও। ইয়াৰ বিপৰীতে, সামাজিক অৱদমন অগ্ৰাহ্যৰে আকাংক্ষিত ভূমিকাক নস্যাৎ কৰি (যিটো সহজ নহয়, একেবাৰে) আমি চিনাক্ত হৈ পৰো 'অসামাজিক' ('বেয়া') ৰূপে। আমিষৰ শেষ দৃশ্যত মূল চৰিত্ৰ দুটাই প্ৰত্যাশিত সামাজিক ভূমিকাক নস্যাৎ কৰাৰ ফলস্বৰূপে চিত্ৰিত হৈছে 'নৰখাদক/কদৰ্য' দুটি অসামাজিক প্ৰাণীস্বৰূপে। ইয়াতে 'নৰমাংস' ভক্ষণেৰে সামাজিক বান্ধোনৰ তীব্ৰতাক চৰিত্ৰ দুটিৰ এক প্ৰত্যাহ্বান হিচাপে চাব পাৰি। অৱশ্যেই ই subjective, সকলোৰে বাবে ইয়াৰ বিশ্লেষণ ভিন্ন হ'ব। সেয়েহে বহুতৰ বাবে 'কদৰ্য' যেন লগা এই দৃশ্য অন্যসকলৰ বাবে সাধাৰণ, কোনো ধৰণৰ অসুবিধাৰ অবিহনে সহজে হজম কৰিব পৰা ধৰণৰ। এইখিনিতে, আমাৰ ধাৰণাসমূহৰ নিৰ্মাণ কেনেকৈ হয় সেয়াও বিচাৰযোগ্য।
আমিষ মূলত এই সামাজিক অৱদমন আৰু এই অৱদমনেৰে পৰিচালিত আমাৰ ব্যক্তিগত আৰু সামাজিক ভূমিকা (personal and public) আৰু ইহতঁৰ আন্তঃসম্পৰ্ক আৰু অন্তৰ্দ্বন্দৰ কাহিনী।
ভিন্ন দৃশ্যত মূল চৰিত্ৰ দুটাই ইজনে সিজনৰ আঙুলি স্পৰ্শ কৰিবলৈ লৈও বাৰে বাৰে ৰৈ যোৱা, - ই সেই তীব্ৰ সামাজিক অৱদমন আৰু ইয়াৰ দ্বাৰা সৃষ্ট নৈতিকতা, ভাল-বেয়া ইত্যাদি ব্যক্তিগত অন্তৰ্দ্বন্দৰ চিত্ৰণ। লাহে লাহে গঢ় ল'বলৈ আৰম্ভ কৰা মূল চৰিত্ৰ দুটাৰ মাজৰ সম্পৰ্ক আৰু ইয়াৰ মাজে মাজে চিনেমাখনত বাৰে বাৰে উচ্চাৰিত হোৱা 'পৰকীয়া প্ৰেম'ৰ উল্লেখ তথা খাদ্যৰ (মূলত মাংস) ভৌগোলিক, সাংস্কৃতিক প্ৰেক্ষাপট অনুসৰি normal আৰু abnormal ধাৰণাৰ প্ৰকাশে আমিষৰ মূল বক্তব্যক স্পষ্ট কৰিছে। এইখিনিতে আমিষে 'অসমীয়া চিনেমা'ৰ ভৌগোলিক আৰু সাংস্কৃতিক পৰিসৰৰ পৰা মুক্ত হ'ব পাৰিছে আৰু কেৱল চিনেমা (শিল্প) হিচাপে ধৰা দিছে। আমিষৰ প্ৰথম সফলতা এইয়াই।
দ্বিতীয়তে, আমিষে যদি দৰ্শকক অস্বস্তিত পেলাব পাৰিছে, দৰ্শকক comfort zoneৰ পৰা উলিয়াই আনি প্ৰশ্নৰ সন্মুখীন কৰাব পাৰিছে তেন্তে সেয়া ইয়াৰ দ্বিতীয়টো সফলতা।
অন্তিম দৃশ্যত যেতিয়া ৰাইজৰ আগত, 'অপৰাধী' হিচাপে চিন্থিত হৈ (বেকগ্ৰাউণ্ডত ৰিপৰ্টাৰ কেইগৰাকীৰ ভাষ্য বিশেষভাৱে উল্লেখযোগ্য) মূল চৰিত্ৰ দুটাই অৱশেষত ইজনে সিজনৰ হাতদুখন স্পৰ্শ কৰে, ই সেই তীব্ৰ সামাজিক অৱদমনক জনোৱা প্ৰত্যাহ্বান স্বৰূপে এটা অতি শক্তিশালী দৃশ্য (ফ্ৰেম) হৈ ৰৈ যায় দৰ্শকৰ মনত।
আমিষ চাই ভাল পোৱা অথবা বেয়া পোৱা, ই বিভৎস নে অন্য কিবা - এইবোৰ দৰ্শক অনুযায়ী ভিন্ন। সেয়া মূল বিষয় নহয়। কিন্তু আমিষ এখন গুৰুত্বপূৰ্ণ চিনেমা, কাৰণ ই আপোনাৰ মোৰ প্ৰচলিত ধাৰণাত এটা কোব শোধাইছে আৰু আমাক কিছুমান মৌলিক প্ৰশ্নৰ সন্মুখীন কৰাই দিছে (ইয়াত নৰমাংস ভক্ষণৰ কথা কোৱা হোৱা নাই!)।

No comments:

Post a Comment

Obsession, আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াঃ : Bikash Dutta

  Obsession, আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াঃ "an idea or thought that continually preoccupies or intrudes on a person's mind." গুগল কৰ...