Obsession, আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াঃ : Bikash Dutta

 Obsession, আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াঃ

"an idea or thought that continually preoccupies or intrudes on a person's mind." গুগল কৰোঁতে Obsession শব্দটোৰ অৰ্থটো এইধৰণে দেখিলোঁ‌। হয়তো বহুবাৰ এই শব্দটো বাস্তৱ জীৱনত নিজেও ব্যৱহাৰ কৰিছো। আচলতে কোনোধৰণৰ বস্তুৰ প্ৰতি থকা এক আসক্তি, বা এক অৰ্থত অতিমাত্ৰা আসক্তি বা নিচাকেই Obsession বুলি ক'ব পাৰি। Obsession য়ে এজন মানুহৰ মানসিক স্বাস্থ্যৰ লগতে শাৰীৰিক স্বাস্থ্যটো প্ৰভাৱ পেলাই।
Psychological Thriller বিষয়ক চিনেমা সময়ে সময়ে বহুতে নিৰ্মাণ কৰিছে। কিছুসংখ্যক পৰিচালকে এই বিষয়বস্তুটোৰ ওপৰত নিৰ্মাণ কৰা ছবিসমূহক চিত্ৰানাট্যৰ জৰিয়তে এখন ভৌতিক চলচ্চিত্ৰলৈও ৰূপান্তৰিত কৰিছে। যদি বলিউদত চাওঁ‌ তেন্তে প্ৰথমেই মোৰ ২০১২ চনৰ ৰিমা কাগতীৰ পৰিচালনা আৰু আমিৰ খান, ৰাণী মুখাৰ্জী, কৰিণা কাপুৰ অভিনীত Talaash ছবিখনৰ কথা মনলৈ আহে। এটা সাধাৰণ হত্যাৰ উৎস বিচাৰি নিজকে গভীৰৰ পৰা গভীৰলৈ লৈ যায় এগৰাকী আৰক্ষী বিষয়াই, আৰু তাৰ পিছত নিজৰ মৃত সন্তানৰ স্মৃতিৰে জৰ্জৰিত হৈ এগৰাকী বেশ্যাৰ লগত চিনাকী হয়। লাহে লাহে সেই বেশ্যাৰ সৈতে তেওঁৰ এক আৱেগিক সম্পৰ্ক গঢ়ি উঠে আৰু শেষত দৰ্শকে আৱিষ্কাৰ কৰে যে সেই বেশ্যাজনী প্ৰকৃততে এটা অশৰীৰী আত্মাহে! এতিয়া Talaash ৰ কাহিনী চিত্ৰনাট্যত অকণমান আসোঁৱাহ নথকা নহয় কিন্তু পৰিচালক ৰিমা কাগতীয়ে ছবিখনত এটা পৰিৱেশ গঢ় দিছে যিয়ে সেই Mystery Thriller ৰ Genre টোক ধুনীয়াকৈ Justify কৰে। তেতিয়া দৰ্শক হিচাপে আমি কওঁ, "অ' এনেধৰণৰ লোক কথাসমূহ আমাৰ গাঁ‌ৱে ভূঞে আকি শুনিব পায়েই থাকো।" আৰু সেই সময়ত আমি কওঁ‌, "অ' ছবিখন ভাল হৈছে।" এইক্ষেত্ৰত মই Talaash ৰ কথা কোৱাৰ এটা কাৰণ হ'ল ছবিখন এখন Mainstream Movie, আৰু ক'বলৈ গ'লে ছবিখন চাব পাৰি বিনাদ্বিধাই।
আচলতে যিবোৰ ছবিৰ কাহিনীক আমি নিজৰ জীৱনৰ সৈতে মিলাই চাব পাৰোঁ‌, Relate কৰিব পাৰো, সেই ছবিবোৰেই আমাৰ প্ৰিয়। একেদৰে ছবিজগতত এনেকুৱা বহুকেইজন বিখ্যাত ছবি নিৰ্মাতা আছে যিসকলে দৰ্শকক সেই অনন্য সোৱাদ দিব পাৰে যাৰ বাবে দৰ্শকে তেওঁলোকৰ ছবিসমূহ নোচোৱাকৈ নাথাকে। এইক্ষেত্ৰত প্ৰথমতেই নাম ক'ব লাগিব ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰ আৰু জাহ্নু বৰুৱা ছাৰৰ। বহুকেইখন কালজয়ী ছবি তেখেতে নিৰ্মাণ কৰিছে যদিও শইকীয়া ছাৰৰ ছবিসমূহৰ ভিতৰত মোৰ অন্যতম প্ৰিয় ছবি হ'ল "অনিৰ্বাণ"। এগৰাকী ষোড়শী যুৱতীয়ে অসমীয়া সমাজ ব্যৱস্থাত কিদৰে নিজৰ দেহৰ বৰণ, সৌন্দৰ্য আদিৰ বাবে নিজৰ বান্ধৱীৰ বিপক্ষে এক জেদী মনোভাৱ গঢ়ি তোলে, কিদৰে প্ৰেমৰ প্ৰতি আসক্ত হয় ইত্যাদিক ৮০ ৰ দশকতেই ৰূপালী পৰ্দাত দাঙি ধৰিছিল শইকীয়া ছাৰে, আৰু এইখিনিক আমি নিজৰ সৈতে ৰিজাই চালে বহুতো সাদৃশ্য দেখিবলৈ পাওঁ‌। একেদৰে শইকীয়া ছাৰে "আৱৰ্তন"ত ভ্ৰাম্যমাণ থিয়েটাৰৰ ভিতৰচ'ৰাক দেখুৱাইছে। আকৌ জাহ্নু বৰুৱা ছাৰৰ "হালধীয়া চৰাইয়ে বাওধান খাই", "ফিৰিঙতি", "কণিকাৰ ৰামধেনু", "সাগৰলৈ বহুদূৰ" আদি, এই আটাইবোৰ বাস্তৱধৰ্মী ছবি যাৰ দ্বাৰা আমি আমাৰ চাৰিওফালৰ পৰিৱেশৰ সৈতে সাদৃশ্য প্ৰত্যক্ষ কৰোঁ‌। সেইবাবে এই ছবিসমূহ আমাৰ মনৰ পৰা কেতিয়াও আঁ‌তৰি নাযায়।
যোৱাতো দশকত অসমীয়া ছবিজগতত আমি এক নতুন ধৰণৰ ট্ৰেণ্ড দেখিব পাইছো। অৱশ্যে এক মিশ্ৰিত অনুভৱ বুলিও ক'ব পাৰি। বিগ বাজেটৰ ছবিৰ লগতে কাৰিকৰী ক্ষেত্ৰতো ছবি জগতৰ উত্তৰণ আমি দেখিবলৈ পাইছো। Freelencer দিশত কাম কৰি থকা বহুতো প্ৰতিভাশালী কলা-কুশলীসকল (গায়ক, অভিনেতা, অভিনেত্ৰী, পৰিচালক, চিত্ৰনাট্যকাৰ, গল্পকাৰ, গীতিকাৰ সকল) য়ে বিভিন্ন দিশত নিজৰ নিজৰ প্ৰতিভাসমূহ দাঙি ধৰিছে। কিন্তু ইয়াৰ ভিতৰত যিয়ে মোক বাৰুকৈয়ে প্ৰভাৱিত কৰিলে সেইজন হ'ল ভাস্কৰ হাজৰিকা দা।
২০১৪ ৰ "কথানদী" প্ৰথমবাৰ চাওঁ‌তে মোৰ বিশেষ এক ভাৱ অহা নাছিল। অ', ছবিখন ভাল লাগিল আৰু চিত্ৰগ্ৰহণ, সম্পাদনা ভাল বুলিয়েই ভাৱি ভাল লগা বুলি কৈ থ'লো। আচলতে ৰসৰাজৰ লোক কথা মূলক গল্পসমূহ কিতাপৰ পাতত পঢ়ি আমি সৰুতে বৰ ভাল পাইছিলো। সেয়েহে ৰূপালী পৰ্দাত দেখিবলৈ পাই আৰু ভাল লাগিল। কিন্তু শৈশৱৰ মধুৰ স্মৃতিক ভাস্কৰ দাই এখন ডাৰ্ক, থ্ৰীলাৰ ছবিলৈ যিদৰে ৰূপান্তৰ কৰিলে, তাৰ বাবে তেওঁ প্ৰশংসাৰ যোগ্য। আচলতে ৬ বছৰ পিছত মই আৰু সেইবিষয়ে নক'লেও হ'ব। কিন্তু তেখেতৰ শেহতীয়া ছবি "আমিষ" এক সম্পূৰ্ণ ব্যতিক্ৰমধৰ্মী ছবি। কিয়?? কাৰণ বহুকেইটা আছে।
আদিকালত আমি সকলোৱেই একো একোজন জন্তু আছিলো। অৱশ্যে "আমিষ"ত এইবিষয়ে কোৱাৰ আগতেই প্ৰায় ৫০ বছৰ পূৰ্বে ষ্টেণলি কুব্ৰিকৰ 2001: A Space Odesey ত এটা দৃশ্যাংশ দেখুওৱা হৈছিল। অৱশ্যে দৃশ্যাংশটোত থকা আদিম বন মানুহ এজনৰ মনলিঠ এটাক লৈ মনত যি কৌতূহলৰ উদয় হৈছিল তাকহে দেখুওৱা হৈছিল। কিন্তু তাৰ কিছুসময় পূৰ্বে সেই আদিম মানুহজন, যাৰ উদ্ভৱৰ সময়ত কোনোধৰণৰ সভ্যতাই ঢুকি পোৱা নাছিল, তেতিয়া তাৰ মনত বাস কৰি আছিল সেই জন্তু এটাই। সভ্যতাৰ অভাৱত সেই জন্তুটো পৰিস্ফূত হৈ ওলাই পৰিছিল। কিন্তু বৰ্তমান সময়ত মানৱ সভ্যতাৰ চূড়ান্ত উৎকৰ্ষ সাধন হোৱাৰ বাবে হয়তো পৰিপ্ৰেক্ষিতত আমাৰ মাজত শুই থকা সেই জন্তুটো এতিয়াও শুইয়ে আছে। গতিকে সেই সম্পৰ্কে বিষদভাৱে ভাবিলে আমি ক'ব পাৰো, যিমান যি কৰিলেও আমি এটা জন্তু, আৰু এই সভ্যতাৰ যি বসণ আমি ধাৰণ কৰিছো, সেইয়াই অন্য একো নিৰ্দেশ নকৰে, বৰং আমাক কৈ যায় যে আমি এক দ্বৈত ব্যক্তিত্বৰে জীয়াই আছো। ভাস্কৰ দাই "আমিষ"ত এটা নতুন পৰীক্ষা চলাইছে। ড° নিৰ্মালী শইকীয়াৰ সভ্য আৰু আধুনিক নাৰী এগৰাকী আৰু সুমন বৰুৱাৰ দৰে এগৰাকী তেজোদ্দীপ্ত গৱেষণা কৰি থকা যুৱকৰ মাজৰ যি সম্পৰ্ক দেখুওৱা হৈছে সেইয়া সম্পূৰ্ণ পৃথক।
ভালপোৱা বিভিন্ন ধৰণৰ হ'ব পাৰে। গিয়াৰ্মো ডেল ট'ৰ'ই The Shape of Water ত ইয়াক অতি সুন্দৰকৈ দেখুওৱাইছে। আকৌ ইমটিয়াজ আলিয়ে Highway ত অন্য এক ধৰণেৰে উপস্থাপন কৰিছে ভালপোৱাক। কিন্তু ভাস্কৰ দাৰ "আমিষ"ত ভালপোৱাৰ এক অন্য ৰূপ দেখুওৱা হৈছে। ছবিখনৰ এটা দৃশ্যত সুমন আৰু নিৰ্মালীয়ে বাদুলি মাংস ভক্ষণ কৰে, আৰু তেতিয়া নিৰ্মালী শাৰীৰিকভাৱে অসহজ হৈ পৰে। আৰু লগে লগে ভাস্কৰ দাই দৃশ্যটো কাট কৰে আৰু তাৰ পিছতেই গাড়ীৰ ভিতৰত দেখুৱাই। সুমন আৰু নিৰ্মালীয়ে ওভতি থকাৰ দৃশ্য। সুমনে গাড়ী চলাই আছে আৰু কাষত নিৰ্মালী বহি আছে। এক দৃশ্যটো সম্পূৰ্ণ সংলাপবিহীন। কেৱল দুয়োৰে মুখত হাঁ‌হি নাই আৰু আৰু দুয়োজনৰে চকুত এক অস্থিৰ দৃষ্টি, দুয়ো সমুখৰ ফালে চাই আছে। তাৰ পিছৰ দৃশ্যটোত নিৰ্মালী ঘৰৰ কলিং বেল বজোৱা দেখুৱাই। স্বামী দিলীপে দৰ্জাখন খোলে আৰু নিৰ্মালীয়ে কামোত্তেজনাত দিলীপক চুম্বন কৰে। কিন্তু সেই সময়তে নিৰ্মালী ৰৈ দিয়ে আৰু দিলীপৰ ওচৰৰ পৰা গুছি যায়। গতিকে এইক্ষেত্ৰত আমি নিৰ্মালীৰ মনৰ অস্থিৰ অৱস্থাটোক প্ৰত্যক্ষ কৰো। নিৰ্মালী এগৰাকী বিবাহিতা আৰু সেইবাবে তেওঁ নিজৰ কাম উত্তেজক স্বভাৱটোক সুমনৰ আগত নেদেখুৱালে। অথচ সেই সময়ত সুমন একমাত্ৰ পুৰুষ আছিল নিৰ্মালীৰ ওচৰত। এইক্ষেত্ৰত মানুহ আৰু জন্তুৰ প্ৰভেদ আমি লক্ষ্য কৰোঁ। যে, মানুহে কেতিয়াও নিজৰ ভিতৰত শুই থকা পশুটোক বাহিৰলৈ সহজে আহিব নিদিয়ে।
আকৌ সুমনৰ বেলিকা আৰু এক বিষয়বস্তু লক্ষ্য কৰিব পাৰি। সুমনে নিৰ্মালীক ভাল পাই। ইমানেই ভাল পাই যে দুয়ো হাজাৰ বাৰ ওচৰত থকাৰ পিছতো সি নিৰ্মালীক নুচুৱে। আচলতে সুমনৰ মনত নিৰ্মালীৰ প্ৰতি আছে এক শ্ৰদ্ধা। অথচ নিৰিবিলি পৰিৱেশত সুমনো এগৰাকী পশুৰ দৰে হৈ পৰে, সেইবাবেই হয়তো নিজৰ গাৰ মাংস কাটি সি নিৰ্মালীক খুৱাই। একেদৰে নিৰ্মালীৰ বান্ধৱী, জুমিয়ে এক বিবাহ বহিৰ্ভূত সম্পৰ্ক স্থাপন কৰিছে এগৰাকী যুবকৰ সৈতে। সেই সময়ত জুমিৰ কাম উত্তেজনাও প্ৰকাশ পাই নিৰ্মালী সৈতে কথা পাতি থাকোতে, য'ত এডী (জুমিৰ বয়ফ্ৰেণ্ড) ৰ সন্দৰ্ভত জুমিয়ে তাৰ শাৰীৰিক অৱয়ৱৰ কথা কৈ থাকে। আকৌ সুমনে যেতিয়া ইলিয়াৱহৰ সৈতে তাৰ হোষ্টেলত যায় তেতিয়া এগৰাকী অন্য ছোৱালীয়ে সুমনৰ ওচৰত আহি একেধৰণৰ কিছুমান ইংগিত দিয়ে। এই আটাইবোৰক আচলতে আমি এক অন্য ধৰণেৰে চাব পাৰো। সেইয়া হ'ল Obsession, নিচা। সুমন আৰু নিৰ্মালীৰ মাজৰ সম্পৰ্কটোক প্ৰথমতে এক অন্য ধৰণেৰে উপস্থাপন কৰা হৈছে যদিও লাহে লাহে ছবিখন আগবঢ়াত আৰু যেতিয়া সুমনে নিজৰ মাংস কাটি নিৰ্মালীক খুৱাই তেতিয়াৰে পৰা নিৰ্মালীৰ ব্যক্তিত্ব সম্পূৰ্ণৰূপে সলনি হোৱা দেখা যায়। মনৰ ভিতৰত শুই থকা জন্তুটোৱে যেন সাৰ পাই আৰু দিনে দিনে এগৰাকী নৰখাদক হিচাপে নিৰ্মালী সলনি হৈ গৈ থাকে। এইটো আচকতে এক নিচা, নে অন্য কিবা সেইয়া দৰ্শক হিচাপে আপুনি উপলব্ধি কৰিব নোৱাৰে বা মানি ল'ব নোৱাৰে, কিন্তু ভাস্কৰ দাই যিধৰণে ছবিখনৰ চিত্ৰনাট্য গঢ় দিছে আৰু ছবিখন চলাই লৈ গৈছে, সেইক্ষেত্ৰত আমি ছবিখনৰ মূল বিষয়বস্তুক নুই কৰিব নোৱাৰো। আমি ভাবিবলৈ বাধ্য হওঁ‌, যে আমাৰ মাজতো এনেকুৱা এটা Obsession আছে নেকি! আৰু সেইবাবেই "আমিষ"ৰ বাবে ভাস্কৰ হাজৰিকা দা প্ৰশংসাৰ পাত্ৰ। যিবোৰ ছবি পৰিচালকে নিজৰ ছবি আৰু ইয়াৰ চৰিত্ৰৰ উপস্থাপনেৰে দৰ্শকৰ মনত চিন্তাৰ খোৰাক আনি দিব পাৰে, সেই ছবিসমূহে সফল ছবি।
"আমিষ"ৰ কাৰিকৰী দিশত চালে নিৰ্মালীৰ চৰিত্ৰত লিমা দাস আৰু সুমনৰ চৰিত্ৰত অৰ্ঘ্যদীপ বৰুৱাৰ অভিনয় ভাল। যদিও মাজে মাজে কিছুমান দৃশ্যত বাস্তৱবাদী অভিনয়ৰ অভাৱ আছে তথাপিও বেছি পৰীক্ষা নিৰীক্ষা নকৰি চিত্ৰনাট্যৰ সৈতে সামঞ্জস্য ৰাখি দুয়োগৰাকী শিল্পীয়েই ভাল অভিনয় কৰিছে। তদুপৰি চিত্ৰগ্ৰহণো ধুনীয়া, কিছুমান দৃশ্যত Shaky কেমেৰা এংগলেৰে পৰিৱেশটোৰ অস্থিৰতাক দাঙি ধৰিছে চিত্ৰগ্ৰহণকাৰী ৰিজু দাসে। কুৱান বে'ৰ সংগীত খুবেই শ্ৰুতিমধুৰ। পিয়ানোৰ সুন্দৰ শব্দসজ্জাই "আমিষ" যে এখন ব্যতিক্ৰমী ৰোমান্টিক ছবি সেইয়া সুন্দৰকৈ ফুটাই তুলিছে।
অৱশেষত আমি ক'ব পাৰো যে "আমিষ" এখন Romantic Thriller cum Experimental Drama। কাৰণ "আমিষ" আৱেগ, প্ৰেম, ভালপোৱাৰ পৰা খাদ্যাভ্যাস আৰু লাহে লাহে মানৱ সভ্যতাৰ পশুত্ব আৰু হত্যাকাৰী স্বভাৱৰ উপস্থাপন। কাহিনী চিত্ৰনাট্যৰ গভীৰতা আৰু ভাস্কৰ দাৰ সুক্ষ্ম পৰিচালনাই "আমিষ"ক এক ব্যতিক্ৰমধৰ্মী ছবিৰ শাৰীত অধিস্থিত কৰাইছে। কিদৰে মানুহে নিজৰ মাজত এটা পশু কঢ়িয়াই লৈ ফুৰে তাৰ বলিষ্ঠ প্ৰকাশ হৈছে "আমিষ"ত। কিন্তু পশুত্ব জীয়াই থকাৰ পিছতো মানুহ যে বিবেকহীন নহয় সেইয়াও ফুটি উঠিছে "আমিষ"ত। সেইবাবেই হয়তো নিজৰ বাস্তৱক ধ্বংস কৰি অৱশেষত পূৰ্ণতা লাভ কৰে সুমন আৰু নিৰ্মালীৰ ভালপোৱাই। কোনোদিন নিৰ্মালীক স্পৰ্শ নকৰা সুমনে ছবিখনৰ শেষৰতো দৃশ্যত আৰক্ষী চকীত তাইৰ হাতত ধৰে। যেন নিজৰ বাস্তৱ পৃথিৱীৰ পৰা বিদায় লৈ ভালপোৱাৰ পৃথিৱীত অৱতৰণ কৰে দুয়ো। অৰ্থাৎ "আমিষ"ৰ শেষভাগৰ এই দৃশ্যটোৱে আমাক কৈ যায়, ভালপোৱাও এক নিচা বা Obsession!
✍বিকাশ দত্ত, হাজো

https://www.facebook.com/groups/axomiyakothabotora/permalink/3931474836904983/

Obsession, আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াঃ : Bikash Dutta

  Obsession, আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াঃ "an idea or thought that continually preoccupies or intrudes on a person's mind." গুগল কৰ...