এখন অসাধাৰণ চিনেমা: Deepankar Borgohain

"#আমিষ" - এখন কস্মিন আৰু অদ্বিতীয় চিনেমা । (দৰ্শকৰ দৃষ্টিৰে এক পৰ্য্যালোচনা)
পেটৰ ভোক নিবাৰণৰ বাবে যেনেকৈ খাদ্যৰ অতি প্ৰয়োজন, ঠিক সেইদৰে এখন ভাল চিনেমাই মানসিক ক্ষুধা নিবাৰণৰ লগতে মস্তিষ্কৰ উৎকৰ্ষ সাধন কৰে । 💡
সঁচা অৰ্থত 'আমিষ' এখন অসাধাৰণ চিনেমা আৰু বৰ্তমানলৈকে চোৱা এই খনেই হয়তো প্ৰথমখন চিনেমা য'ত এক অনুভৱ কৰা গ'ল ব্যতিক্ৰমী, কল্পনাতীত শিহৰণৰ উপলব্ধি ।
এক অভিমুখী পৰিকল্পনাৰে যি বিষয়বস্তুকলৈ চিনেমাখন বনোৱা হৈছে, তাক নিজে নাচালে কেতিয়াও জীৱনত কল্পনাও কৰিব নোৱাৰি যে চিনেমাখনৰ ধাৰণাটো ।
'আমিষ' চাই সঁচাকৈয়ে '#ভোকবাঢ়িছে' আৰু মগজুত উপলদ্ধি কৰা চিনেমাখনৰ সোৱাদ এক এৰাব নোৱাৰা অভিজ্ঞতা ।
প্ৰথিতযশা সাহিত্যিক শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি দেৱে স্বনামধন্য শিল্পী শোভা ব্ৰহ্মৰ প্ৰসঙ্গত কৈছিল যে, "শোভা ব্ৰহ্মৰ ছবিবোৰ ভয়ঙ্কৰভাৱে সুন্দৰ"; আৰু সেই একেই উপলদ্ধি আমি 'আমিষ'ত বিচাৰি পাইছিলো । সচৰাচৰ সমাজৰ প্ৰচলিত প্ৰণালীবোৰ কিছু সময়ৰ বাবে বন্ধ কৰি দিছিল নিৰ্মালি আৰু সুমনৰ চৰিত্ৰৰ মাজেদি এখন কল্পনাতীত চিনেমাই । নবাগত নিৰ্মালি (#লিমাদাস) আৰু সুমন (#অৰ্ঘ্যদ্বীপবৰুৱা) অভিনয় একেবাৰে স্বাভাৱিক আৰু এক নতুনত্বৰ পৰিচয় দিয়ে ।
দৰ্শকক সংলাপত চিনেমাখনৰ গতিশীলতা বিচাৰি ফুৰিবলৈ পৰিচালকে নিদি, অভিনয়ৰ অভিব্যক্তি (expression), চিনেমাটোগ্ৰাফী, আন্ধাৰ আৰু পোহৰৰ ঐশ্বৰিক মিলন, আৱহ-সংগীতৰ এখন ব্যতিক্ৰমী চিনেমা চোৱাৰ সোৱাদ জীৱনৰ এক পৰিতৃপ্তি (contentment) ।
পৰিচালক হিচাপে #ভাস্কৰহাজৰিকাই পুনৰবাৰ প্রমাণ কৰি দিলে যে, এখন সবল চিত্ৰনাট্যৰ জৰিয়তে উন্নত কাৰিকৰী দিশ, চাচপেঞ্চৰ সুমধুৰ সমাহাৰৰ মাজেৰে এক সর্বাংগসুন্দৰ আৰু বিশ্বস্তৰীয় চিনেমা দৰ্শকক উপহাৰ দিয়াৰ বাবে পৰিচালককে সাঙুৰিলৈ 'আমিষ'ৰ সকলো ক'লা-কৌশলীলৈ অভিনন্দন জ্ঞাপন কৰিছো ।

Originally published on Facebook: 

No comments:

Post a Comment

Obsession, আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াঃ : Bikash Dutta

  Obsession, আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াঃ "an idea or thought that continually preoccupies or intrudes on a person's mind." গুগল কৰ...